--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচন যিমানে চমু চাপিছে, সিমানেই বৃদ্ধি পাইছে জল্পনা-কল্পনা৷ ইমান দিন ধৰি প্ৰশ্ন আছিল, যদি অশোক গেহলট কংগ্ৰেছৰ সভাপতি হয় তেন্তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ পৰিৱৰ্তন হ’ব নেকি? নতুন মুখ্যমন্ত্ৰী কোন হ’ব? মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছৰ সভাপতি বুলি প্ৰায় নিশ্চিত হোৱাৰ পাছত কংগ্ৰেছ হাইকমাণ্ডৰ সন্মুখত নতুন প্ৰশ্নটো হ’ল, মল্লিকাৰ্জুনৰ ঠাইত ৰাজ্যসভাত বিৰোধী দলৰ নেতা কোন হ’ব?

উদয়পুৰ চিন্তন শিবিৰৰ এক ব্যক্তি, এক পদ নীতি অনুসৰি মল্লিকাৰ্জুনে ৰাজ্যসভাৰ বিৰোধী দলপতিৰ পদ ত্যাগ কৰিব লাগিব। আৰু সেই অনুসৰিয়েই আজি খৰ্গেই ৰাজ্যসভাৰ বিৰোধী দলপতি পদ ত্যাগ কৰিছে৷ তেনেক্ষেত্ৰত কংগ্ৰেছ নেতাসকলে বিশ্বাস কৰে যে সভাপতি নিৰ্বাচনী প্ৰেক্ষাপটত মল্লিকাৰ্জুনক দেখি পদত্যাগ কৰা দিগ্বিজয় সিঙৰ নাম এই পদৰ বাবে বিবেচনা কৰা হ’ব পাৰে। অৱশ্যে, পি চিদাম্বৰম, প্ৰমোদ তিৱাৰী, জয়ৰাম ৰমেশৰ দৰে নেতাও ৰাজ্যসভাত আছে। 

সভাপতি হিচাপে আলোচনাত থকা মুকুল ৱাছনিকো ৰাজ্যসভাত আছে। ফলস্বৰূপে, তেওঁকো ভাবিব পাৰি। অৱশ্যে, যিহেতু দলিত নেতা মল্লিকাৰ্জুন কংগ্ৰেছৰ সভাপতি হ’বলৈ সাজু হৈছে, ৱাছনিকক ৰাজ্যসভাৰ বিৰোধী দলপতিৰ পদলৈ ঘূৰাই অনা নহ’বও পাৰে।

খৰ্গেৰ নিকট শিবিৰৰ মতে, সংসদত বিৰোধী দলৰ নেতাৰ পদ কেৱল সংসদৰ অধিৱেশনৰ সময়তহে সক্ৰিয় কৰা হয়। লোকসভাত দলটোৰ নেতা অধীৰ চৌধুৰী পশ্চিম বংগৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি।

আনহাতে, ৮ অক্টোবৰৰ পিছত ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব বুলি কংগ্ৰেছ সূত্ৰই জানিবলৈ দিছে। সেইদিনটো কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। তাৰ আগতে, কংগ্ৰেছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ সৈতে এক নতুন জটিলতা সৃষ্টি কৰিব নিবিচাৰে। প্ৰিয়ংকা গান্ধী ভদ্ৰাই শচীন পাইলটক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। কিন্তু যদি অহা বছৰ ৰাজস্থানৰ নিৰ্বাচনৰ পূৰ্বে গেহলটক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা হয়, তেন্তে দলটোত বিভাজন হ’ব পাৰে।

কংগ্ৰেছৰ সূত্ৰই দাবী কৰিছিল যে হয় গেহলট মুখ্যমন্ত্ৰী হ’ব নতুবা শচীন মুখ্যমন্ত্ৰী হ’ব। অৱশ্যে সিদ্ধান্ত লোৱাৰ পূৰ্বে বিধায়িনী দলৰ এখন বৈঠক পুনৰ আহ্বান কৰা হ’ব আৰু কংগ্ৰেছ সভাপতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়া হ’ব আৰু প্ৰস্তাৱটো গৃহীত কৰা হ’ব।

যোৱা সপ্তাহত প্ৰস্তাৱটো গৃহীত হোৱাৰ আগতে গেহলটৰ অনুগামীসকলে বিদ্ৰোহ কৰিছিল। যদি গেহলটক নিৰ্বাচনলৈকে মুখ্যমন্ত্ৰী হিচাপে ৰখা হয়, শচীন পাইলটক ৰাজ্যিক সভাপতি পদলৈ ঘূৰাই আনিবলৈ চিন্তা কৰিব পাৰে কংগ্ৰেছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ