--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত ফটো ছ’চিয়েল মিডিয়াত আপল’ড কৰা বাবে প্ৰেমিকাই হত্যা কৰিলে এজন চিকিৎসকক। নিহত চিকিৎসকজনৰ নাম বিকাশ ৰাজন। ২৭ বছৰীয়া বিকাশ ৰাজনৰ প্ৰেমিকাৰ নাম প্ৰতিভা। ২৫ বছৰীয়া প্ৰতিভা পেছাত এগৰাকী আৰ্কিটেক্ট। এই ঘটনা সংঘটিত হৈছে বেংগালুৰুত।

১৯ ছেপ্টেম্বৰ সোমবাৰে বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, প্ৰতিভা আৰু তেওঁৰ দুজন পুৰুষ বন্ধুক বিকাশ ৰাজনক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। চিকিৎসকগৰাকীয়ে তেওঁৰ প্ৰেমিকা প্ৰতিভাৰ অন্তৰংগ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছতে প্ৰতিভাই তেওঁৰ দুজন বন্ধু গৌতম আৰু সুশীলৰ সৈতে লগ লাগি ডাঃ বিকাশ ৰাজনক হত্যা কৰে।  তিনিওকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও এই গোচৰৰ আন এজন অভিযুক্ত সূৰ্য্য পলাতক হৈ আছে।

বেংগালুৰুৰ বেগুৰ আৰক্ষী থানাৰ সীমাৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। ইউক্ৰেইনত এম বি বি এছ শেষ কৰি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত আছিল ডাঃ বিকাশ ৰাজন। ইয়াৰ পূৰ্বে তেওঁ চেন্নাইত কাম কৰাৰ পূৰ্বে বেংগালুৰুলৈ গৈ চাৰ্টিফিকেচন ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।

খবৰ অনুসৰি দুবছৰ পূৰ্বে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিভাক লগ পাইছিল। এই চিনাকিয়ে পাছলৈ দুয়োৰে মাজত প্ৰেমৰ ৰূপ লয়। এই বছৰৰ নৱেম্বৰ মাহত দুয়োৰে বিয়া ঠিক কৰা হৈছিল।

বিকাশ আৰু প্ৰতিভাই উডুপি গাৰ্ডেনৰ ওচৰৰ এটা ফ্লেট ভাড়াত লৈ এবছৰৰ আগতে লিভ-ইনত থাকিবলৈ আৰম্ভ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকৰ পৰিয়ালে লিভ-ইন সম্পৰ্কৰ থকাৰ কথা জানিছিল আৰু দুয়োটা পৰিয়ালে তেওঁলোকৰ বিয়া পাতি দিয়াৰ সিদ্ধান্ত লৈছিল।

আৰক্ষীৰ মতে, শেহতীয়াকৈ প্ৰতিভাই জানিব পাৰে যে বিকাশ ৰাজনে ভুৱা আইডি ব্যৱহাৰ কৰি ফেচবুকত প্ৰতিভাৰ কিছুমান ব্যক্তিগত ফটো আপলোড কৰিছিল।

আৰক্ষীৰ মতে, ১০ ছেপ্টেম্বৰত এই বিষয়টোক লৈ বিকাশ ৰাজন আৰু প্ৰতিভাৰ মাজত কাজিয়া হৈছিল। প্ৰতিভাই মনৰ দুখত এই কথা তেওঁৰ বন্ধুসকলক অৱগত কৰে।খবৰটো লাভ কৰাৰ পাছতে প্ৰতিভাৰ বন্ধুসকল লগে লগে তেওঁলোকৰ ফ্লেটত উপস্থিত হয়, আৰু তেওঁলোকৰ মাজত তীব্ৰ কাজিয়াৰ সৃষ্টি হয়।

প্ৰতিভা আৰু তেওঁৰ বন্ধুসকলে লগ লাগি বিকাশ ৰাজনক আক্ৰমণ কৰে। অভিযুক্তই ফ্ল’ৰ মপ ষ্টিক আৰু বটল ব্যৱহাৰ কৰি বিকাশক আঘাত কৰে। বিকাশ অচেতন হৈ পৰাত তেওঁক জয়শ্ৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় আৰু চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ছেইণ্ট জনছ মেডিকেল কলেজ আৰু হাস্পতাললৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ দিয়ে য’ত তেওঁৰ ১৪ ছেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।চিকিৎসকৰ ভাতৃৰ এজাহাৰৰ পাছতে অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে ১৬ ছেপ্টেম্বৰত সুশীল আৰু গৌতমৰ সৈতে প্ৰতিভাক গ্ৰেপ্তাৰ কৰে। আন এজন অভিযুক্ত সূৰ্যৰ সন্ধানত নামি পৰিছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ