--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা আৰু এজন যুৱকে এনে কাম কৰিলে যে সকলোৱে ঘৃণাত নাক কোচাইছে। নিজৰ জীয়েকৰ হ’বলগীয়া স্বামীৰ প্ৰেমত পৰিল মহিলাগৰাকী আৰু জীয়েকৰ বিয়াৰ তাৰিখ ওচৰ চাপি অহাত তেওঁ হ’বলগীয়া জোঁৱাইৰ সৈতে ঘৰৰ পৰা পলাই যায়। তেওঁলোকৰ প্ৰেমৰ সংযোগৰ মাধ্যম আছিল এটা স্মাৰ্টফোন, যিটো হ’বলগীয়া জোঁৱায়েকে শাহুক উপহাৰ দিছিল। দুয়ো ঘণ্টা ঘণ্টা ধৰি ফোনত কথা পাতিছিল।

আলিগড়ত ঘটিছে এই ঘটনা। জিতেন্দ্ৰ কুমাৰ নামৰ এজন ব্যক্তিয়ে থানাত এজাহাৰ দাখিল কৰিছে যে তেওঁৰ পত্নী আৰু তেওঁৰ কন্যাৰ হ'বলগীয়া দৰা বিয়াৰ পূৰ্বে ঘৰৰ পৰা পলাই গৈছে। আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল দুয়োজনে একেলগে পলাই গৈ ঘৰৰ পৰা প্ৰায় ৩.৫ লাখ টকা নগদ ধন আৰু প্ৰায় ৫ লাখ টকাৰ সোণ-ৰূপৰ গহনা লৈ যায়।

জিতেন্দ্ৰ কুমাৰে কয় যে তেওঁৰ কন্যাৰ বিবাহ ১৬ এপ্ৰিলত ঠিক কৰা হৈছিল। বিয়াৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছিল। আত্মীয়-স্বজনক নিমন্ত্ৰণ কাৰ্ড বিতৰণ কৰা হৈছিল আৰু ঘৰখনত বিয়াৰ পৰিৱেশ বিৰাজ কৰিছিল। কিন্তু হঠাৎ এদিন তেওঁৰ পত্নী ঘৰৰ পৰা নোহোৱা হৈ গ’ল। প্ৰথমতে সকলোৱে ভাবিছিল যে তেওঁ হয়তো কোনোবা আত্মীয়ৰ ঘৰলৈ গৈছিল, কিন্তু যেতিয়া তেওঁ বহু সময় ঘূৰি নাহিল, তেতিয়া বিচাৰিবলৈ আৰম্ভ হ’ল। ইফালে এই কথাও পোহৰলৈ আহিল যে কন্যাৰ সৈতে বিয়া ঠিক কৰা যুৱকজনো হঠাৎ নোহোৱা হ’ল ঘৰৰ পৰা। সন্দেহ আৰু অধিক গভীৰ হৈ পৰিল। অনুসন্ধান কৰি গম পোৱা গল যে মহিলাগৰাকী যুৱকজনৰ সৈতে পলাই গৈছে।

ঘটনা অনুসৰি মহিলাগৰাকীৰ হ’বলগীয়া জোঁৱায়েকে তেওঁক এটা দামী স্মাৰ্টফোন উপহাৰ দিছিল, আৰু সেই ফোনৰ জৰিয়তে দুয়ো দিনে-নিশাই যোগাযোগত আছিল। জিতেন্দ্ৰ কুমাৰে ক'লে, ''মই বেংগালুৰুত কাম কৰো আৰু এমাহ বা দুমাহত এবাৰ ঘৰলৈ আহোঁ। যোৱাবাৰ আহি দেখিলো মোৰ ছোৱালীজনীৰ বিয়া ঠিক হোৱা ল’ৰাটোৰ লগত মোৰ পত্নীয়ে অত্যধিক কথা পাতিছে। প্ৰথম অৱস্থাত মই আওকাণ কৰিলোঁ। কিন্তু যেতিয়া গম পালোঁ ল’ৰাটোৱে মোৰ পত্নীৰ লগত ঘণ্টা-ঘণ্টা ধৰি বাৰ্তালাপ কৰে আৰু ছোৱালীজনীৰ সৈতে কেতিয়াবাহে কথা পাতে তেতিয়া মোৰ বহুত আচৰিত লাগিছিল।'' 

জিতেন্দ্ৰ কুমাৰে লগতে কয় যে ''ঘৰত নগদ ৩.৫ লাখ টকা আৰু প্ৰায় ৫ লাখ টকাৰ গহনা আছিল। যিবোৰ বিয়াত ব্যৱহাৰ কৰিবলগীয়া আছিল। কিন্তু এতিয়া সকলো শেষ হৈ গ’ল। মোৰ ছোৱালীজনীৰ বিয়া ভাঙি গ’ল, মোৰ সন্মানো শেষ হৈ গ’ল।''

কন্যা শিৱানীয়ে কয় যে ''মায়ে মোৰ বিয়া ভাঙিলে। সেই ল’ৰাটোৱে মোৰ লগত কথাও পতা নাছিল, যেতিয়াই মই তেওঁক কিবা সুধিছিলো তেতিয়াই তেওঁ কৈছিল যে তেওঁ বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে। পিছত বুজিলোঁ যে সি মাৰ লগত দিনে-নিশাই কথা পাতিছিল। মায়ে আমাৰ ঘৰৰ পৰা সকলো বস্তু লৈ গুচি গ'ল। এতিয়া তেওঁ জীয়াই থাকক বা মৰি যাওক, তাত আমি গুৰুত্ব নিদিওঁ। আমি মাত্ৰ আমাৰ বস্তুবোৰ ঘূৰাই বিচাৰো।''

এই সমগ্ৰ গোচৰত নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম মাদ্ৰাক থানাত পঞ্জীয়ন কৰি আৰক্ষীয়ে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, এই গোচৰটো অত্যন্ত স্পৰ্শকাতৰ আৰু ইয়াত প্ৰৱঞ্চনা, আস্থা ভংগ, সম্পত্তি চুৰি আদি গুৰুতৰ দিশ জড়িত হৈ আছে। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে ''অভিযোগ পোৱাৰ লগে লগে আমি মহিলাগৰাকী আৰু যুৱকজনক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। মোবাইলৰ স্থান আৰু চিচিটিভিৰ ফুটেজৰ তদন্ত চলি আছে। পৰিয়ালে দিয়া বক্তব্যৰ ভিত্তিত ধাৰা সংযোজন কৰা হৈছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক