--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে বিজেপিয়ে৷ খিলঞ্জীয়া নাগৰিকৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ হেৰাই যোৱাৰ পাছত ত্ৰিপুৰাত খিলঞ্জীয়া ত্ৰিপুৰীসকলে নিজৰ পৰিচয় আৰু আত্মপ্ৰতিষ্ঠাৰ এখন দীঘলীয়া যুঁজ চলাইছে দীৰ্ঘদিন ধৰি৷ বিশেষকৈ প্ৰদ্যোৎ দেব মণিক্য দেববাৰ্মাৰ নেতৃত্বত তিপ্ৰাই ৰাজ্যখনত আঞ্চলিক ৰাজনীতিৰ নতুন দিগন্তৰ সূচনা কৰিবলৈ প্ৰয়াস চলাই থকা পৰিলক্ষিত হৈছে৷ 

এনে সময়তে ৰাজ্যখনৰ ৰাজনীতিত তিকি থাকিবলৈ বিজেপিয়ে পুনৰ আৰম্ভ কৰিছে ৰাজনৈতিক কলা-কৌশল৷ বিজেপি পুনৰ ক্ষমতালৈ আহিলে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশে নতুন উচ্চতা স্পৰ্শ কৰিব বুলি আজি বিজেপিৰ জেপি নাড্ডাই ঘোষণা কৰিছে৷৷

ত্ৰিপুৰাত বিধানসভাৰ প্ৰচাৰ অভিযানৰ আৰম্ভ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আজি কয় যে দলটোৰ শাসনত বিগত চাৰি বছৰত ৰাজ্যখনত সৰ্বাত্মক উন্নয়ন ঘটিছে আৰু যদি ২০২৩ চনত পুনৰ বিজেপিক ক্ষমতালৈ আনিবলৈ ভোট দিয়া হয়, তেন্তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশে নতুন উচ্চতা স্পৰ্শ কৰিব। 

বিজেপিৰ শাসনকালত ত্ৰিপুৰাই বৃহৎ আন্তঃগাঁথনি বিনিয়োগ আকৰ্ষিত কৰিছিল আৰু বিজেপি শাসনৰ অধীনত ঔদ্যোগিকৰণে গতি লাভ কৰিছিল বুলিও মন্তব্য কৰে জেপি নাড্ডাই৷

ৰাজ্য আৰু কেন্দ্ৰ, শাসনৰ দুয়োটা মেৰুতে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে ত্ৰিপুৰাত দুগুণ বিকাশত উদগনি দিব বুলি তেওঁ আশাপ্ৰকাশ কৰে৷ ৬০ জনীয়া ত্ৰিপুৰা বিধানসভাত অহা বছৰৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব। ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ৩৬ খন আসন লাভ কৰিছিল। নাড্ডাই দাবী কৰিছে যে তেতিয়াৰ পৰাই ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ সমাপ্তি ঘটিছে। 

ত্ৰিপুৰালৈ দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা বিজেপি সভাপতিগৰাকীয়ে কয় যে ৰাজ্যখনৰ জনমূৰি উপাৰ্জন ৩০ শতাংশ বৃদ্ধি হৈ বছৰি ১,৩০,০০০ টকাত উপণীত হৈছে, যিটো ৰাজ্যখন আগবাঢ়ি যোৱাৰ এক সূচক৷ ৰাজ্যখনৰ বাৰ্ষিক বাজেট ১২,৬০০ কোটি টকাৰ পৰা ২৭,০০০ কোটি টকালৈ বৃদ্ধি পাইছে বুলিও তেওঁ উল্লেখ কৰে৷

ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰদৰ্শনৰ কথা উল্লেখ কৰি নাড্ডাই কয় যে ৰাজসাহায্যপ্ৰাপ্ত হাৰত ধান সংগ্ৰহ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সফল ৰূপায়ণৰ ফলত কৃষকসকলৰ উপাৰ্জন প্ৰতি মাহে ৬৫০০ টকাৰ পৰা ১১,০০০ টকালৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ ৩৫ বছৰীয়া বাঁওপন্থী শাসনক ত্ৰিপুৰাৰ অন্ধকাৰ দিন বুলি অভিহিত কৰি তেওঁ কয় যে সেইসময়ত জনজাতীয় লোকসকলক উপেক্ষা কৰা হৈছিল, যুৱক-যুৱতীসকলক শোষণ কৰা হৈছিল আৰু মহিলাৰ সৱলীকৰণৰ বাবে কোনো কল্যাণমূলক পদক্ষেপ আৰম্ভ কৰা হোৱা নাছিল৷ ৰাজ্যখনত কংগ্ৰেছৰ পূৰ্বৰ চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যখনত সন্ত্ৰাসবাদ, অনুপ্ৰৱেশ আৰু দুৰ্নীতিৰ অনুমতি দিছিল বুলি নাড্ডাই মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু