--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চমু চাপিছে কংগ্ৰেছৰ সভাপতি নিৰ্বাচন৷ শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা৷ সভাপতিৰ দৌৰত আছে শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গে৷ ইতিমধ্যে, প্ৰেক্ষাপটৰ পৰা বাহিৰ হৈছে কে এন ত্ৰিপাঠী৷
ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীৰ আবেদন আজি নাকচ হোৱাৰ পাছত কংগ্ৰেছ দলৰ শীৰ্ষ পদটোৰ বাবে যুঁজ মাত্ৰ মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ মাজত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

প্ৰাৰ্থীসকলে দাখিল কৰা প্ৰপত্ৰসমূহ পৰীক্ষা কৰা হৈছে বুলি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা দলৰ সভাপতি নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া মধুসূদন মিস্ত্ৰীয়ে আজি এক সংবাদমেলত সদৰী কৰে। তেওঁ কয়, সভাপতি পদত প্ৰতিদ্বন্দ্বিতাৰ বাবে লাভ কৰা ২০খন মনোনয়ন পত্ৰৰ ভিতৰত স্বাক্ষৰৰ তাৰতম্যৰ বাবে চাৰিখন নাকচ কৰা হৈছে। স্বাক্ষৰৰ পুনৰাবৃত্তি ৰখাৰ বাবে ঝাৰখণ্ডৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে৷ তেওঁ লগতে কয়, মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰ দুজন প্ৰাৰ্থী। ৮ অক্টোবৰ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ। ছবিখন সেইদিনা স্পষ্ট হ’ব - যদি কোনেও প্ৰত্যাহাৰ নকৰে, তেন্তে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব৷

প্ৰাৰ্থিত্ব নিশ্চিতিৰ আনুষ্ঠানিক ঘোষণাৰ পাছত শশী থাৰুৰে টুইট কৰি কয়, এইটো জানি আনন্দিত যে পৰীক্ষাৰ পাছত মল্লিকাৰ্জুন খৰ্গে আৰু মই কংগ্ৰেছৰ সভাপতিৰ বাবে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাত অংশ ল’ম। দলটো আৰু আমাৰ সকলো সহকৰ্মীয়ে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা লাভান্বিত হওক!

উল্লেখযোগ্য যে, দেশত নিজৰ হেৰুওৱা নিৰ্বাচনী আৰু ৰাজনৈতিক পৰ্যায় পুনৰ লাভ কৰিবলৈ প্ৰাণপণে চেষ্টা চলাই থকা কংগ্ৰেছে ২২ বছৰৰ পাছত ১৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে দলৰ সভাপতি বাছনি কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছে। সাধাৰণ নিৰ্বাচনত দলটোৰ বৃহৎ ক্ষতিৰ দায়িত্ব লৈ ২০১৯ চনত ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ সময়ত এই পদটো খালী ৰখা হৈছিল৷ তেতিয়াৰ পৰা, ছোনিয়া গান্ধীয়ে দেশৰ আটাইতকৈ পুৰণি দলটোৰ অন্তৱৰ্তীকালীন মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement