--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি আনন্দৰ বন্যা বৈ গৈছে। পাকিস্তানৰ বিৰুদ্ধে বিজয়ী ইনিংছৰ দ্বাৰা দিৱালীৰ পৰিৱেশ নমাই আনিলে বিৰাট কোহলীয়ে। এতিয়া সৰ্বত্ৰে চৰ্চা কিং কোহলীক লৈয়েই।

কিন্তু ৫৩ বলত ৮২ ৰাণৰ শ্বাহৰুদ্ধকৰ ইনিংছটো খেলি দলক বিজয়ী কৰোৱাৰ পাছত কি কৰিছিল কোহলীয়ে? জানিব পৰামতে, মেচখন শেষ হোৱাৰ লগে লগে কোহলীয়ে অনুষ্কালৈ ফোন লগায়।

মেচখনৰ পাছত হোৱা কথা-বাৰ্তাত কোহলীয়ে জনায় যে মেচখন শেষ কৰি ড্ৰেচিং ৰুমলৈ যোৱাৰ পাছতে অনুষ্কাৰ স’তে তেওঁৰ ফোনত কথা হয়।

“বিৰাট সুখী তেওঁ। মোক কৈছে যে সকলোৱে ফোন কৰি তেওঁক শুভেচ্ছা জনাইছে।”- কোহলীয়ে কয়- “বাহিৰত কি হৈ আছে তেওঁৰ পৰাই মই জানিব পাৰিলো। মই মোৰ নিজৰ কামত ব্যস্ত আছিলো। মোৰ মূল লক্ষ্য আছিল মেচ জিকা।”

সাধাৰণতে বিদেশত খেলা হ’লেই কোহলীৰ লগত তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাক দেখা যায়। গেলাৰীৰ পৰা কোহলী তথা টীম ইণ্ডিয়াক উৎসাহ যোগায় আহিছে অনুষ্কাই।

কিন্তু এইবাৰ অনুষ্কাই এখন বায়’পিকৰ কামত কলিকতাত ব্যস্ত আছে। ভাৰতৰ মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ ওপৰত নিৰ্মিত বায়’পিকখনৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব পৰা নাই অনুষ্কা।

অষ্ট্ৰেলিয়ালৈ নগ’লেও আজিৰ মেচখনে উৎকণ্ঠিত কৰি ৰাখিলে অনুষ্কাক। কোহলীৰ প্ৰশংসাত ইনষ্টাগ্ৰামত এটা দীঘলিয়া প’ষ্টো দিয়ে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা