--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সহযোগী বিষয়াক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আজি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ৰাজেশ দাসক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ভিল্লুপুৰমৰ আদালতে নিলম্বিত আই পি এছ বিষয়াজনক এগৰাকী মহিলা বিষয়াক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

মহিলা আই পি এছ বিষয়াগৰাকীয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত জ্যেষ্ঠ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল, য’ত তদানীন্তন মুখ্যমন্ত্ৰী এদাপ্পাদি কে পালানিছামিৰ নিৰাপত্তাৰ বাবে কৰ্তব্যত যাওঁতে বিষয়াগৰাকীয়ে যৌন উৎপীড়নৰ বলি হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পাছতে এআইএডিএমকে চৰকাৰে দাসক নিলম্বন কৰি তদন্তৰ বাবে ছয়জনীয়া সমিতি গঠন কৰিছিল।অভিযুক্ত দলৰ এজন সদস্যই কয় যে, "আৰক্ষী কৰ্মীকে ধৰি ৬৮ জন ব্যক্তিৰ বক্তব্য ৰেকৰ্ড কৰিছিল।তদুপৰি বিষয়াজনক নিৰ্দেশ দিছিল যে তেওঁ আদালতৰ কাষত তাৎক্ষণিক জামিন বিচাৰিব পাৰে।"

এই বিষয়টো ২০২১ চনত নিৰ্বাচনৰ বিষয় হৈ পৰিছিল আৰু তেতিয়াৰ বিৰোধী দলৰ নেতা এম কে ষ্টেলিনে ক্ষমতালৈ অহাৰ বাবে ভোট দিলে উপযুক্ত আইনী প্ৰক্ৰিয়া আৰু শাস্তিৰ আশ্বাস দিছিল।যি বৰ্তমান সময়ত সুস্পষ্ট হৈ পৰিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ