--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কন্যা কেতিয়াও দায়িত্ব নহয়, শুকুৰবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু এ এছ বোপান্নাৰ বিচাৰপীঠৰ পৰা এই পৰ্যবেক্ষণৰ পাছতে পিতৃ জনৰ হৈ হাজিৰ হোৱা অধিবক্তাই মহিলাগৰাকী দায়বদ্ধতা বুলি কোৱাৰ পাছতে শুকুৰবাৰে এই মন্তব্য আগবঢ়ায় ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে(Justice DY Chandrachud)।

শুনানিৰ সময়ত এগৰাকী পিতৃৰ অধিবক্তাই কয় যে, “কন্যা এক দায়বদ্ধতা”। এই সন্দৰ্ভত ন্যায়াধীশ ডি.ৱাই.চন্দ্ৰচুডে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উদ্ধৃতি দি কয় যে, "কন্যাই কোনো দায়িত্ব নহয়। এজন অধিবক্তাই সংবিধানৰ ১৪ নং অনুচ্ছেদটো সঠিকভাৱে চাব লাগে।"

পৰিয়ালৰ জনিত গোচৰত ইয়াৰ পূৰ্বে আদালতে ২.৫ লাখ টকা কন্যা আৰু মাতৃ দিবলৈ নিৰ্দেশ দিছিল এগৰাকী ব্যক্তিক ।উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ ৫ অক্টোবৰত পিতৃক দুসপ্তাহৰ ভিতৰত কন্যা আৰু মাতৃ দুয়োকে ২.৫ লাখ টকাৰ ধন দিবলৈ নিৰ্দেশ দিছিল। কিন্তু ২০২১ চনৰ ৬ ছেপ্টেম্বৰত তেওঁৰ মাতৃৰ মৃত্যু হয়।

আৱেদনকাৰীৰ অভিযোগ আছিল যে  ভৰণ-পোষণ বাবদ অৰ্থাৎ জীয়েকৰ বাবে মাহে ৮ হাজাৰ টকা আৰু মাতৃৰ বাবে মাহে ৪০০ টকাকৈ কোনো ধৰণৰ ধন পৰিশোধ কৰা হোৱা নাছিল।

পাছত চলিত বৰ্ষৰ মে’ মাহত যেতিয়া বিষয়টো শুনানিৰ বাবে আহিছিল, তেতিয়া বিচাৰপীঠক জনোৱা হৈছিল যে যোৱা বছৰ পত্নীৰ মৃত্যু হৈছে। লোকজনৰ হৈ হাজিৰ হোৱা অধিবক্তাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে তেওঁ ৰক্ষণাবেক্ষণৰ  ধন যথাযথভাৱে পৰিশোধ কৰিছে আৰু বেংক ষ্টেটমেণ্টৰ উল্লেখ কৰিছিল।

এই  বিসংগতিৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জীয়ক (ন্যায়িক)য়ে আবেদনকাৰী আৰু প্ৰতিবাদীৰ হৈ পেছৰ অধিবক্তাক স্থিতি নিৰ্ণয় কৰাৰ পিছত বাস্তৱিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কয়।

আদালতে পূৰ্বৰ আদেশত কৈছিল যে প্ৰতিবাদীয়ে পঞ্জীয়ক (ন্যায়িক)ৰ আগত সমৰ্থনকাৰী নথি আৰু প্ৰমাণ প্ৰদান কৰিব লাগিব। একেদৰে আবেদনকাৰীৰ অধিবক্তাই আনজন আবেদনকাৰীৰ বেংক ষ্টেটমেণ্ট দাখিল কৰিবলৈ স্বাধীন হ’ব যিয়ে পেমেণ্ট লাভ কৰা হৈছে নে নাই সেইটো প্ৰমাণ কৰিব। আঠ সপ্তাহৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব পঞ্জীয়কৰ (ন্যায়িক) প্ৰতিবেদন।

শুকুৰবাৰে যেতিয়া বিষয়টো শুনানিৰ বাবে আহিছিল, তেতিয়া বিচাৰপীঠক জনোৱা হৈছিল যে মহিলাগৰাকী এগৰাকী অধিবক্তা আৰু তেওঁ ন্যায়িক সেৱাৰ পৰীক্ষাৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছে। শীৰ্ষ ন্যায়ালয়ে লক্ষ্য কৰিলে যে মহিলাগৰাকীয়ে পৰীক্ষাত মনোনিৱেশ কৰিব লাগে যাতে তেওঁ পিতৃৰ ওপৰত নিৰ্ভৰশীল নহয়।

মহিলাগৰাকী আৰু তেওঁৰ পিতৃয়ে বহুদিনৰ পৰা ইজনে সিজনৰ লগত কথা পতা নাই বুলি বিচাৰপীঠক জনোৱাৰ পাছতে আদালতে তেওঁলোকক কথা পাতিবলৈ পৰামৰ্শ দিয়ে। বিচাৰপীঠে লোকজনক ৮ আগষ্টৰ ভিতৰত কন্যাক ৫০ হাজাৰ দিবলৈ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু