--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কন্যা কেতিয়াও দায়িত্ব নহয়, শুকুৰবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু এ এছ বোপান্নাৰ বিচাৰপীঠৰ পৰা এই পৰ্যবেক্ষণৰ পাছতে পিতৃ জনৰ হৈ হাজিৰ হোৱা অধিবক্তাই মহিলাগৰাকী দায়বদ্ধতা বুলি কোৱাৰ পাছতে শুকুৰবাৰে এই মন্তব্য আগবঢ়ায় ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে(Justice DY Chandrachud)।

শুনানিৰ সময়ত এগৰাকী পিতৃৰ অধিবক্তাই কয় যে, “কন্যা এক দায়বদ্ধতা”। এই সন্দৰ্ভত ন্যায়াধীশ ডি.ৱাই.চন্দ্ৰচুডে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উদ্ধৃতি দি কয় যে, "কন্যাই কোনো দায়িত্ব নহয়। এজন অধিবক্তাই সংবিধানৰ ১৪ নং অনুচ্ছেদটো সঠিকভাৱে চাব লাগে।"

পৰিয়ালৰ জনিত গোচৰত ইয়াৰ পূৰ্বে আদালতে ২.৫ লাখ টকা কন্যা আৰু মাতৃ দিবলৈ নিৰ্দেশ দিছিল এগৰাকী ব্যক্তিক ।উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ ৫ অক্টোবৰত পিতৃক দুসপ্তাহৰ ভিতৰত কন্যা আৰু মাতৃ দুয়োকে ২.৫ লাখ টকাৰ ধন দিবলৈ নিৰ্দেশ দিছিল। কিন্তু ২০২১ চনৰ ৬ ছেপ্টেম্বৰত তেওঁৰ মাতৃৰ মৃত্যু হয়।

আৱেদনকাৰীৰ অভিযোগ আছিল যে  ভৰণ-পোষণ বাবদ অৰ্থাৎ জীয়েকৰ বাবে মাহে ৮ হাজাৰ টকা আৰু মাতৃৰ বাবে মাহে ৪০০ টকাকৈ কোনো ধৰণৰ ধন পৰিশোধ কৰা হোৱা নাছিল।

পাছত চলিত বৰ্ষৰ মে’ মাহত যেতিয়া বিষয়টো শুনানিৰ বাবে আহিছিল, তেতিয়া বিচাৰপীঠক জনোৱা হৈছিল যে যোৱা বছৰ পত্নীৰ মৃত্যু হৈছে। লোকজনৰ হৈ হাজিৰ হোৱা অধিবক্তাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে তেওঁ ৰক্ষণাবেক্ষণৰ  ধন যথাযথভাৱে পৰিশোধ কৰিছে আৰু বেংক ষ্টেটমেণ্টৰ উল্লেখ কৰিছিল।

এই  বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জীয়ক (ন্যায়িক)য়ে আবেদনকাৰী আৰু প্ৰতিবাদীৰ হৈ পেছৰ অধিবক্তাক স্থিতি নিৰ্ণয় কৰাৰ পিছত বাস্তৱিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কয়।

আদালতে পূৰ্বৰ আদেশত কৈছিল যে প্ৰতিবাদীয়ে পঞ্জীয়ক (ন্যায়িক)ৰ আগত সমৰ্থনকাৰী নথি আৰু প্ৰমাণ প্ৰদান কৰিব লাগিব। একেদৰে আবেদনকাৰীৰ অধিবক্তাই আনজন আবেদনকাৰীৰ বেংক ষ্টেটমেণ্ট দাখিল কৰিবলৈ স্বাধীন হ’ব যিয়ে পেমেণ্ট লাভ কৰা হৈছে নে নাই সেইটো প্ৰমাণ কৰিব। আঠ সপ্তাহৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব পঞ্জীয়কৰ (ন্যায়িক) প্ৰতিবেদন।

শুকুৰবাৰে যেতিয়া বিষয়টো শুনানিৰ বাবে আহিছিল, তেতিয়া বিচাৰপীঠক জনোৱা হৈছিল যে মহিলাগৰাকী এগৰাকী অধিবক্তা আৰু তেওঁ ন্যায়িক সেৱাৰ পৰীক্ষাৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছে। শীৰ্ষ ন্যায়ালয়ে লক্ষ্য কৰিলে যে মহিলাগৰাকীয়ে পৰীক্ষাত মনোনিৱেশ কৰিব লাগে যাতে তেওঁ পিতৃৰ ওপৰত নিৰ্ভৰশীল নহয়।

মহিলাগৰাকী আৰু তেওঁৰ পিতৃয়ে বহুদিনৰ পৰা ইজনে সিজনৰ লগত কথা পতা নাই বুলি বিচাৰপীঠক জনোৱাৰ পাছতে আদালতে তেওঁলোকক কথা পাতিবলৈ পৰামৰ্শ দিয়ে। বিচাৰপীঠে লোকজনক ৮ আগষ্টৰ ভিতৰত কন্যাক ৫০ হাজাৰ দিবলৈ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ