--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে আণ্ডাৰডগ চৌদী আৰৱে। পোলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ-চিৰ মেচখনত ২-০ ব্যৱধানত পৰাস্ত হয় চৌদী আৰৱ।

পোলেণ্ডৰ এই বিজয়ৰ মূলতে আছিল তাৰকা ষ্ট্ৰাইকাৰ ৰবাৰ্ট লিৱাণ্ড’স্কীৰ দুৰ্দান্ত প্ৰদৰ্শন। প্ৰথমাৰ্ধতে পোলেণ্ডে ১-০ ব্যৱধানত আগুৱাই থাকে। ৩৯ মিনিটত পিঅ’টৰ জিলেনস্কীয়ে প্ৰথমটো গ’ল দিয়ে। জিলেনস্কীক এটা দূৰ্দান্ত এছিষ্ট দিয়ে লিৱাণ্ড’স্কীয়ে।

চৌদী আৰৱে বাৰম্বাৰ পোলেণ্ডৰ প্ৰি কেইবাটাও ভাবুকিৰ সৃষ্টি কৰিছিল যদিও সফল নহ’ল। চৌদী আৰৱৰ কেইবাটাও দূৰ্দান্ত শ্বট ব্যৰ্থ কৰে পোলেণ্ডৰ গ’লৰক্ষক স্কেজেনস্নীয়ে। তদুপৰি এটা পেনাল্টিও দূৰ্দান্তভাৱে প্ৰতিহত কৰিবলৈ সক্ষম হয় গ’লৰক্ষকগৰাকী।

৮২ মিনিটত লিৱাণ্ড’স্কীয়ে বিশ্বকাপত তেওঁৰ প্ৰমটো গ’ল দিবলৈ সক্ষম হয়। লিৱাণ্ড’স্কীয়ে ২-০ গ’লত পোলেণ্ডক আগুৱাই নিয়াৰ পাছতে দলটোৱে শেহৰফালে কেইবাবাৰো আক্ৰমণৰ চেষ্টা কৰিছিল যদিও স্ক’ৰলাইন একে থাকিল।

এই বিজয়ৰ দ্বাৰা গ্ৰুপ চিৰ শীৰ্ষস্থান দখল কৰিছে পোলেণ্ডে। অহা ১ ডিচেম্বৰত দলটোৱে আৰ্জেণ্টিনাৰ স’তে মুখামুখি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক