--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিযোগিতামূলক মনোভাবক লালন কৰে পেট কামিন্সে৷ খেলুৱৈসুলভ কথনভংগী আৰু প্ৰতিপক্ষক দুৰ্বল বুলি নাভাবি আত্মবিশ্বাসেৰে কামিন্স নামি পৰে ৰণক্ষেত্ৰত৷ 

দুদিন পূৰ্বে ষ্টেডিয়ামৰ কোলাহলক নীৰৱ কৰি তোলাৰ অংগীকাৰ লৈছিল পেট কামিন্সে৷ আৰু বাস্তৱত সেয়াই হ’ল৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ হৰ্ষোল্লাস নিমিষতে হৈ পৰিল মৰিশালিৰ নিস্তব্ধতা৷ 

বিশ্বজয় কৰাৰ পাছত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়— বিৰাট কোহলী যেতিয়া আউট হৈছিল, তেতিয়া ষ্টেডিয়ামৰ কোলাহল নীৰৱতালৈ ৰূপান্তৰিত হৈছিল৷ আৰু সেই মুহূৰ্তটো আটাইতকৈ সন্তোষজনক আছিল৷

দেওবাৰে ষষ্ঠবাৰৰ বাবে এদিনীয়া বিশ্ব কাপৰ খিতাপ জয় কৰা কামিন্সে স্বীকাৰ কৰে যে তেওঁ পুনৰ ৫০ অভাৰৰ ফৰ্মেটৰ প্ৰেমত পৰিছে।

ক্ৰিকেট খেলপথাৰত নীৰৱতা তেওঁৰ আটাইতকৈ মধুৰ অভিজ্ঞতা নেকি বুলি সোধাত কামিন্সে ইতিবাচকভাৱে মূৰ দুপিয়াই কয়, হয়, মই এনেকুৱাই অনুভৱ কৰোঁ৷ তেওঁ কয়, আমি কেৱল ভিৰৰ চাৰিওফালে ঘূৰি থকা নীৰৱতাক স্বীকাৰ কৰিবলৈ এক ছেকেণ্ড সময় লৈছিলোঁ।

কামিন্সে লগতে কয়, মই এই বিশ্ব কাপত পুনৰ এদিনীয়াৰ প্ৰেমত পৰিছিলোঁ। মই ভাবো যে প্ৰতি প্ৰকাৰৰ খেলে প্ৰকৃততে গুৰুত্বপূৰ্ণ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক