--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃহয়তো এইবাৰ গান্ধী পৰিয়ালৰ পৰা মুক্ত হৈ পৰিব কংগ্ৰেছ। দীৰ্ঘদিন ধৰি গান্ধী পৰিয়ালে চলাই অহা দলটোৰ নেতৃত্ব এইবাৰ হয়তো গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো লোকৰ হাতত অৰ্পন কৰা হ’ব পাৰে। কংগ্ৰেছৰ সভাপতি পদৰ বাবে ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা নকৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে।

 কংগ্ৰেছ এটা সূত্ৰই প্ৰকাশ কৰা মতে   ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণ  কৰিবলৈ অনিচ্ছুক।কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দলটোৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা নাই, কংগ্ৰেছৰ এটা সূত্ৰই  এই কথা জনাইছে। কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে ৰাহুল গান্ধীয়ে দলৰ ভাৰত জোড়ো যাত্ৰা এৰি দিল্লীলৈ উভতি নাযায়। বৰ্তমান  এই যাত্ৰা কেৰালাত আছে আৰু ২৯ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰিব।কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৩০ ছেপ্টেম্বৰ।

শশী থাৰুৰে "আভ্যন্তৰীণ গণতন্ত্ৰ" শক্তিশালী কৰিবলৈ ১৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ছোনিয়া গান্ধীয়ে তিৰুৱন্তপুৰমৰ সাংসদগৰাকীক সন্মতি প্ৰদান কৰি কয় যে যিকোনো লোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে।

গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বুলি গণ্য কৰা অশোক গেহলট আৰু শশী থাৰুৰেও কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ বাবে সন্মতি লাভ কৰিছে। এনে ক্ষেত্ৰত শশী থাৰুৰ সভাপতি হোৱাৰ সম্ভাৱনাই বেছি বুলি বহুতে আলোচনা কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু