--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  “মই শব্দহীন হৈ পৰিছো। কেনেকৈ কি ঘটি গ’ল মই একো নাজানো।”- পাকিস্তানৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্যতম সৰ্বোৎকৃষ্ট ইনিংছটো খেলাৰ পাছতে এইদৰে কয় বিৰাট কোহলীয়ে।

 

মেচৰ শেষত কোহলীক তেওঁৰ অনুভৱৰ বিষয়ে সোধা হয়। কোহলীয়ে কয় যে সমগ্ৰ পৰিৱেশটো তেওঁৰ বাবে অতিবাস্তৱিক।

 

এইক্ষেত্ৰত তেওঁৰ স’তে সুন্দৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলা হাৰ্দিক পাণ্ডিয়াৰ কথা উল্লেখ কৰে। কয় যে হাৰ্ডিকে তেওঁক মেচৰ শেষলৈকে থাকিবলৈ কৈ আছিল।

 

উল্লেখ্য যে পাকিস্তানে বান্ধি দিয়া ১৬০ ৰাণৰ লক্ষ্য লৈ ইনিংছ আৰম্ভ কৰা ভাৰতে খুব সোনকালেই বেটিং ক্ৰমৰ শীৰ্ষ বেটছমেনসকলক হেৰুৱাই পেলাইছিল। ব্যৰ্থ হৈছিল ৰোহিত, ৰাহুল, সূৰ্যকুমাৰ যাদৱ।

 

কিন্তু কোহলীৰ একক প্ৰচেষ্টাই দলক বিজয়ৰ মুখ দেখুৱাবলৈ সক্ষম হয়। কোহলীয়ে ৫৩ টা বলত ৮২ ৰাণ সংগ্ৰহ কৰি অপৰাজিত থাকে। ইনিংছটোত তেওঁ ছটা চাৰি আৰু চাৰিটা ছয় কোবায়।

 

এইক্ষেত্ৰত তেওঁক সহযোগ আগবঢ়ায় হাৰ্দিক পাণ্ডিয়াই। পাণ্ডিয়াই ৪০টা বলত ৩৭ ৰাণ কৰে। কোহলী আৰু পাণ্ডিয়াই ষষ্ঠ উইকেটৰ যুটীত সংগ্ৰহ কৰা ১১৩ ৰাণে ভাৰতক শক্তিশালি পৰ্যায়লৈ লৈ যায়।

 

ইনিংছটোক তেওঁ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলিও আখ্যা দিয়ে। ইয়াৰ পূৰ্বে ২০১৬ চনৰ টি২০ বিশ্বকাপত মহালিত কৰা ৮২ ৰাণৰ ইনিংছটোক টি২০ কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ বুলি কৈ আহিছিল। উক্ত ইনিংছটোত কোহলীয়ে ৫২ টা বলৰ মুখামুখি হৈছিল।

 

“কিন্তু মই আজি ভাবিছো যে আজিৰ ইনিংছটো সকলোতকৈ শ্ৰেষ্ঠ।”- মেচৰ শেষত আৱেগিক হৈ পৰা কোহলীয়ে এইদৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক