--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বুদ্ধিমত্তা তথা ইউ পি এছ চিত লাভ কৰা সাফল্যৰ উপৰিও টিনা ডাবিৰ সৈতে থকা সম্পৰ্কৰ বাবে জনপ্ৰিয় হৈ পৰিছিল আথাৰ আমিৰ খান৷ শেহতীয়াকৈ শ্ৰীনগৰ পৌৰ নিগমৰ আয়ুক্ত আই এ এছ আথাৰ আমিৰ খানক  দ্বিতীয়বাৰৰ বাবে দেখা গ’ল দৰাৰ সাজত ৷ 

 ড৹ মেহৰীন কাজীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় টিনা ডাবিৰ প্ৰাক্তন স্বামী আথাৰ আমিৰ খান৷  আথাৰৰ কইনা মেহৰীন পেছাত এগৰাকী চিকিৎসক আৰু তেওঁ কাশ্মীৰৰ নিবাসী। আথাৰে বিবাহৰ এটা ভিডিঅ' ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি এই বিষয়ে সকলোকে জনাইছিল৷ ইয়াৰ আগতে, আথাৰে আঙঠি পিন্ধোৱা  নিয়মৰ এটা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। 
 
 বিয়াৰদিনা   পৰম্পৰাগত পোছাকত দেখা গ’ল আথাৰ আৰু মেহৰীনক ৷ আই এ এছ আথাৰ আমিৰ খানে বগা শ্বেৰৱানী পিন্ধিছিল আনহাতে মেহৰীনকো লেহেঙ্গা পৰিহিত মেহৰীনো কইনাৰ সাজত ধুনীয়া হৈ পৰিছিল৷  আই এ এছ আথাৰ আমিৰ খানৰ পত্নী ডঃ মেহৰীন কাজী চিকিৎসা ক্ষেত্ৰৰ লগতে ফেশ্বন উদ্যোগত সক্ৰিয়। 

উল্লেখ্য যে ,  আথাৰ আমিৰ খানে পূৰ্বতে টিনা ডাবিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ ধৰ্মীয় বাধা নেওচিও প্ৰেমক পূৰ্ণতা দিছিল দুয়ো বিষয়াই৷ অৱশ্যে দুয়োৰে সম্পৰ্ক কিছুদিন পিছতেই তিক্ত হৈ পৰিছিল৷ মাত্ৰ কেইমাহমান পূৰ্বে টিনা ডাবিও বিবাহপাশত আৱদ্ধ হৈছিল৷ 


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ