--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহয়তো এইবাৰ গান্ধী পৰিয়ালৰ পৰা মুক্ত হৈ পৰিব কংগ্ৰেছ। দীৰ্ঘদিন ধৰি গান্ধী পৰিয়ালে চলাই অহা দলটোৰ নেতৃত্ব এইবাৰ হয়তো গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো লোকৰ হাতত অৰ্পন কৰা হ’ব পাৰে। কংগ্ৰেছৰ সভাপতি পদৰ বাবে ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা নকৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে।

 কংগ্ৰেছ এটা সূত্ৰই প্ৰকাশ কৰা মতে   ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণ  কৰিবলৈ অনিচ্ছুক।কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দলটোৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা নাই, কংগ্ৰেছৰ এটা সূত্ৰই  এই কথা জনাইছে। কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে ৰাহুল গান্ধীয়ে দলৰ ভাৰত জোড়ো যাত্ৰা এৰি দিল্লীলৈ উভতি নাযায়। বৰ্তমান  এই যাত্ৰা কেৰালাত আছে আৰু ২৯ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰিব।কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৩০ ছেপ্টেম্বৰ।

শশী থাৰুৰে "আভ্যন্তৰীণ গণতন্ত্ৰ" শক্তিশালী কৰিবলৈ ১৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ছোনিয়া গান্ধীয়ে তিৰুৱন্তপুৰমৰ সাংসদগৰাকীক সন্মতি প্ৰদান কৰি কয় যে যিকোনো লোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে।

গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বুলি গণ্য কৰা অশোক গেহলট আৰু শশী থাৰুৰেও কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ বাবে সন্মতি লাভ কৰিছে। এনে ক্ষেত্ৰত শশী থাৰুৰ সভাপতি হোৱাৰ সম্ভাৱনাই বেছি বুলি বহুতে আলোচনা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ