--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০গৰাকী তীৰ্থযাত্ৰীসকলৰ তেজৰ দাগ এতিয়াও শুকোৱা নাই। এনে সময়তে পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত কঁপি উঠিল কাশ্মীৰ। কাশ্মীৰৰ কথুৱা জিলাৰ  হিৰানগৰ অঞ্চলৰ ছাইদা গাঁৱত জেহাদীয়ে আক্ৰমণ কৰে। খবৰ অনুসৰি এই ঘটনাত তিনিজন অসামৰিক লোক আহত হৈছে।ইপিনে  সন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফৰ  এজন জোৱান  নিহত হোৱাৰ খবৰ আহিছে।  কাঠুৱাত সংঘটিত  এনকাউণ্টাৰৰ সময়ত চিআৰপিএফৰ জোৱানজন নিহত হয়।

 তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তদুপৰি এজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটোত কম্বিং অপাৰেছন  আৰম্ভ কৰিছে।  কাশ্মীৰৰ ডোডা জিলাতো যোৱা নিশা সেনাৰ এটা শিবিৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ছজন  সেনা জোৱান আহত হয়। ডোডাৰ চাট্টাৰগালাত সংঘটিত হৈছে এই ঘটনা।

মন কৰিবলগীয়া যে যোৱা দেওবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ পিছতে কাশ্মীৰ ৰয়ছীত তীৰ্থযাত্ৰীৰ এখন বাছত জেহাদীয়ে আক্ৰমণ কৰে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণৰ জড়িয়তে  শপতগ্ৰহণৰ সময়ক লক্ষ্য কৰি ভাৰতলৈ জেহাদৰ বাৰ্তা প্ৰেৰণ কৰে বুলি বহুতে ধাৰণা কৰিছে। ঘটনাৰ পিছদিনা লস্কৰ-ই-তৈবাৰ ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু