--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১১ ডিচেম্বৰত দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ৯৩৮জন। কিন্তু মঙলবাৰ অৰ্থাৎ ১৯ ডিচেম্বৰৰ ভিতৰত এই সংখ্যা দুহাজাৰলৈ বৃদ্ধি পায়। মাত্ৰ ৯দিনৰ ভিতৰতে ক’ভিড আক্ৰান্তৰ সংখ্যা দুগুণ বৃদ্ধি পায়। কেৰালাত Corona variant JN.1 ধৰা পৰাৰ পাছত সক্ৰিয় এই নতুন ভেৰিয়েণ্টৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। দৰাচলতে প্ৰথম অৱস্থাত গোৱাৰ পৰা এই ভেৰিয়েন্টৰ ১৮জন, মহাৰাষ্ট্ৰৰ এজন আৰু কেৰালাৰ এজন ৰোগী ধৰা পৰিছিল যদিও INSACOGৰ তথ্য অনুসৰি বৰ্তমান ক’ভিডৰ এই নতুন ভেৰিয়েণ্ট সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে।

টাইমছ অব ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি আই এম এৰ ডাঃ ৰাজীৱ জয়দেৱনে কয় যে পশ্চিমীয়া দেশসমূহত JN.1 ভেৰিয়েণ্টৰ বাবে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। পেলনীয়া পানী পৰীক্ষা কৰিও এই কথা নিশ্চিত কৰা হৈছে। তেওঁৰ মতে, বাংগালুৰুৰ টাটা ইনষ্টিটিউট ফৰ জেনেটিক্স এণ্ড ছ’চাইটিয়ে বর্জ্য পানী নিৰীক্ষণ কৰি কৰ’না বৃদ্ধি পোৱাৰ বাবে জেএন.১ দায়ী বুলি ধৰা পেলায়৷ কৰ’না ৰোগীৰ বৃদ্ধি স্বাভাৱিকতে ১০দিনৰ ভিতৰত দেখা দিবলৈ আৰম্ভ কৰে, কিন্তু ইয়াৰ বাবে আমি ফলপ্ৰসূ পৰীক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱৰ বাবে পোহৰলৈ অহা ক্লাষ্টাৰ গোচৰৰ উদাহৰণ গোৱাৰ পৰা জেএন.১ৰ ১৮টা ঘটনা পোহৰলৈ আহে। মহাৰাষ্ট্ৰত আক্ৰান্ত এজন ৰোগী গোৱাৰ সীমান্তৰ ওচৰৰ পৰাও আহিছে যদিও ইয়াৰ ক্লিনিকেল ইমপেক্টৰ বিষয়ে এতিয়াও বিশেষ একো জনা হোৱা নাই। ভাৰতত যিবোৰ Covid ৰোগী ধৰা পৰিছে সেইবোৰ ঋতুভিত্তিক বা ঠাণ্ডাৰ বাবে হোৱা বুলি INSACOGৰ তথ্যত প্ৰকাশ।

উল্লেখ্য যে বিশ্বনাথ কেয়াৰ ফাউণ্ডেশ্যন, মুম্বাইৰ গৱেষক বিনোদ সকাৰিয়াৰ মতে জে এন.১ অমিক্ৰণ বংশৰ অন্তৰ্গত। ২০২৩ চনৰ আগষ্ট মাহত বি এ.২.৮৬ৰ অধ্যয়নৰ সময়ত ইয়াক চিনাক্ত কৰা হৈছিল। INSACOGৰ তথ্য অনুসৰি JN.1ৰ মুঠ ২০টা ক্ৰম প্ৰকাশ পাইছে, ইয়াৰে ১৮টা গোৱাৰ, এটা মহাৰাষ্ট্ৰৰ আৰু এটা কেৰালাৰ। কেৱল এয়াই নহয়, গোৱাৰ পৰা পোহৰলৈ আহিছে BA.2.86ৰ আন এটা গোচৰো। ডাঃ জয়দেৱনে কয় যে ২০২৩ চনৰ এপ্ৰিল মাহত ইনছাক’গ ইণ্ডিয়াই ৰিপ’ৰ্ট কৰা বৃহৎসংখ্যক এক্সবিবি ক্ৰমৰ তুলনাত ইয়াৰ দ্বাৰা সম্পূৰ্ণ নতুন ভেৰিয়েণ্টৰ কথা উন্মোচিত হৈছে। এইদৰে সাত মাহৰ ব্যৱধানৰ অন্তত ভাৰতত পুনৰ বৃদ্ধি পাইছে Covid। অৰ্থাৎ শেহতীয়াকৈ সংক্ৰমণৰ ক্ষেত্ৰসমূহ BA.2.86ৰ পৰা উদ্ভৱ হোৱা এটা সম্পূৰ্ণ নতুন উপ-ভেৰিয়েণ্ট বুলিব পাৰি। ২০২৩ চনৰ জুলাই মাহত প্ৰথমবাৰৰ বাবে স্ক্যাণ্ডিনেভিয়াৰ দেশসমূহত ইয়াক প্ৰথমে ধৰা পেলাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক