--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সহযোগী বিষয়াক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আজি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ৰাজেশ দাসক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ভিল্লুপুৰমৰ আদালতে নিলম্বিত আই পি এছ বিষয়াজনক এগৰাকী মহিলা বিষয়াক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

মহিলা আই পি এছ বিষয়াগৰাকীয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত জ্যেষ্ঠ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল, য’ত তদানীন্তন মুখ্যমন্ত্ৰী এদাপ্পাদি কে পালানিছামিৰ নিৰাপত্তাৰ বাবে কৰ্তব্যত যাওঁতে বিষয়াগৰাকীয়ে যৌন উৎপীড়নৰ বলি হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পাছতে এআইএডিএমকে চৰকাৰে দাসক নিলম্বন কৰি তদন্তৰ বাবে ছয়জনীয়া সমিতি গঠন কৰিছিল।অভিযুক্ত দলৰ এজন সদস্যই কয় যে, "আৰক্ষী কৰ্মীকে ধৰি ৬৮ জন ব্যক্তিৰ বক্তব্য ৰেকৰ্ড কৰিছিল।তদুপৰি বিষয়াজনক নিৰ্দেশ দিছিল যে তেওঁ আদালতৰ কাষত তাৎক্ষণিক জামিন বিচাৰিব পাৰে।"

এই বিষয়টো ২০২১ চনত নিৰ্বাচনৰ বিষয় হৈ পৰিছিল আৰু তেতিয়াৰ বিৰোধী দলৰ নেতা এম কে ষ্টেলিনে ক্ষমতালৈ অহাৰ বাবে ভোট দিলে উপযুক্ত আইনী প্ৰক্ৰিয়া আৰু শাস্তিৰ আশ্বাস দিছিল।যি বৰ্তমান সময়ত সুস্পষ্ট হৈ পৰিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত