--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  “মই শব্দহীন হৈ পৰিছো। কেনেকৈ কি ঘটি গ’ল মই একো নাজানো।”- পাকিস্তানৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্যতম সৰ্বোৎকৃষ্ট ইনিংছটো খেলাৰ পাছতে এইদৰে কয় বিৰাট কোহলীয়ে।

 

মেচৰ শেষত কোহলীক তেওঁৰ অনুভৱৰ বিষয়ে সোধা হয়। কোহলীয়ে কয় যে সমগ্ৰ পৰিৱেশটো তেওঁৰ বাবে অতিবাস্তৱিক।

 

এইক্ষেত্ৰত তেওঁৰ স’তে সুন্দৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলা হাৰ্দিক পাণ্ডিয়াৰ কথা উল্লেখ কৰে। কয় যে হাৰ্ডিকে তেওঁক মেচৰ শেষলৈকে থাকিবলৈ কৈ আছিল।

 

উল্লেখ্য যে পাকিস্তানে বান্ধি দিয়া ১৬০ ৰাণৰ লক্ষ্য লৈ ইনিংছ আৰম্ভ কৰা ভাৰতে খুব সোনকালেই বেটিং ক্ৰমৰ শীৰ্ষ বেটছমেনসকলক হেৰুৱাই পেলাইছিল। ব্যৰ্থ হৈছিল ৰোহিত, ৰাহুল, সূৰ্যকুমাৰ যাদৱ।

 

কিন্তু কোহলীৰ একক প্ৰচেষ্টাই দলক বিজয়ৰ মুখ দেখুৱাবলৈ সক্ষম হয়। কোহলীয়ে ৫৩ টা বলত ৮২ ৰাণ সংগ্ৰহ কৰি অপৰাজিত থাকে। ইনিংছটোত তেওঁ ছটা চাৰি আৰু চাৰিটা ছয় কোবায়।

 

এইক্ষেত্ৰত তেওঁক সহযোগ আগবঢ়ায় হাৰ্দিক পাণ্ডিয়াই। পাণ্ডিয়াই ৪০টা বলত ৩৭ ৰাণ কৰে। কোহলী আৰু পাণ্ডিয়াই ষষ্ঠ উইকেটৰ যুটীত সংগ্ৰহ কৰা ১১৩ ৰাণে ভাৰতক শক্তিশালি পৰ্যায়লৈ লৈ যায়।

 

ইনিংছটোক তেওঁ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলিও আখ্যা দিয়ে। ইয়াৰ পূৰ্বে ২০১৬ চনৰ টি২০ বিশ্বকাপত মহালিত কৰা ৮২ ৰাণৰ ইনিংছটোক টি২০ কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ বুলি কৈ আহিছিল। উক্ত ইনিংছটোত কোহলীয়ে ৫২ টা বলৰ মুখামুখি হৈছিল।

 

“কিন্তু মই আজি ভাবিছো যে আজিৰ ইনিংছটো সকলোতকৈ শ্ৰেষ্ঠ।”- মেচৰ শেষত আৱেগিক হৈ পৰা কোহলীয়ে এইদৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু