--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবত এতিয়া সিদ্ধু বনাম কেজৰিৱালৰ যুঁজে উত্তাল কৰিছে ৰাজনীতি৷ অহা বছৰ অনুষ্ঠিত হ'বলগা পঞ্জাব বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিছে আম আদমী পাৰ্টী৷ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ক্ৰমাৎ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে দুয়োটা দলে৷ পঞ্জাব কংগ্ৰেছৰ মুৰব্বী নৱজ্যোৎ সিং সিদ্ধুৱে আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কৰ মাজত সোমাই পৰিছে৷ পঞ্জাব কংগ্ৰেছত সিদ্ধুৰ বিতৰ্কিত কাৰ্য-কলাপে ৰাজ্যখনৰ ৰাজনীতিতি ভালেমান পট পৰিৱৰ্তনৰ সূচনা কৰিছিল৷ কিন্তু এইবোৰৰপৰা আঁতৰি সিদ্ধুৱে এতিয়া কংগ্ৰেছৰ বাটৰ কাঁইট গুচোৱাত লাগিছে।


শেহতীয়াকৈ নৱজ্যোৎ সিং সিদ্ধুৱে কেজৰিৱালক 'ছদ্মবেশী' বুলি তাচ্ছিল্য কৰে৷ উল্লেখ্য যে মাদক দ্ৰব্য, খনন আৰু নিযুক্তি সন্দৰ্ভত নৱজ্যোৎ সিং সিদ্ধুৱে এক প্ৰত্যাহ্বান জনাইছিল অৰবিন্দ কেজৰিৱালক৷ পঞ্জাবৰ 'আপ'ৰ সভাপতি হিচাপে ভগৱন্ত মানক এই বিতৰ্কৰ অংশ হিচাপে প্ৰক্ষেপ কৰে৷ ইয়াৰ পাছতে টুইটযোগে সিদ্ধুৱে 'ছদ্মবেশী' বুলি অভিহিত কৰে কেজৰিৱালক৷ ৰাজ্যখনৰ সমাগত নিৰ্বাচনত শাসকীয় দলটোৰ প্ৰধান বিৰোধী দল হিচাপে আপ ঠিয় দিছে৷ যোৱা মাহত কংগ্ৰেছ ভিতৰচ’ৰাত হোৱা বিবাদৰ ফলতে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও পদত্যাগ কৰিছিল আৰু নিজা দল গঠনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা বাবে সাজু হৈছে৷

বহুসময়ত নিজ দলৰ বিৰুদ্ধেই বিতৰ্কিত মন্তব্য কৰি দলত ভাঙোন অনাৰ পাছত সিদ্ধুৰ ভাৱমূৰ্তি ভালেখিনি বিনষ্ট হৈ পৰিছিল৷ এনে এজন নেতাৰ নেতৃত্বত কিদৰে পুনৰ কংগ্ৰেছ দলটোক ৰাজ্যৰ জনতাই বিশ্বাসত ল’ব নে নাই সেয়া লক্ষণীয় হ’ব৷ ইতিমধ্যে দেশৰ আন আন ৰাজ্যত কংগ্ৰেছ দলে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত পঞ্জাৱৰ দৰে ৰাজ্যত নিজৰ দলৰ নেতাৰ ভুলৰ বাবেই কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা তীব্ৰ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ