--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত পশ্চিমবংগ আৰক্ষীৰ দাদাগিৰি! গুৱাহাটীত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ অনুষ্ঠানত সাংবাদিকক অপদস্থ কৰিলে পশ্চিমবংগ আৰক্ষীয়ে৷ ‘প্ৰাগ নিউজ’ৰ ভিডিঅ’ সাংবাদিক ৰাজু বৰাক বংগৰ সাংসদ অভিষেক বেনাৰ্জীৰ দেহৰক্ষীয়ে কৰিলে অপদস্থ৷ উল্লেখ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত যুঁজাৰ পৰিকল্পনাৰে অসমত কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছিল অভিষেক বেনাৰ্জী৷ 

অনুষ্ঠান চলি থকাৰ মাজতে জ্যেষ্ঠ ভিডিঅ’ সাংবাদিকগৰাকীক অকথ্য গালি-গালাজ পাৰি গতিয়াই দিলে অনুষ্ঠানৰ পৰা৷ তাৰ পাছতে প্ৰতিবাদ স্বৰূপে সকলো সাংবাদিকে বন্ধ কৰিলে অনুষ্ঠানটোৰ ক’ভাৰেজ।
অনুষ্ঠানত মহিলা সাংবাদিককো অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে বংগ আৰক্ষীৰ বিৰুদ্ধে৷ 

ইপিনে এই ঘটনাৰ পাছতে বংগ আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি TMCক গণতান্ত্ৰিক প্ৰমূল্যহীন দল আখ্যা দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷  ‘অসমত নৱগঠিত দলটোৰ এনে কাৰ্য দুৰ্ভাগ্যজনক’ বুলি মত প্ৰকাশ বিধায়কগৰাকীৰ৷ সাংবাদিকক অপদস্থ কৰা এই ঘটনাক লৈ গুৱাহাটী প্ৰেছ ক্লাবেও তীব্ৰ গৰিহণা প্ৰকাশ কৰে৷ 

উল্লেখ্য যে অসমৰ সাংবাদিকক দুঃব্যৱহাৰ কৰাৰ পাছতো সাংবাদিকৰ ওপৰতহে খৰ্গহস্ত হৈ ওলোটাই দোষিলে TMC নেতা অভিষেক বেনাৰ্জীয়ে৷ ঘটনাক লৈ ক্ষমা বিচাৰিলে যদিও বেনাৰ্জীক সাংবাদিকৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা গ’ল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী