--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশজুৰি আনন্দৰ বন্যা বৈ গৈছে। পাকিস্তানৰ বিৰুদ্ধে বিজয়ী ইনিংছৰ দ্বাৰা দিৱালীৰ পৰিৱেশ নমাই আনিলে বিৰাট কোহলীয়ে। এতিয়া সৰ্বত্ৰে চৰ্চা কিং কোহলীক লৈয়েই।

কিন্তু ৫৩ বলত ৮২ ৰাণৰ শ্বাহৰুদ্ধকৰ ইনিংছটো খেলি দলক বিজয়ী কৰোৱাৰ পাছত কি কৰিছিল কোহলীয়ে? জানিব পৰামতে, মেচখন শেষ হোৱাৰ লগে লগে কোহলীয়ে অনুষ্কালৈ ফোন লগায়।

মেচখনৰ পাছত হোৱা কথা-বাৰ্তাত কোহলীয়ে জনায় যে মেচখন শেষ কৰি ড্ৰেচিং ৰুমলৈ যোৱাৰ পাছতে অনুষ্কাৰ স’তে তেওঁৰ ফোনত কথা হয়।

“বিৰাট সুখী তেওঁ। মোক কৈছে যে সকলোৱে ফোন কৰি তেওঁক শুভেচ্ছা জনাইছে।”- কোহলীয়ে কয়- “বাহিৰত কি হৈ আছে তেওঁৰ পৰাই মই জানিব পাৰিলো। মই মোৰ নিজৰ কামত ব্যস্ত আছিলো। মোৰ মূল লক্ষ্য আছিল মেচ জিকা।”

সাধাৰণতে বিদেশত খেলা হ’লেই কোহলীৰ লগত তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাক দেখা যায়। গেলাৰীৰ পৰা কোহলী তথা টীম ইণ্ডিয়াক উৎসাহ যোগায় আহিছে অনুষ্কাই।

কিন্তু এইবাৰ অনুষ্কাই এখন বায়’পিকৰ কামত কলিকতাত ব্যস্ত আছে। ভাৰতৰ মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ ওপৰত নিৰ্মিত বায়’পিকখনৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব পৰা নাই অনুষ্কা।

অষ্ট্ৰেলিয়ালৈ নগ’লেও আজিৰ মেচখনে উৎকণ্ঠিত কৰি ৰাখিলে অনুষ্কাক। কোহলীৰ প্ৰশংসাত ইনষ্টাগ্ৰামত এটা দীঘলিয়া প’ষ্টো দিয়ে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক