--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চমু চাপিছে কংগ্ৰেছৰ সভাপতি নিৰ্বাচন৷ শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা৷ সভাপতিৰ দৌৰত আছে শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গে৷ ইতিমধ্যে, প্ৰেক্ষাপটৰ পৰা বাহিৰ হৈছে কে এন ত্ৰিপাঠী৷
ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীৰ আবেদন আজি নাকচ হোৱাৰ পাছত কংগ্ৰেছ দলৰ শীৰ্ষ পদটোৰ বাবে যুঁজ মাত্ৰ মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ মাজত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

প্ৰাৰ্থীসকলে দাখিল কৰা প্ৰপত্ৰসমূহ পৰীক্ষা কৰা হৈছে বুলি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা দলৰ সভাপতি নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া মধুসূদন মিস্ত্ৰীয়ে আজি এক সংবাদমেলত সদৰী কৰে। তেওঁ কয়, সভাপতি পদত প্ৰতিদ্বন্দ্বিতাৰ বাবে লাভ কৰা ২০খন মনোনয়ন পত্ৰৰ ভিতৰত স্বাক্ষৰৰ তাৰতম্যৰ বাবে চাৰিখন নাকচ কৰা হৈছে। স্বাক্ষৰৰ পুনৰাবৃত্তি ৰখাৰ বাবে ঝাৰখণ্ডৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে৷ তেওঁ লগতে কয়, মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰ দুজন প্ৰাৰ্থী। ৮ অক্টোবৰ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ। ছবিখন সেইদিনা স্পষ্ট হ’ব - যদি কোনেও প্ৰত্যাহাৰ নকৰে, তেন্তে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব৷

প্ৰাৰ্থিত্ব নিশ্চিতিৰ আনুষ্ঠানিক ঘোষণাৰ পাছত শশী থাৰুৰে টুইট কৰি কয়, এইটো জানি আনন্দিত যে পৰীক্ষাৰ পাছত মল্লিকাৰ্জুন খৰ্গে আৰু মই কংগ্ৰেছৰ সভাপতিৰ বাবে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাত অংশ ল’ম। দলটো আৰু আমাৰ সকলো সহকৰ্মীয়ে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা লাভান্বিত হওক!

উল্লেখযোগ্য যে, দেশত নিজৰ হেৰুওৱা নিৰ্বাচনী আৰু ৰাজনৈতিক পৰ্যায় পুনৰ লাভ কৰিবলৈ প্ৰাণপণে চেষ্টা চলাই থকা কংগ্ৰেছে ২২ বছৰৰ পাছত ১৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে দলৰ সভাপতি বাছনি কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছে। সাধাৰণ নিৰ্বাচনত দলটোৰ বৃহৎ ক্ষতিৰ দায়িত্ব লৈ ২০১৯ চনত ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ সময়ত এই পদটো খালী ৰখা হৈছিল৷ তেতিয়াৰ পৰা, ছোনিয়া গান্ধীয়ে দেশৰ আটাইতকৈ পুৰণি দলটোৰ অন্তৱৰ্তীকালীন মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু