--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১১ ডিচেম্বৰত দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৯৩৮জন। কিন্তু মঙলবাৰ অৰ্থাৎ ১৯ ডিচেম্বৰৰ ভিতৰত এই সংখ্যা দুহাজাৰলৈ বৃদ্ধি পায়। মাত্ৰ ৯দিনৰ ভিতৰতে ক’ভিড আক্ৰান্তৰ সংখ্যা দুগুণ বৃদ্ধি পায়। কেৰালাত Corona variant JN.1 ধৰা পৰাৰ পাছত সক্ৰিয় এই নতুন ভেৰিয়েণ্টৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। দৰাচলতে প্ৰথম অৱস্থাত গোৱাৰ পৰা এই ভেৰিয়েন্টৰ ১৮জন, মহাৰাষ্ট্ৰৰ এজন আৰু কেৰালাৰ এজন ৰোগী ধৰা পৰিছিল যদিও INSACOGৰ তথ্য অনুসৰি বৰ্তমান ক’ভিডৰ এই নতুন ভেৰিয়েণ্ট সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে।

টাইমছ অব ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি আই এম এৰ ডাঃ ৰাজীৱ জয়দেৱনে কয় যে পশ্চিমীয়া দেশসমূহত JN.1 ভেৰিয়েণ্টৰ বাবে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। পেলনীয়া পানী পৰীক্ষা কৰিও এই কথা নিশ্চিত কৰা হৈছে। তেওঁৰ মতে, বাংগালুৰুৰ টাটা ইনষ্টিটিউট ফৰ জেনেটিক্স এণ্ড ছ’চাইটিয়ে বর্জ্য পানী নিৰীক্ষণ কৰি কৰ’না বৃদ্ধি পোৱাৰ বাবে জেএন.১ দায়ী বুলি ধৰা পেলায়৷ কৰ’না ৰোগীৰ বৃদ্ধি স্বাভাৱিকতে ১০দিনৰ ভিতৰত দেখা দিবলৈ আৰম্ভ কৰে, কিন্তু ইয়াৰ বাবে আমি ফলপ্ৰসূ পৰীক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱৰ বাবে পোহৰলৈ অহা ক্লাষ্টাৰ গোচৰৰ উদাহৰণ গোৱাৰ পৰা জেএন.১ৰ ১৮টা ঘটনা পোহৰলৈ আহে। মহাৰাষ্ট্ৰত আক্ৰান্ত এজন ৰোগী গোৱাৰ সীমান্তৰ ওচৰৰ পৰাও আহিছে যদিও ইয়াৰ ক্লিনিকেল ইমপেক্টৰ বিষয়ে এতিয়াও বিশেষ একো জনা হোৱা নাই। ভাৰতত যিবোৰ Covid ৰোগী ধৰা পৰিছে সেইবোৰ ঋতুভিত্তিক বা ঠাণ্ডাৰ বাবে হোৱা বুলি INSACOGৰ তথ্যত প্ৰকাশ।

উল্লেখ্য যে বিশ্বনাথ কেয়াৰ ফাউণ্ডেশ্যন, মুম্বাইৰ গৱেষক বিনোদ সকাৰিয়াৰ মতে জে এন.১ অমিক্ৰণ বংশৰ অন্তৰ্গত। ২০২৩ চনৰ আগষ্ট মাহত বি এ.২.৮৬ৰ অধ্যয়নৰ সময়ত ইয়াক চিনাক্ত কৰা হৈছিল। INSACOGৰ তথ্য অনুসৰি JN.1ৰ মুঠ ২০টা ক্ৰম প্ৰকাশ পাইছে, ইয়াৰে ১৮টা গোৱাৰ, এটা মহাৰাষ্ট্ৰৰ আৰু এটা কেৰালাৰ। কেৱল এয়াই নহয়, গোৱাৰ পৰা পোহৰলৈ আহিছে BA.2.86ৰ আন এটা গোচৰো। ডাঃ জয়দেৱনে কয় যে ২০২৩ চনৰ এপ্ৰিল মাহত ইনছাক’গ ইণ্ডিয়াই ৰিপ’ৰ্ট কৰা বৃহৎসংখ্যক এক্সবিবি ক্ৰমৰ তুলনাত ইয়াৰ দ্বাৰা সম্পূৰ্ণ নতুন ভেৰিয়েণ্টৰ কথা উন্মোচিত হৈছে। এইদৰে সাত মাহৰ ব্যৱধানৰ অন্তত ভাৰতত পুনৰ বৃদ্ধি পাইছে Covid। অৰ্থাৎ শেহতীয়াকৈ সংক্ৰমণৰ ক্ষেত্ৰসমূহ BA.2.86ৰ পৰা উদ্ভৱ হোৱা এটা সম্পূৰ্ণ নতুন উপ-ভেৰিয়েণ্ট বুলিব পাৰি। ২০২৩ চনৰ জুলাই মাহত প্ৰথমবাৰৰ বাবে স্ক্যাণ্ডিনেভিয়াৰ দেশসমূহত ইয়াক প্ৰথমে ধৰা পেলাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement