--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ যেন দেশৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে৷কিছুদিনৰ পূৰ্বে অসমৰো আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যময় মৃত্যু হৈছিল৷যাৰ তদন্ত ইতিমধ্যে CBIয়ে আৰম্ভ কৰিছে৷আন এক চাঞ্চল্যকৰ ঘটনাত শুকুৰবাৰে কালাবুৰাগীৰ জেৱৰগী তালুকৰ নাৰায়ণপুৰৰ সমীপত অবৈধভাৱে খনন কৰা বালি পৰিবহণ কৰা ট্ৰেক্টৰ এখন বন্ধ কৰিবলৈ গৈ কৰ্তব্যৰত অৱস্থাত মৃত্যু হয় নেলোগী থানাৰ এজন কনিষ্টবলৰ। আৰক্ষীয়ে জনোৱা মতে, ট্ৰেক্টৰ চালকজনে আৰক্ষী কনিষ্টবলজনৰ ওপৰেৰে মহতিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷

খবৰ অনুসৰি, নেলোগী থানাত কনিষ্টবল হিচাপে কৰ্মৰত ৫১ বছৰীয়া ময়ুৰাই অবৈধ বালি কঢ়িয়াই অনা ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰি থকা অৱস্থাত চালকজনে কনিষ্টবলজনৰ ওপৰেৰে গাড়ীখন মহতিয়াই লৈ যায়।

এই গোচৰৰ অভিযুক্ত চালক সিদ্দান্নাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অপৰাধ স্বীকাৰ কৰিছে। এটা গোচৰ ৰুজু কৰা হৈছে।ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক মন্ত্ৰী প্ৰিয়ংক খৰ্গেই কয় যে, "অবৈধ বালি খননৰ বিৰুদ্ধে তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই পুনৰবাৰ আৰক্ষী বিভাগক কঠোৰ নিৰ্দেশনা দিছোঁ।ইতিমধ্যে আৰক্ষীক সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান