--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি-টুৱেণ্টি বিশ্বকাপৰ প্ৰস্তুতিমূলক মেচখনক শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি বিজয়সাব্যষ্ট কৰে। কেএল ৰাহুল আৰু সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙেৰে ভাৰতে বান্ধি দিয়া ১৮৬ ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ১৮০ ৰাণ। ফলত ৮ ৰাণত জয়ৰ মুখ দেখে ভাৰতে।

মূলতঃ অন্তিম ২০ অভাৰত মহম্মদ ছামীয়ে কৰা অনবদ্য প্ৰদৰ্শনৰ বাবেই ভাৰতৰ এই জয় সহজ হৈ পৰে। অন্তিম অভাৰটোত অষ্ট্ৰেলিয়াক জয়ৰ বাবে প্ৰয়োজন আছিল ১০ ৰাণৰ। কিন্তু ছামীয়ে ৪ ৰাণ খৰচ কৰি ৩টাকৈ উইকেট লয়।

সাতজনকৈ বিশেষজ্ঞ বলাৰক লৈ খেলপথাৰত নমা দলটোৰ হৈ ডেথ অভাৰটো এইদৰে সুন্দৰভাৱে সম্পন্ন কৰিছিল ছামীয়ে। লক্ষ্যণীয়ভাৱে মহম্মদ ছামীয়ে খেলখনত মাত্ৰ উক্ত অন্তিম অভাৰটোৱেই বলিং কৰিছিল। বিষয়টোৱে সম্প্ৰতি ক্ৰিকেটানুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। কিয় মহম্মদ ছামীৰ দৰে এজন অভিজ্ঞ ফা্ষ্ট বলাৰক কেৱল অন্তিম অভাৰত বল কৰিবলৈ দিয়া হৈছিল?

এই সম্পৰ্কে অধিনায়ক ৰোহিত শৰ্মাৰ ব্যাখ্যা আগবঢ়াইছে। তেওঁ কয় যে ছামীয়ে বহুত দিনৰ মূৰত খেলপথাৰলৈ উভটি আহিছে, সেয়েহে তেওঁক এক অভাৰ বলিং কৰিবলৈ দিয়া হৈছিল। ইয়াৰ দ্বাৰা মূলতঃ ছামীক এটা প্ৰত্যাহ্বান দিয়া হৈছিল যে কিমান পৰিমাণৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব পাৰে তেওঁ।

উল্লেখযোগ্য যে টি-২০ বিশ্বকাপৰ বাবে ফাষ্ট বলাৰৰ তালিকাত মূল অস্ত্ৰ হিচাপে যশপ্ৰীত বুমৰাহ আছিল। কিন্তু বুমৰাহ আঘাটপ্ৰাপ্ত হোৱাৰ বাবে তেওঁৰ স্থানত ছামীক অন্তৰ্ভূক্ত কৰা হৈছিল।

 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু