--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সৰ্বত্ৰে এতিয়া কোহলী বন্দনা। পাকিস্তানৰ বিৰুদ্ধে জয়ৰ নায়ক বিৰাট কোহলীৰ বাবে আৱেগিক হৈ পৰিল তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাই।

ইনষ্টাগ্ৰামত টিভিৰ পৰ্দাত কোহলীয়ে বিজয়োল্লাস কৰি থকাৰ এখনি ফটো প’ষ্ট কৰি অনুষ্কাই এটা দীঘল কেপচন লিখিছে। অনুষ্কাই লিখে যে দিৱালীৰ প্ৰাকক্ষণত কোহলীয়ে দেশবাসীলৈ ব্যাপক আনন্দ কঢ়িয়াই আনিলে।

“মই এইমাত্ৰ মোৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ খেলখন উপভোগ কৰিলো।”- অনুষ্কাই লিখে। এইক্ষেত্ৰত তেওঁ শেহতীয়াকৈ কোহলীয়ে কেৰিয়াৰৰ সংকটৰ সন্মুখীন হোৱা দিনবোৰো মনত পেলায়।

অনুষ্কাই কয় যে কেৰিয়াৰৰ বেয়া দিনবোৰ পাৰ কৰি কোহলী এতিয়া অধিক শক্তিশালী আৰু পুৰঠ হৈ পৰিছে। এইক্ষেত্ৰত তেওঁ কোহলীৰ উৎসাহ-মনোবল-আত্মবিশ্বাসক প্ৰশংসা কৰে।

উল্লেখ্য যে আজি পাকিস্তানৰ বিৰুদ্ধে ভাৰতে টি২০ বিশ্বকাপৰ সফল আৰম্ভণি ঘটায়। কোহলীৰ ৫৩ টা বলত ৮২ ৰাণৰ জৰিয়তে ভাৰতে পাকিস্তানে বান্ধি দিয়া ১৬০ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক