--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পুনৰ বাজি উঠিছে নিৰ্বাচনী ৰণশিঙা। পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী। মন কৰিবলগীয়া যে, এই পাঁচখন ৰাজ্যৰ ভিতৰত উত্তৰ প্ৰদেশ, পঞ্জাৱৰ দৰে গুৰুত্বপূ্ৰ্ণ ৰাজ্যৰো নিৰ্বাচন অনুষ্ঠিত হ’ব। দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশৰ গুৰুত্ব কি সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। দেশৰ ৰাজনীতিৰ গতিপথ উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে নিৰ্ধাৰণ কৰে বুলি কোৱা হয়। দেশৰ ৰাজনৈতিক মানচিত্ৰৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নিৰ্বাচনক লৈ সেইবাবে সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ আছে। মোদী নেতৃত্বৰ বিজেপি চৰকাৰে উত্তৰপ্ৰদেশত শাসন চম্ভালি আছে যদিও এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে নিজৰ হাতলৈ শাসনৰ বাঘজৰী অনাৰ বাবে ব্যাপক চেষ্টা অব্যাহত ৰাখিছে।

হাজাৰ হাজাৰ মানুহ লৈ তেওঁ অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা। পিছপৰি থকা নাই শাসকীয় বিজেপি দলো। বিজেপিয়ে তেওঁলোকৰ হিন্দুত্বৰ কাৰ্ড খেলি এই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰিছে। কৃষক বিদ্ৰোহ, বিশেষকৈ লখিমপুৰ খেৰী কাণ্ডই অস্বস্তিত পেলোৱা বিজেপি দলৰ বাবে ‘ৰাম নাম’ হৈ পৰিছে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ একমাত্ৰ অস্ত্ৰ। আৰু বিজেপিৰ এই অভিযানপৰ নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন কৰিবলগীয়া যে, অতি অপ্ৰত্যাশিতভাৱে বিজেপিয়ে ২০১৭চনত যোগী আদিত্যনাথক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছিল। কট্টৰ হিন্দুত্ববাদী নেতাজনক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই বিজেপিয়ে উত্তৰপ্ৰদেশত হিন্দুত্বৰ ৰাজনীতিক সুপ্ৰতিষ্ঠিত কৰিছিল। এইবাৰো সেই পথেৰেই তেওঁলোক অগ্ৰসৰ হৈছে আৰু এইবাৰ তেওঁলোকৰ খাটাত যোগ হৈছে ৰাম মন্দিৰো। কিন্তু এইবাৰ বিজেপিৰ উত্তৰ প্ৰদেশ অভিযানত এটা বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে।

৩০ দিনত ৯বাৰকৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছে মোদীয়ে


এইবাৰ এইকথা স্পষ্ট হৈ পৰিছে যে, বিজেপিয়ে যোগীক ভৰসা কৰি নিৰ্বাচনী যুঁজলৈ আগবঢ়া নাই। বিজেপি আগবাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত লৈ। মোদীয়ে শেহতীয়াকৈ একপ্ৰকাৰ বাহৰ পাতি লৈছে উত্তৰ প্ৰদেশত। তেওঁৰ সংসদীয় সমষ্টি বাৰানসীক কেন্দ্ৰ হিচাপে লৈ মোদীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী অভিযান চলাই গৈছে। বিগত ৩০ দিনত ৯বাৰকৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছে মোদীয়ে। উত্তৰ প্ৰদেশৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হৈছে। বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক আমন্ত্ৰণ কৰি নিয়া হৈছে উত্তৰ প্ৰদেশলৈ। এনেবোৰ পদক্ষেপৰ জৰিয়তে মোদীয়ে নিজৰ উদ্দেশ্য যেন স্পষ্ট কৰি দিছে।

মোদীয়ে স্পষ্ট কৰি দিছে যে, এইবাৰ যোগী নিমিত্তহে মাত্ৰ। উত্তৰপ্ৰদেশত বিজেপিৰ বিজয় ৰথৰ গুৰি ধৰিব তেওঁ নিজেই। মন কৰিবলগীয়া যে, মোদী-যোগীৰ সংঘাতৰ প্ৰসংগই বিগত কিছুদিন পূ্ৰ্বে দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছিল। দুয়োজন নেতাৰ মাজত আনকি বহুদিন মাতবোলো নোহোৱা হৈছিল। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো নেতা দুজনে এতিয়া সৌজন্যতা বজাই ৰাখিছে যদিও তেওঁলোকৰ মাজৰ দূৰত্ব এতিয়া স্পষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে।

ৰাজনৈতিক মহলত বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীৰ আসনৰ পৰা যোগীক আঁতৰোৱা হ’ব বুলি যিমানে চৰ্চা চলিছিল তাৰ সমান্তৰালভাৱে মোদীৰ স্থানত কেন্দ্ৰত যোগীক অধিষ্ঠিত কৰোঁৱাৰ চৰ্চাও চলা দেখিবলৈ পোৱা গৈছিল। এনে পৰিপ্ৰেক্ষিততে এতিয়া উত্তৰ প্ৰদেশ জয়ৰ (যদি বিজেপি পুনৰ জয়ী হয়) কৃতিত্ব যোগী নিদিবলৈ যেন উঠি-পৰি লাগিছে নৰেন্দ্ৰ মোদী। যদি বিজেপিয়ে উত্তৰ প্ৰদেশত তেওঁলোকৰ দুৰ্গ সুৰক্ষিত কৰি ৰাখিব পাৰে তেন্তে সেয়া যোগীৰ বাবে নহয়, মোদীৰ বাবেহে হ’ব বুলি যেন প্ৰতিপন্ন কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে। এতিয়া সময়েহে প্ৰমাণ কৰিব উত্তৰ প্ৰদেশৰ মহাৰণে যোগী নে মোদীক তুলি ধৰে। নে এইবাৰ অখিলেশ যাদৱৰ সপক্ষে সৃষ্টি হোৱা ঢৌৱে বিজেপিৰ দুৰ্গ তচনচ কৰি তোলে! সেয়া হ’বলৈ হ’লে যোগীতকৈও মোদীৰ ক্ষতি হোৱাৰ সম্ভাৱনাই বেছি বুলিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু