--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : খহনীয়া অব্যাহত আছে কংগ্ৰেছ দলত। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উভয় স্তৰতে দলটোত এতিয়া চৰম নিৰাশাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। দলটোৰ নেতা-কৰ্মীসকলে নেতৃত্বহীন অৱস্থা এটাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিততে যেন এতিয়া সৃষ্টি হৈছে এই খহনীয়া। ৰূপজ্যোতি কুৰ্মীৰপৰা সুশান্ত বৰগোহাঁইলৈ একাধিক কংগ্ৰেছ বিধায়কে দল ত্যাগ কৰি শাসকীয় দলত যোগদান কৰা পাছত এইবাৰ আন এগৰাকী বিধায়ক বিজেপিমুখী হৈছে। পূৰ্বে চৰ্চিত নোহোৱা এইগৰাকী বিধায়কে শাসকীয় দলৰ ছত্ৰছায়াৰ ফালে ঢাপলি মেলাটোৱে কংগ্ৰেছ দলটোত সৃষ্টি হোৱা সোলোক-ঢোলাক অৱস্থাকে যেন প্ৰতিফলিত কৰি তুলিছে।

ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে এইবাৰ কংগ্ৰেছৰ প্ৰতি নিজৰ অনাস্থা প্ৰকাশ কৰা ইংগিত পোৱা গৈছে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চাপি চৰকাৰৰ অনুগত হৈ থাকিব খোজা বুলি প্ৰকাশ কৰিছে। স্বয়ং মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে।

বিধায়কক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে মন্তব্য কৰে যে, ‘ৰহা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাস আজি মোৰ ঘৰলৈ আহিছিল। তেওঁ ৰহা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসম চৰকাৰৰ লগত থাকি একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আমি ৰাজনৈতিক দলৰ কথা চিন্তা কৰা নাই, তেওঁ কংগ্ৰেছ, এআইইউডিএফ যি দলতেই আছে সেই বিষয়ে আমি একো চিন্তা কৰা নাই। তেওঁ যি দলতে নাথাকক তেওঁ যিহেতু চৰকাৰৰ লগত থকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে গতিকে শাসকীয় দলৰ বিধায়কসকলৰ লগত চৰকাৰৰ যি সম্পৰ্ক থাকে আমি তেনে এটা সম্পৰ্ক তেওঁৰ সৈতে ৰাখিম আৰু তেওঁৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি সহায় কৰি যাম।’


বিভিন্ন দিশৰ পৰা মু্খ্যমন্ত্ৰীৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। প্ৰথম কথা বিজেপিলৈ নহাকৈয়ে শশীকান্ত দাসে বিজেপি চৰকাৰ অনুগত হৈ কাম কৰাৰ বাবে সন্মতি দিয়াৰ কথা তেওঁ ঘোষণা কৰিছে আৰু তেওঁৰ প্ৰতি চৰকাৰৰ ভূমিকাও আন বিধায়কতকৈ কিছু পৃথক হ’ব বুলি তেওঁ মন্তব্য কৰিছে। অৰ্থাৎ চৰকাৰ অনুগত হৈ থাকিবলৈ অস্বীকাৰ কৰা বিৰোধী দলৰ বিধায়কৰ প্ৰতি চৰকাৰৰ ভূমিকা একেধৰণৰ নহ’ব পাৰে। আনহাতে শশীকান্ত দাসৰ দৰে বিধায়কে সমষ্টিৰ উন্নয়নৰ দোহাই দি নিজৰ ৰাজনৈতিক নিৰাপত্তা সুনিশ্চিত কৰিব খুজিছে নেকি বুলিও প্ৰশ্ন উঠিছে। অন্যথা এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাইজৰ কাম কৰিবলৈ এনে নিৰাপত্তাহীনতাৰ ভোগাৰ কোনো কাৰণ থাকিব নোৱাৰে।

কংগ্ৰেছ দলে নিজৰ দলৰ বিধায়কসকলকেই আশ্বস্ত কৰি নোৱৰা এই পৰিস্থিতি নিশ্চয় দলটোৰ বাবে শুভ সংবাদ নহয়। মন কৰিবলগীয়া যে, যোৱা সপ্তাহত কংগ্ৰেছ দলে তেওঁলোকৰ বিধায়ক-নেতাসকলৰ বাবে তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিল। এই শিবিৰত দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই আহি তেওঁলোকক প্ৰশিক্ষণ দিছিল। কে চি বেণুগোপাল, পি চিদাম্বৰমৰ দৰে নেতাৰ উপস্থিতিৰ লগতে তথা ৰাহুল গান্ধীয়ে অনাইনত অংশগ্ৰহণ কৰিছিল প্ৰশিক্ষণ শিবিৰত। কিন্ত তাৰ পাছতে দলৰ বিধায়ক আশ্বস্ত হ’ব নোৱাৰি শাসকৰ কাষ চপাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈচে। আনহাতে চৰকাৰৰ অনুগত বিধায়ক, তথা শাসকীয় দলৰ বিধায়কসকলৰ সমষ্টিতহে উন্নয়নমূলক কামত চৰকাৰে সহযোগিতা কৰিব আন সমষ্টিত এনে উন্নয়মমূলক কাম নহ’ব পৰোক্ষভাৱে এই বাৰ্তা স্বয়ং মুখ্যমন্ত্ৰীয়ে দিয়াটোও গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে নিশ্চয় শুভ লক্ষণ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ