--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰে অ’লা আৰু উবেৰকে ধৰি এপ-আধাৰিত কেব সেৱা প্ৰদান কৰা কোম্পানীবোৰক সতৰ্ক কৰি দিছে। চৰকাৰে কৈছে যে যদি কোম্পানীবোৰে তেওঁলোকৰ প্ৰণালী উন্নত নকৰে আৰু গ্ৰাহকসকলৰ বৰ্ধিত অভিযোগৰ নিষ্পত্তি নকৰে,  তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এই তথ্য দিছিল। 

চৰকাৰে মঙলবাৰে এই কোম্পানীবোৰৰ সৈতে এখন বৈঠকত বহিছিল। তেওঁলোকৰ দ্বাৰা ৰাইজৰ উত্থাপন কৰা অন্যায় অভিযোগসমূহ বৈঠকত আলোচনা কৰা হৈছিল। বহুসংখ্যক গ্ৰাহকে অভিযোগ কৰিছে যে কেব চালকসকলে গ্ৰাহকসকলক বুকিং গ্ৰহণ কৰাৰ পাছত বাতিল কৰিবলৈ হেঁচা প্ৰয়োগ কৰে আৰু প্ৰয়োজনতকৈ অধিক টকা সংগ্ৰহ কৰে।

ইয়াৰ বাবে গ্ৰাহকসকলৰ ওপৰত বাতিলকৰণৰ জৰিমনা আৰোপ কৰা হয়। উপভোক্তা পৰিক্ৰমা সচিব ৰোহিত কুমাৰ সিঙে বৈঠকৰ পাছত কয় যে, ‘আমি তেওঁলোকক তেওঁলোক বৰ্ধিত গ্ৰাহকৰ অভিযোগৰ বিষয়ে অৱগত কৰিছিলো। আমি তেওঁলোকক এইবোৰৰ ওপৰত কিছু পৰিসংখ্যা দিছিলো। আমি তেওঁলোকক তেওঁলোকৰ প্ৰণালীসংস্কাৰ কৰিবলৈ আৰু উপভোক্তা অভিযোগ নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছো,  অন্যথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

চৰকাৰী বিষয়াজনে কয় যে, ‘জাগো গ্ৰহক জাগো...’ হেল্পলাইনত বহুতো অভিযোগ আছে, যিয়ে কেব কোম্পানীবোৰৰ বিৰুদ্ধে গ্ৰাহকৰ অসন্তুষ্টি ব্যক্ত কৰিছে। কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণৰ (চিচিপিএ) মুখ্য আয়ুক্ত নিধি খাৰে কয় যে কেব কোম্পানীবোৰে সমস্যাটো তৎক্ষণাৎ সমাধান কৰিব লাগে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী