--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যপালসকলে সংবিধানৰ শপত গ্ৰহণ কৰে আৰু তেওঁলোক কোনো ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত হ'ব নালাগে। ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত চলি থকা সংঘাতৰ সৈতে জড়িত এটা গোচৰত আজি উচ্চতম ন্যায়ালয়ে এই মত প্রকাশ কৰে। উচ্চতম ন্যায়ালয়ে লগতে কয় যে ৰাজ্যপালে কোনো বিধেয়কত অনুমোদন নজনোৱা পেলাই থ'ব নোৱাৰে আৰু ৰাজ্য চৰকাৰৰ পৰামৰ্শমতে চলিবলৈ বাধ্য। তামিলনাডু চৰকাৰ আৰু ৰাজ্যপালৰ মাজত চলি থকা বিবাদৰ গোচৰত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে। ৰাজ্যখনৰ ৰাজ্যপাল এন ৰবিয়ে ১০খন বিধেয়কত অনুমোদন নজনোৱা আৰু ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে প্ৰেৰণ নকৰা কাৰ্যক সংবিধান উলংঘা বুলি উচ্চতম ন্যায়ালয়ে কয়। 

ন্যায়াধীশ জে বি পাৰদিৱালা আৰু ন্যায়াধীশ আৰু মহাদেৱনৰ বিচাৰপীঠে কয় যে সংবিধানৰ ২০০ নম্বৰ অনুচ্ছেদ অনুসৰি ৰাজ্যপালৰ কোনো বিশেষাধিকাৰ নাই আৰু তেওঁ অনিবার্যভাৱে মন্ত্রীপৰিষদৰ সহায় তথা পৰামৰ্শ মতে কাম কৰিবলৈ বাধ্য। আদালতে কঠোৰ ভাষা প্ৰয়োগ কৰি কয় যে ৰাজ্যপালে কোনো বিধেয়কত অনুমোদন নজনোৱাকৈ থাকিব নোৱাৰে। ৰাজ্যপালে 'পূর্ণ পৰ্যায়ৰ ভেটো' বা আংশিক ভেটো (পকেট ভেটো) ব্যৱহাৰ কৰিব নোৱাৰে। 

দেশৰ সৰ্বোচ্চ আদালতে ৰাজ্য বিধানসভাই গৃহীত কৰা বিধেয়কৰ সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ কাৰণে ৰাজ্যপালসকলৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে বিধেয়কখন দ্বিতীয়বাৰলৈ ৰাজ্যপালৰ সন্মুখত উত্থাপন কৰাৰ দিনাই ইয়াত অনুমোদন জনোৱা বুলি ধৰি লোৱা হ'ব। উচ্চতম ন্যায়ালয়ে প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ৰায় দিয়ে। সংবিধানৰ ২০০ নম্বৰ অনুচ্ছেদ অনুসৰি ৰাজ্যপালে ব্যৱস্থা গ্রহণ কৰাৰ কোনো সময়সীমা নাই বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কয় যে ইয়াৰ অৰ্থ এইটো নহয় যে ৰাজ্যপালসকলে বিধানসভাত গৃহীত কোনো বিধেয়কক লৈ ব্যৱস্থা গ্ৰহণ নকৰিব। বিধানসভাত গৃহীত যিকোনো বিধেয়ক ৰাজ্যপালে সর্বাধিক এমাহ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে প্ৰেৰণ নকৰাকৈ ৰাখি থ'ব পাৰিব। 

যদিহে ৰাজ্যপালে মন্ত্রীসভাৰ পৰামৰ্শ অবিহনে কোনো বিধেয়কত বাধা দিবলৈ বিচাৰে তেতিয়া তিনি মাহৰ ভিতৰত এই বিধেয়ক বিধানসভালৈ পুনৰ প্ৰেৰণ কৰিব লাগিব। বিধানসভাই দ্বিতীয়বাৰলৈ বিধেয়কত অনুমোদন জনালে ৰাজ্যপালে এমাহৰ ভিতৰত ইয়াত অনুমোদন জনাবলৈ বাধ্য। যদিহে ৰাজ্যপালে এমাহৰ ভিতৰত বিধেয়কত সন্মতি নজনায় তেতিয়া উচ্চতম ন্যায়ালয়ে ইয়াৰ ন্যায়িক পর্যালোচনা কৰিব। উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা ১০খন বিধেয়কত অনুমোদন জনোৱাৰ বাবে সংবিধানৰ ১৪২ নম্বৰ অনুচ্ছেদ ব্যৱহাৰ কৰে। দেশত ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত বিবাদ চলি থকাৰ সময়তে সর্বোচ্চ আদালতে গুৰুত্বপূৰ্ণ ৰায়টোত কয় যে ৰাজ্যপালে এই কথা মনত ৰখা উচিত যে তেওঁ ৰাজ্য বিধানসভাৰ সন্মুখত বাধাৰ সৃষ্টি কৰি জনসাধাৰণৰ ইচ্ছা তথা আশা-আকাংক্ষাত প্রতিবন্ধকতা আনিব নালাগে। 

আদালতে কয় যে ৰাজ্য বিধানসভাৰ সদস্যসকলক জনসাধাৰণে গণতান্ত্রিকভাৱে নির্বাচিত কৰে আৰু তেওঁলোকে জনসাধাৰণৰ কল্যাণৰ বাবে ভালদৰে কাম কৰিব পাৰে। ৰাজ্যপালৰ সন্মুখত কেৱল তিনিটা বিকল্প আছে। বিধেয়কত অনুমোদন জনোৱা, সন্মতি নজনোৱাকৈ ৰাখি থ'ব পাৰে অথবা ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে সংৰক্ষিত ৰখা। যেতিয়া বিধেয়কখন ৰাজ্যপাললৈ দ্বিতীয়বাৰ প্ৰেৰণ কৰা হয় তেতিয়া বিধেয়ক ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ নকৰাকৈ ৰখাই থোৱাৰ পক্ষপাতী নহয় আদালত। 

ৰাজ্যপালে ইয়াত অনুমোদন জনোৱা উচিত। যদিহে দ্বিতীয়বাৰ প্ৰেৰণ কৰা বিধেয়কৰ পূৰ্বতে প্ৰেৰণ কৰা বিধেয়কৰ লগত পার্থক্য থাকে তেতিয়া ৰাজ্যপালে ইয়াত অনুমোদন নজনাব পাৰে। ৰায়টোত বিচাৰপীঠে কয় যে ৰাজ্যপাল এজন বন্ধু, দার্শনিক আৰু পথ প্ৰদৰ্শকৰ দৰে হ'ব লাগে। আদালতে কয়, 'আপোনালোকে সংবিধানৰ শপত গ্রহণ কৰে। আপোনালোক কোনো ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত হ'ব নালাগে। আপোনালোক অনুঘটক হ'ব লাগে, অৱৰোধক নহয়। ৰাজ্যপালে এই কথা মনত ৰখা উচিত যে কোনো ধৰণৰ বাধাৰ সৃষ্টি হ'ব নালাগে।

এই কথা মনত ৰখা উচিত যে কোনো ধৰণৰ বাধাৰ সৃষ্টি হ'ব নালাগে। তামিলনাডুৰ উক্ত বিধেয়ককেইখন ৰাজ্যপালে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ নকৰাটো অবৈধ আৰু স্বেচ্ছাচাৰিতা। ৰাজ্যপালজনৰ কাৰ্য গ্রহযোগ্য নহয়।' আদালতে কয়, 'ৰাজ্যপাল এন ৰবিয়ে হয়তো নিজৰ ইচ্ছাৰে এই কাম কৰা নাই। কিন্তু তেওঁলৈ বিধেয়ককেইখন দ্বিতীয়বাৰ প্ৰেৰণ কৰাৰ দিনাই ইয়াক অনুমোদন জনোৱা বুলি গ্ৰহণ কৰা হ'ব।' আদালতে ৰাজ্যপালৰ ক্ষমতা দুৰ্বল কৰা নাই বুলি উল্লেখ কৰি কয় যে তেওঁ সংসদীয় গণতন্ত্ৰৰ নীতি অনুসৰি সকলো কাম কৰিব লাগে।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement