--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে আণ্ডাৰডগ চৌদী আৰৱে। পোলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ-চিৰ মেচখনত ২-০ ব্যৱধানত পৰাস্ত হয় চৌদী আৰৱ।

পোলেণ্ডৰ এই বিজয়ৰ মূলতে আছিল তাৰকা ষ্ট্ৰাইকাৰ ৰবাৰ্ট লিৱাণ্ড’স্কীৰ দুৰ্দান্ত প্ৰদৰ্শন। প্ৰথমাৰ্ধতে পোলেণ্ডে ১-০ ব্যৱধানত আগুৱাই থাকে। ৩৯ মিনিটত পিঅ’টৰ জিলেনস্কীয়ে প্ৰথমটো গ’ল দিয়ে। জিলেনস্কীক এটা দূৰ্দান্ত এছিষ্ট দিয়ে লিৱাণ্ড’স্কীয়ে।

চৌদী আৰৱে বাৰম্বাৰ পোলেণ্ডৰ প্ৰি কেইবাটাও ভাবুকিৰ সৃষ্টি কৰিছিল যদিও সফল নহ’ল। চৌদী আৰৱৰ কেইবাটাও দূৰ্দান্ত শ্বট ব্যৰ্থ কৰে পোলেণ্ডৰ গ’লৰক্ষক স্কেজেনস্নীয়ে। তদুপৰি এটা পেনাল্টিও দূৰ্দান্তভাৱে প্ৰতিহত কৰিবলৈ সক্ষম হয় গ’লৰক্ষকগৰাকী।

৮২ মিনিটত লিৱাণ্ড’স্কীয়ে বিশ্বকাপত তেওঁৰ প্ৰমটো গ’ল দিবলৈ সক্ষম হয়। লিৱাণ্ড’স্কীয়ে ২-০ গ’লত পোলেণ্ডক আগুৱাই নিয়াৰ পাছতে দলটোৱে শেহৰফালে কেইবাবাৰো আক্ৰমণৰ চেষ্টা কৰিছিল যদিও স্ক’ৰলাইন একে থাকিল।

এই বিজয়ৰ দ্বাৰা গ্ৰুপ চিৰ শীৰ্ষস্থান দখল কৰিছে পোলেণ্ডে। অহা ১ ডিচেম্বৰত দলটোৱে আৰ্জেণ্টিনাৰ স’তে মুখামুখি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু