--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিচেম্বৰৰ পূৰ্বে ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ নিৰ্বাচনমুখী ৰাজস্থানত বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰি দিছে নিৰ্বাচনী কুচকাৱাজ৷ 

বুধবাৰে কংগ্ৰেছশাসিত ৰাজস্থানত এক জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ভাষণ প্ৰসংগত মোদীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত সেইসময়ৰ প্ৰধানমন্ত্ৰীয়ে ‘মহাশক্তি’ৰ অধীনত কাম কৰিছিল আৰু চৰকাৰে ৰিম’ট কণ্ট্ৰোলৰ জৰিয়তে কাম কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ২০১৪ৰ আগৰ পৰিস্থিতি কি আছিল? দুৰ্নীতিৰ বিৰুদ্ধে জনতা ৰাজপথত আছিল আৰু ডাঙৰ চহৰবোৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল। 

জনসভাত মোদীয়ে পুনৰ কয় যে ভাৰতত কংগ্ৰেছৰ শাসনকালত মহিলাৰ বিৰুদ্ধে অপৰাধ অধিক আছিল আৰু যুৱক-যুৱতীসকল আন্ধাৰত থাকিবলগীয়া হৈছিল৷ তেওঁ কয় যে বিজেপিয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা সমগ্ৰ বিশ্বতে ভাৰতক প্ৰশংসা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ ‘গৰীৱি হটাও আন্দোলন’কো সমালোচনা কৰি কয় যে পুৰণি দলটোৰ গেৰাণ্টি দিয়াৰ পুৰণি অভ্যাস আছে। ৫০ বছৰ পূৰ্বেই কংগ্ৰেছে দেশক ‘গৰীৱি হটাও’ গেৰাণ্টি দিছিল। এইটো আছিল দৰিদ্ৰসকলৰ সৈতে কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকতা। ইয়াৰ উদ্দেশ্য আছিল দৰিদ্ৰ লোকসকলক প্ৰতাৰণা কৰা আৰু ইয়াৰ যাৰফলত ৰাজস্থানৰ লোকসকল ক্ষতিগ্ৰস্ত হৈছে বুলি তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কোভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণৰ বাবে ভাৰতবাসীৰ ওচৰলৈ যাবলৈ কংগ্ৰেছক আৰু ৪০ বছৰ লাগিলহেঁতেন।

ৰেলীৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পুষ্কৰৰ বিখ্যাত ব্ৰহ্মমন্দিৰত প্ৰাৰ্থনা জনায়। আজিৰ জনসভাত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, বসুন্ধৰা ৰাজে আৰু কৈলাস চৌধুৰী আৰু ৰাজস্থানৰ আন বিজেপি নেতাসকলো উপস্থিত থাকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস