--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০গৰাকী তীৰ্থযাত্ৰীসকলৰ তেজৰ দাগ এতিয়াও শুকোৱা নাই। এনে সময়তে পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত কঁপি উঠিল কাশ্মীৰ। কাশ্মীৰৰ কথুৱা জিলাৰ  হিৰানগৰ অঞ্চলৰ ছাইদা গাঁৱত জেহাদীয়ে আক্ৰমণ কৰে। খবৰ অনুসৰি এই ঘটনাত তিনিজন অসামৰিক লোক আহত হৈছে।ইপিনে  সন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফৰ  এজন জোৱান  নিহত হোৱাৰ খবৰ আহিছে।  কাঠুৱাত সংঘটিত  এনকাউণ্টাৰৰ সময়ত চিআৰপিএফৰ জোৱানজন নিহত হয়।

 তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তদুপৰি এজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটোত কম্বিং অপাৰেছন  আৰম্ভ কৰিছে।  কাশ্মীৰৰ ডোডা জিলাতো যোৱা নিশা সেনাৰ এটা শিবিৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ছজন  সেনা জোৱান আহত হয়। ডোডাৰ চাট্টাৰগালাত সংঘটিত হৈছে এই ঘটনা।

মন কৰিবলগীয়া যে যোৱা দেওবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ পিছতে কাশ্মীৰ ৰয়ছীত তীৰ্থযাত্ৰীৰ এখন বাছত জেহাদীয়ে আক্ৰমণ কৰে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণৰ জড়িয়তে  শপতগ্ৰহণৰ সময়ক লক্ষ্য কৰি ভাৰতলৈ জেহাদৰ বাৰ্তা প্ৰেৰণ কৰে বুলি বহুতে ধাৰণা কৰিছে। ঘটনাৰ পিছদিনা লস্কৰ-ই-তৈবাৰ ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ