--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পুনৰ বাজি উঠিছে নিৰ্বাচনী ৰণশিঙা। পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী। মন কৰিবলগীয়া যে, এই পাঁচখন ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশ, পঞ্জাৱৰ দৰে গুৰুত্বপূ্ৰ্ণ ৰাজ্যৰো নিৰ্বাচন অনুষ্ঠিত হ’ব। দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ গুৰুত্ব কি সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। দেশৰ ৰাজনীতিৰ গতিপথ উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে নিৰ্ধাৰণ কৰে বুলি কোৱা হয়। দেশৰ ৰাজনৈতিক মানচিত্ৰৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নিৰ্বাচনক লৈ সেইবাবে সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ আছে। মোদী নেতৃত্বৰ বিজেপি চৰকাৰে উত্তৰপ্ৰদেশত শাসন চম্ভালি আছে যদিও এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে নিজৰ হাতলৈ শাসনৰ বাঘজৰী অনাৰ বাবে ব্যাপক চেষ্টা অব্যাহত ৰাখিছে।

হাজাৰ হাজাৰ মানুহ লৈ তেওঁ অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা। পিছপৰি থকা নাই শাসকীয় বিজেপি দলো। বিজেপিয়ে তেওঁলোকৰ হিন্দুত্বৰ কাৰ্ড খেলি এই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে। কৃষক বিদ্ৰোহ, বিশেষকৈ লখিমপুৰ খেৰী কাণ্ডই অস্বস্তিত পেলোৱা বিজেপি দলৰ বাবে ‘ৰাম নাম’ হৈ পৰিছে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ একমাত্ৰ অস্ত্ৰ। আৰু বিজেপিৰ এই অভিযানপৰ নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কৰিবলগীয়া যে, অতি অপ্ৰত্যাশিতভাৱে বিজেপিয়ে ২০১৭চনত যোগী আদিত্যনাথক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল। কট্টৰ হিন্দুত্ববাদী নেতাজনক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই বিজেপিয়ে উত্তৰপ্ৰদেশত হিন্দুত্বৰ ৰাজনীতিক সুপ্ৰতিষ্ঠিত কৰিছিল। এইবাৰো সেই পথেৰেই তেওঁলোক অগ্ৰসৰ হৈছে আৰু এইবাৰ তেওঁলোকৰ খাটাত যোগ হৈছে ৰাম মন্দিৰো। কিন্তু এইবাৰ বিজেপিৰ উত্তৰ প্ৰদেশ অভিযানত এটা বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।

৩০ দিনত ৯বাৰকৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছে মোদীয়ে


এইবাৰ এইকথা স্পষ্ট হৈ পৰিছে যে, বিজেপিয়ে যোগীক ভৰসা কৰি নিৰ্বাচনী যুঁজলৈ আগবঢ়া নাই। বিজেপি আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত লৈ। মোদীয়ে শেহতীয়াকৈ একপ্ৰকাৰ বাহৰ পাতি লৈছে উত্তৰ প্ৰদেশত। তেওঁৰ সংসদীয় সমষ্টি বাৰানসীক কেন্দ্ৰ হিচাপে লৈ মোদীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী অভিযান চলাই গৈছে। বিগত ৩০ দিনত ৯বাৰকৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছে মোদীয়ে। উত্তৰ প্ৰদেশৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হৈছে। বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক আমন্ত্ৰণ কৰি নিয়া হৈছে উত্তৰ প্ৰদেশলৈ। এনেবোৰ পদক্ষেপৰ জৰিয়তে মোদীয়ে নিজৰ উদ্দেশ্য যেন স্পষ্ট কৰি দিছে।

মোদীয়ে স্পষ্ট কৰি দিছে যে, এইবাৰ যোগী নিমিত্তহে মাত্ৰ। উত্তৰপ্ৰদেশত বিজেপিৰ বিজয় ৰথৰ গুৰি ধৰিব তেওঁ নিজেই। মন কৰিবলগীয়া যে, মোদী-যোগীৰ সংঘাতৰ প্ৰসংগই বিগত কিছুদিন পূ্ৰ্বে দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছিল। দুয়োজন নেতাৰ মাজত আনকি বহুদিন মাতবোলো নোহোৱা হৈছিল। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো নেতা দুজনে এতিয়া সৌজন্যতা বজাই ৰাখিছে যদিও তেওঁলোকৰ মাজৰ দূৰত্ব এতিয়া স্পষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে।

ৰাজনৈতিক মহলত বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীৰ আসনৰ পৰা যোগীক আঁতৰোৱা হ’ব বুলি যিমানে চৰ্চা চলিছিল তাৰ সমান্তৰালভাৱে মোদীৰ স্থানত কেন্দ্ৰত যোগীক অধিষ্ঠিত কৰোঁৱাৰ চৰ্চাও চলা দেখিবলৈ পোৱা গৈছিল। এনে পৰিপ্ৰেক্ষিততে এতিয়া উত্তৰ প্ৰদেশ জয়ৰ (যদি বিজেপি পুনৰ জয়ী হয়) কৃতিত্ব যোগী নিদিবলৈ যেন উঠি-পৰি লাগিছে নৰেন্দ্ৰ মোদী। যদি বিজেপিয়ে উত্তৰ প্ৰদেশত তেওঁলোকৰ দুৰ্গ সুৰক্ষিত কৰি ৰাখিব পাৰে তেন্তে সেয়া যোগীৰ বাবে নহয়, মোদীৰ বাবেহে হ’ব বুলি যেন প্ৰতিপন্ন কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে। এতিয়া সময়েহে প্ৰমাণ কৰিব উত্তৰ প্ৰদেশৰ মহাৰণে যোগী নে মোদীক তুলি ধৰে। নে এইবাৰ অখিলেশ যাদৱৰ সপক্ষে সৃষ্টি হোৱা ঢৌৱে বিজেপিৰ দুৰ্গ তচনচ কৰি তোলে! সেয়া হ’বলৈ হ’লে যোগীতকৈও মোদীৰ ক্ষতি হোৱাৰ সম্ভাৱনাই বেছি বুলিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ