--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতিৰ কথা যেতিয়াই আলোচিত হয়, তেতিয়াই সমুখলৈ আহে কংগ্ৰেছত গান্ধী পৰিয়ালৰ কৰ্তৃত্ব তথা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দিশটো। গান্ধী পৰিয়ালৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দোহাই দিয়ে ২০১৪ চনত শাসনলৈ অহাৰ পথ সুচল কৰি তুলিছিল বিজেপিয়ে। দলৰ ভিতৰত গান্ধী পৰিয়ালৰ এই কৰ্তৃত্বৰ বিৰোধিতাৰে কংগ্ৰেছত বহুসময়ত সৃষ্টি হৈছে আভ্যন্তৰীণ সংঘাতৰো। ১৯৯৮ চনত সীতাৰাম কেশৰীৰ পাছত দলৰ সভাপতিৰ আসনত ছোনীয়া গান্ধী অধিষ্ঠিত হোৱাৰ পৰা এই সূদীৰ্ঘ সময়ছোৱা গান্ধী পৰিয়ালৰ হাততে আছে দলটোৰ নেতৃত্ব। পিছে এইবাৰ কংগ্ৰেছত গান্ধী পৰিয়ালৰ এই ধাৰাবাহিক কৰ্তৃত্বৰ অৱসান ঘটাৰ দিশে আগবাঢ়িছে। সূদীৰ্ঘ এই ২৪ বছৰত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তি কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই ক্ষেত্ৰত শেহতীয়াকৈ চৰ্চালৈ আহিছে জেষ্ঠ নেতা শশী থাৰুৰৰ নাম।

স্বাধীনোত্তৰ ভাৰতত অধিক সময়ে শাসনত অধিষ্ঠিত থকা ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান ৰাজনৈতিক সংকটেৰে জৰ্জৰিত হৈ পৰিছে। সম্প্ৰতি দেশৰ প্ৰধান বিৰোধী দল হিচাপে থকা কংগ্ৰেছে লাহে লাহে সমগ্ৰ দেশতে হেৰুৱাই পেলাইছে গণভিত্তি তথা জনপ্ৰিয়তা। একালত সমগ্ৰ দেশৰ ৰাজনীতিত অপ্ৰতিৰোধ্য কংগ্ৰেছে এতিয়া মাত্ৰ দুখন ৰাজ্যতহে নিজাকৈ চৰকাৰ গঠন কৰি থকাৰ বিপৰীতে আন দুখন ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰৰ অংশ হৈ আছে। দলটোৰ এনে হতাশাজনক স্থিতিৰ বাবে সমালোচিত হৈ আহিছে শীৰ্ষ নেতৃত্ব। শেহতীয়া এই ব্যৰ্থতাৰ বাবে বিশেষকৈ গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক নেতৃত্বৰ বিৰোধৰ সৃষ্টি হৈছে কংগ্ৰেছত। 

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই কংগ্ৰেছে ক্ৰমান্বয়ে সমগ্ৰ দেশতে গণভিত্তি হেৰুৱাই পেলাইছে। ইয়াৰ পিছতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত চূড়ান্ত বিফলতাৰ সন্মুখীন হোৱাৰ ফলত ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল আৰু ছোনিয়া গান্ধীয়ে দলৰ অন্তৱৰ্তীকালীন নেতা হিচাপে এই পদ গ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছতে দলটোৱে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখঠেকেচা খায়।

ইফালে দলৰ এই ধাৰাবাহিক ব্যৰ্থতাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ২০২০ চনৰ আগষ্ট মাহত দলটোৰ ২৩ গৰাকী জেষ্ঠ নেতাই সভাপতি ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰৰ জৰিয়তে সক্ৰিয় নেতৃত্ব আৰু সাংগঠনিক পৰিৱৰ্তনৰ আহ্বান জনায়। G23 শীৰ্ষক এই গোটটোৰ নেতৃত্বত আছিল গুলাম নবী আজাদ আৰু কপিল ছিবালৰ দৰে জেষ্ঠ নেতা। এই ২৩ গৰাকী সদস্যই দলৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰি নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰাৰ পাছতে দলত জোকাৰণি তোলে। এনে বিবাদৰ মাজতে ছিবালসহ কেইগৰাকীমান নেতাই কংগ্ৰেছ ত্যাগ কৰে। শেহতীয়াকৈ দল ত্যাগ কৰিছে গুলাম নবী আজাদেও।

দলীয় সংকটৰ এনে চৰম পৰ্যায়ৰ মাজতে অহা ১৭ অক্টোবৰত দেশৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দলটোৰ নতুন সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। এই নিৰ্বাচনৰ পাছতে ১৯ অক্টোবৰত দলটোৱে লাভ কৰিব নতুন সভাপতি। দলটোৰ সভাপতি পদৰ সম্ভাৱ্য প্ৰাৰ্থী সন্দৰ্ভত এই আলোচনাৰ মাজতে শশী থাৰুৰৰ নাম সম্প্ৰতি অধিক চৰ্চিত হৈ পৰিছে। থাৰুৰে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো মন্তব্য কৰা নাই যদিও শীঘ্ৰেই এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি দলীয় এক সূত্ৰই প্ৰকাশ কৰিছে।

শেহতীয়াকৈ এক মালায়ালম দৈনিক কাকত মাথৰুভূমিত এটা প্ৰবন্ধত থাৰুৰে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ পোষকতা কৰিছিল। এই প্ৰবন্ধটোত তেওঁ কয় যে দলটোৱে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চিডব্লিউচি) বহু কেইখন নেতৃস্থানীয় আসনৰ বাবে নিৰ্বাচন ঘোষণা কৰা উচিত। ২০২০ চনত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ দলৰ সাংগঠনিক সংস্কাৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰা ২৩ জনীয়া G23 গোটৰ অন্যতম সদস্য থাৰুৰে দলৰ গুৰুত্বপূৰ্ণ পদসমূহত নিৰ্বাচিত হৈ কোনে দলটোক নেতৃত্ব দিব, সেই সম্পৰ্কে সৰ্বভাৰতীয় কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকলক সিদ্ধান্ত ল'বলৈ দিবলৈ আহ্বান জনাইছে। এই সিদ্ধান্তই নতুন নেতৃত্বক দলটোক মাগদৰ্শন কৰিবলৈ আত্মবিশ্বাসী কৰি তুলিব বুলি থাৰুৰে উল্লেখ কৰে। 

থাৰুৰে লগতে ব্ৰিটিছ কনজাৰ্ভেটিভ পাৰ্টিৰ দলীয় নিৰ্বাচনৰ উদাহৰণ দাঙি ধৰি কংগ্ৰেছক জনমানসত ন ৰূপত দাঙি ধৰাৰ এক গুৰুত্বপূৰ্ণ উপদেশ দিয়ে। তেওঁ কয় যে এনে সিদ্ধান্তই কংগ্ৰেছৰ প্ৰতি সমগ্ৰ দেশৰ জনসাধাৰণৰ আস্থা তথা আগ্ৰহ বৃদ্ধি হ'ব আৰু পুনৰ এবাৰ কংগ্ৰেছ দলৰ প্ৰতি ভোটাৰৰ মন কঢ়িয়াই আনিব। থাৰুৰৰ এই প্ৰবন্ধটোৰ পাছতে তেওঁ দলৰ সভাপতি আসনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মন মেলিছে বুলি চৰ্চা চলিছে। এক দলীয় সূত্ৰয়ো এই সম্ভাৱনাকে প্ৰকাশ কৰিছে। অৱশ্যে কংগ্ৰেছে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো ঘোষণা কৰা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দলটোৰ সভাপতিৰ দৌৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ নাম যথেষ্ট চৰ্চিত হৈ পৰিছিল। অৱশ্যে গেহলটে এই সম্ভাৱনা নাকচ কৰি ৰাহুল গান্ধীকে পুনৰ দলৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাত গুৰুত্ব দিছিল। গেহলটৰ লগতে কংগ্ৰেছৰ এটা শিবিৰে ৰাহুল গান্ধীক এই সিদ্ধান্তত সৈমান কৰিবলৈ চেষ্টা কৰিছে। আনহাতে ৰাহুল গান্ধী এই প্ৰস্তাৱত শেষলৈকে অসন্মত হ’লে প্ৰিয়ংকা গান্ধীক দ্বিতীয় বিকল্প হিচাপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছৰ এই শিবিৰটোৱে।

উল্লেখ্য যে স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিত অপ্ৰতিৰোধ্য হৈ থকা কংগ্ৰেছৰ এনে অনাকাংক্ষিত ব্যৰ্থতাৰ মাজতে সম্প্ৰতি দলটোৱে দেশৰ প্ৰধান বিৰোধী দলৰ স্থিতি হেৰুওৱাৰো উপক্ৰম হৈছে। অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ইতিমধ্যে কংগ্ৰেছৰ বিকল্প হিচাপে নিজকে সমুখলৈ আনিছে। দলটোৱে কংগ্ৰেছৰ দখলত থকা পঞ্জাৱো ইতিমধ্যে নিজৰ দখললৈ আনিছে। ইফালে আগন্তুক গুজৰাট নিৰ্বাচনতো আপে কংগ্ৰেছক পিছলৈ ঠেলি বিজেপিৰ প্ৰধান বিৰোধী হিচাপে পৰিগণিত হৈছে। এনে অৱস্থাত নিজৰ হেৰুওৱা ভিত্তি ঘূৰাই অনাৰ বাবে কংগ্ৰেছে কেনে ৰণনীতি গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত