--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবত এতিয়া সিদ্ধু বনাম কেজৰিৱালৰ যুঁজে উত্তাল কৰিছে ৰাজনীতি৷ অহা বছৰ অনুষ্ঠিত হ'বলগা পঞ্জাব বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিছে আম আদমী পাৰ্টী৷ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ক্ৰমাৎ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে দুয়োটা দলে৷ পঞ্জাব কংগ্ৰেছৰ মুৰব্বী নৱজ্যোৎ সিং সিদ্ধুৱে আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে নিৰ্বাচনকেন্দ্ৰিক বিতৰ্কৰ মাজত সোমাই পৰিছে৷ পঞ্জাব কংগ্ৰেছত সিদ্ধুৰ বিতৰ্কিত কাৰ্য-কলাপে ৰাজ্যখনৰ ৰাজনীতিতি ভালেমান পট পৰিৱৰ্তনৰ সূচনা কৰিছিল৷ কিন্তু এইবোৰৰপৰা আঁতৰি সিদ্ধুৱে এতিয়া কংগ্ৰেছৰ বাটৰ কাঁইট গুচোৱাত লাগিছে।


শেহতীয়াকৈ নৱজ্যোৎ সিং সিদ্ধুৱে কেজৰিৱালক 'ছদ্মবেশী' বুলি তাচ্ছিল্য কৰে৷ উল্লেখ্য যে মাদক দ্ৰব্য, খনন আৰু নিযুক্তি সন্দৰ্ভত নৱজ্যোৎ সিং সিদ্ধুৱে এক প্ৰত্যাহ্বান জনাইছিল অৰবিন্দ কেজৰিৱালক৷ পঞ্জাবৰ 'আপ'ৰ সভাপতি হিচাপে ভগৱন্ত মানক এই বিতৰ্কৰ অংশ হিচাপে প্ৰক্ষেপ কৰে৷ ইয়াৰ পাছতে টুইটযোগে সিদ্ধুৱে 'ছদ্মবেশী' বুলি অভিহিত কৰে কেজৰিৱালক৷ ৰাজ্যখনৰ সমাগত নিৰ্বাচনত শাসকীয় দলটোৰ প্ৰধান বিৰোধী দল হিচাপে আপ ঠিয় দিছে৷ যোৱা মাহত কংগ্ৰেছ ভিতৰচ’ৰাত হোৱা বিবাদৰ ফলতে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও পদত্যাগ কৰিছিল আৰু নিজা দল গঠনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা বাবে সাজু হৈছে৷

বহুসময়ত নিজ দলৰ বিৰুদ্ধেই বিতৰ্কিত মন্তব্য কৰি দলত ভাঙোন অনাৰ পাছত সিদ্ধুৰ ভাৱমূৰ্তি ভালেখিনি বিনষ্ট হৈ পৰিছিল৷ এনে এজন নেতাৰ নেতৃত্বত কিদৰে পুনৰ কংগ্ৰেছ দলটোক ৰাজ্যৰ জনতাই বিশ্বাসত ল’ব নে নাই সেয়া লক্ষণীয় হ’ব৷ ইতিমধ্যে দেশৰ আন আন ৰাজ্যত কংগ্ৰেছ দলে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত পঞ্জাৱৰ দৰে ৰাজ্যত নিজৰ দলৰ নেতাৰ ভুলৰ বাবেই কংগ্ৰেছ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা তীব্ৰ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু