--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অতিথিপৰায়ণ সমাজত এজন ভাৰতীয়ৰ কাৰ্যই সানিলে কালিমা৷ পুনেত দক্ষিণ কোৰিয়াৰ এজন ভ্লগাৰক এজন লোকে নিৰ্যাতন কৰে৷ নিৰ্যাতন কৰা লোকজনক এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্তৰ নাম ভাৰত উঞ্চলে,ব্যক্তিজন মূলতঃ কৰ্ণাটকৰ বিদাৰৰ। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বহুলভাৱে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে কোৰিয়ান পৰ্যটক কেলিয়ে স্থানীয় এখন দোকানত দোকানী আৰু গ্ৰাহকৰ সৈতে কথা-বতৰা পাতি আছিল। হঠাতে পটভূমিত দুজন মানুহ দেখা দিয়ে আৰু এজনে কেলিৰ ডিঙিত হাতখন থৈ পৰ্যটকগৰাকীক ধৰি লয়। কেলিয়ে নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰাৰ পাছতো হাৰাশাস্তি অব্যাহত ৰাখে, যাৰ ফলত কেলিৰ বাবে পৰিস্থিতি অধিক অস্বস্তিকৰ হৈ পৰে৷

ভিডিঅ'টোত কেলিয়ে কোৱা শুনা গৈছে যে 'মই ইয়াৰ পৰা দৌৰিব লাগিব'। কেলিয়ে দীপাৱলী উদ্‌যাপনৰ সময়ত পিম্পৰী-চিঞ্চৱাদ অঞ্চললৈ আহিছিল আৰু যোৱা সপ্তাহত এই ভিডিঅ’টো নিজৰ ইউটিউব চেনেলত পোষ্ট কৰিছিল।উল্লেখ্য যে, একেধৰণৰ ঘটনাত যোৱা বছৰ মুম্বাইত দক্ষিণ কোৰিয়াৰ আন এজন ভ্লগাৰক ষ্ট’কিং, হাৰাশাস্তি কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক