--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তানৰ সুৰক্ষাৰ বাবে এগৰাকী মাতৃয়ে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ল’ব পাৰে। মধ্যপ্ৰদেশৰ এগৰাকী মহিলাই এনে এক কাম কৰিলে যাৰ বীৰত্বৰ বিষয়ে সমগ্ৰ দেশতে চৰ্চা চলিছে। উমৰিয়া জিলাৰ বাসিন্দা এগৰাকী মহিলাই নিজৰ ১৫ মহীয়া সন্তানক বচাবলৈ বাঘৰ সৈতে সংঘৰ্ষ কৰি সাহসৰ পৰিচয় দিয়ে। ভোকাতুৰ বাঘটোৱে শিশুটিক খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে মাতৃগৰাকীয়ে বাঘটোৰ সৈতে যুঁজিবলৈ জপিয়াই পৰে। 

এই ঘটনাটো সংঘটিত হৈছে উমৰীয়া জিলাৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ ৰোহনীয়া গাঁৱত। ইয়াত এগৰাকী ২৫ বছৰীয়া মহিলাই নিজৰ সন্তানৰ জীৱন ৰক্ষাৰ বাবে এনে এক কাম কৰিলে, যিটো সমগ্ৰ প্ৰশাসনে লগ লাগিও কৰিব নোৱাৰিলে। বাঘটোৱে ১৫ মহীয়া শিশুটিক চোঁচৰাই লৈ গৈছিল। মাতৃয়ে লগে লগে বাঘটোৰ মুখৰ পৰা শিশুটিক বচাই আনিবলৈ নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি জপিয়াই পৰে। পুত্ৰক বচাবলৈ চেষ্টা কৰোতে বাঘটোৱে তেওঁকো আক্ৰমণ কৰিছিল।

মহিলাগৰাকীয়ে নিজৰ সন্তানক বচাবলৈ চেষ্টা অব্যাহত ৰাখিলে। তেওঁ কোনো প্ৰকাৰে বাঘটোক এৰি নিদিলে। সেই সময়ত তেওঁৰ হুলস্থুল শুনি গাঁৱৰ একাংশ লোক তাত উপস্থিত হ’ল। গাঁওবাসীয়ে বাঘটো খেদি ফুৰাত শিশুটিক এৰি বাঘটোৱে হাবিলৈ পলায়ন কৰে। মহিলাগৰাকীৰ স্বামী ভোলা প্ৰসাদে জনোৱা মতে, পত্নীয়ে কঁকাল, হাত আৰু পিঠিত আঘাত পোৱাৰ বিপৰীতে পুত্ৰই মূৰ আৰু পিঠিত আঘাত পাইছে। বনৰক্ষী ৰাম সিং মাৰ্কোৱে জনোৱা মতে, ততাতৈয়াকৈ মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক মানপুৰস্থিত স্বাস্থ্যকেন্দ্ৰত প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰি তাৰপাছত উমৰিয়াৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ৰাম সিঙে জনোৱা মতে, বন বিভাগৰ এটা দলে বাঘটোৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে। উমৰিয়া জিলা দণ্ডাধীশ সঞ্জীৱ শ্ৰীবাস্তৱে জিলা চিকিৎসালয়ত মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক সাক্ষাৎ কৰে। দুয়োজনকে চিকিৎসাৰ বাবে জব্বলপুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বনাঞ্চলত বসবাস কৰা গাঁওবাসীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি জিলা দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ লগতে তেওঁ বিষয়াসকলক অতি সোনকালে বাঘটোৰ স্থান নিৰ্ণয় কৰিবলৈ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু