--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে বিজেপিয়ে৷ খিলঞ্জীয়া নাগৰিকৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ হেৰাই যোৱাৰ পাছত ত্ৰিপুৰাত খিলঞ্জীয়া ত্ৰিপুৰীসকলে নিজৰ পৰিচয় আৰু আত্মপ্ৰতিষ্ঠাৰ এখন দীঘলীয়া যুঁজ চলাইছে দীৰ্ঘদিন ধৰি৷ বিশেষকৈ প্ৰদ্যোৎ দেব মণিক্য দেববাৰ্মাৰ নেতৃত্বত তিপ্ৰাই ৰাজ্যখনত আঞ্চলিক ৰাজনীতিৰ নতুন দিগন্তৰ সূচনা কৰিবলৈ প্ৰয়াস চলাই থকা পৰিলক্ষিত হৈছে৷ 

এনে সময়তে ৰাজ্যখনৰ ৰাজনীতিত তিকি থাকিবলৈ বিজেপিয়ে পুনৰ আৰম্ভ কৰিছে ৰাজনৈতিক কলা-কৌশল৷ বিজেপি পুনৰ ক্ষমতালৈ আহিলে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশে নতুন উচ্চতা স্পৰ্শ কৰিব বুলি আজি বিজেপিৰ জেপি নাড্ডাই ঘোষণা কৰিছে৷৷

ত্ৰিপুৰাত বিধানসভাৰ প্ৰচাৰ অভিযানৰ আৰম্ভ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আজি কয় যে দলটোৰ শাসনত বিগত চাৰি বছৰত ৰাজ্যখনত সৰ্বাত্মক উন্নয়ন ঘটিছে আৰু যদি ২০২৩ চনত পুনৰ বিজেপিক ক্ষমতালৈ আনিবলৈ ভোট দিয়া হয়, তেন্তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশে নতুন উচ্চতা স্পৰ্শ কৰিব। 

বিজেপিৰ শাসনকালত ত্ৰিপুৰাই বৃহৎ আন্তঃগাঁথনি বিনিয়োগ আকৰ্ষিত কৰিছিল আৰু বিজেপি শাসনৰ অধীনত ঔদ্যোগিকৰণে গতি লাভ কৰিছিল বুলিও মন্তব্য কৰে জেপি নাড্ডাই৷

ৰাজ্য আৰু কেন্দ্ৰ, শাসনৰ দুয়োটা মেৰুতে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে ত্ৰিপুৰাত দুগুণ বিকাশত উদগনি দিব বুলি তেওঁ আশাপ্ৰকাশ কৰে৷ ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত অহা বছৰৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ৩৬ খন আসন লাভ কৰিছিল। নাড্ডাই দাবী কৰিছে যে তেতিয়াৰ পৰাই ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ সমাপ্তি ঘটিছে। 

ত্ৰিপুৰালৈ দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা বিজেপি সভাপতিগৰাকীয়ে কয় যে ৰাজ্যখনৰ জনমূৰি উপাৰ্জন ৩০ শতাংশ বৃদ্ধি হৈ বছৰি ১,৩০,০০০ টকাত উপণীত হৈছে, যিটো ৰাজ্যখন আগবাঢ়ি যোৱাৰ এক সূচক৷ ৰাজ্যখনৰ বাৰ্ষিক বাজেট ১২,৬০০ কোটি টকাৰ পৰা ২৭,০০০ কোটি টকালৈ বৃদ্ধি পাইছে বুলিও তেওঁ উল্লেখ কৰে৷

ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰদৰ্শনৰ কথা উল্লেখ কৰি নাড্ডাই কয় যে ৰাজসাহায্যপ্ৰাপ্ত হাৰত ধান সংগ্ৰহ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সফল ৰূপায়ণৰ ফলত কৃষকসকলৰ উপাৰ্জন প্ৰতি মাহে ৬৫০০ টকাৰ পৰা ১১,০০০ টকালৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ ৩৫ বছৰীয়া বাঁওপন্থী শাসনক ত্ৰিপুৰাৰ অন্ধকাৰ দিন বুলি অভিহিত কৰি তেওঁ কয় যে সেইসময়ত জনজাতীয় লোকসকলক উপেক্ষা কৰা হৈছিল, যুৱক-যুৱতীসকলক শোষণ কৰা হৈছিল আৰু মহিলাৰ সৱলীকৰণৰ বাবে কোনো কল্যাণমূলক পদক্ষেপ আৰম্ভ কৰা হোৱা নাছিল৷ ৰাজ্যখনত কংগ্ৰেছৰ পূৰ্বৰ চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যখনত সন্ত্ৰাসবাদ, অনুপ্ৰৱেশ আৰু দুৰ্নীতিৰ অনুমতি দিছিল বুলি নাড্ডাই মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ