--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি-টুৱেণ্টি বিশ্বকাপৰ প্ৰস্তুতিমূলক মেচখনক শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি বিজয়সাব্যষ্ট কৰে। কেএল ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙেৰে ভাৰতে বান্ধি দিয়া ১৮৬ ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ১৮০ ৰাণ। ফলত ৮ ৰাণত জয়ৰ মুখ দেখে ভাৰতে।

মূলতঃ অন্তিম ২০ অভাৰত মহম্মদ ছামীয়ে কৰা অনবদ্য প্ৰদৰ্শনৰ বাবেই ভাৰতৰ এই জয় সহজ হৈ পৰে। অন্তিম অভাৰটোত অষ্ট্ৰেলিয়াক জয়ৰ বাবে প্ৰয়োজন আছিল ১০ ৰাণৰ। কিন্তু ছামীয়ে ৪ ৰাণ খৰচ কৰি ৩টাকৈ উইকেট লয়।

সাতজনকৈ বিশেষজ্ঞ বলাৰক লৈ খেলপথাৰত নমা দলটোৰ হৈ ডেথ অভাৰটো এইদৰে সুন্দৰভাৱে সম্পন্ন কৰিছিল ছামীয়ে। লক্ষ্যণীয়ভাৱে মহম্মদ ছামীয়ে খেলখনত মাত্ৰ উক্ত অন্তিম অভাৰটোৱেই বলিং কৰিছিল। বিষয়টোৱে সম্প্ৰতি ক্ৰিকেটানুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। কিয় মহম্মদ ছামীৰ দৰে এজন অভিজ্ঞ ফা্ষ্ট বলাৰক কেৱল অন্তিম অভাৰত বল কৰিবলৈ দিয়া হৈছিল?

এই সম্পৰ্কে অধিনায়ক ৰোহিত শৰ্মাৰ ব্যাখ্যা আগবঢ়াইছে। তেওঁ কয় যে ছামীয়ে বহুত দিনৰ মূৰত খেলপথাৰলৈ উভটি আহিছে, সেয়েহে তেওঁক এক অভাৰ বলিং কৰিবলৈ দিয়া হৈছিল। ইয়াৰ দ্বাৰা মূলতঃ ছামীক এটা প্ৰত্যাহ্বান দিয়া হৈছিল যে কিমান পৰিমাণৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব পাৰে তেওঁ।

উল্লেখযোগ্য যে টি-২০ বিশ্বকাপৰ বাবে ফাষ্ট বলাৰৰ তালিকাত মূল অস্ত্ৰ হিচাপে যশপ্ৰীত বুমৰাহ আছিল। কিন্তু বুমৰাহ আঘাটপ্ৰাপ্ত হোৱাৰ বাবে তেওঁৰ স্থানত ছামীক অন্তৰ্ভূক্ত কৰা হৈছিল।

 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক