--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ যেন দেশৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে৷কিছুদিনৰ পূৰ্বে অসমৰো আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যময় মৃত্যু হৈছিল৷যাৰ তদন্ত ইতিমধ্যে CBIয়ে আৰম্ভ কৰিছে৷আন এক চাঞ্চল্যকৰ ঘটনাত শুকুৰবাৰে কালাবুৰাগীৰ জেৱৰগী তালুকৰ নাৰায়ণপুৰৰ সমীপত অবৈধভাৱে খনন কৰা বালি পৰিবহণ কৰা ট্ৰেক্টৰ এখন বন্ধ কৰিবলৈ গৈ কৰ্তব্যৰত অৱস্থাত মৃত্যু হয় নেলোগী থানাৰ এজন কনিষ্টবলৰ। আৰক্ষীয়ে জনোৱা মতে, ট্ৰেক্টৰ চালকজনে আৰক্ষী কনিষ্টবলজনৰ ওপৰেৰে মহতিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷

খবৰ অনুসৰি, নেলোগী থানাত কনিষ্টবল হিচাপে কৰ্মৰত ৫১ বছৰীয়া ময়ুৰাই অবৈধ বালি কঢ়িয়াই অনা ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰি থকা অৱস্থাত চালকজনে কনিষ্টবলজনৰ ওপৰেৰে গাড়ীখন মহতিয়াই লৈ যায়।

এই গোচৰৰ অভিযুক্ত চালক সিদ্দান্নাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অপৰাধ স্বীকাৰ কৰিছে। এটা গোচৰ ৰুজু কৰা হৈছে।ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক মন্ত্ৰী প্ৰিয়ংক খৰ্গেই কয় যে, "অবৈধ বালি খননৰ বিৰুদ্ধে তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই পুনৰবাৰ আৰক্ষী বিভাগক কঠোৰ নিৰ্দেশনা দিছোঁ।ইতিমধ্যে আৰক্ষীক সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement