--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত পশ্চিমবংগ আৰক্ষীৰ দাদাগিৰি! গুৱাহাটীত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ অনুষ্ঠানত সাংবাদিকক অপদস্থ কৰিলে পশ্চিমবংগ আৰক্ষীয়ে৷ ‘প্ৰাগ নিউজ’ৰ ভিডিঅ’ সাংবাদিক ৰাজু বৰাক বংগৰ সাংসদ অভিষেক বেনাৰ্জীৰ দেহৰক্ষীয়ে কৰিলে অপদস্থ৷ উল্লেখ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত যুঁজাৰ পৰিকল্পনাৰে অসমত কেইবাটাও কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিছিল অভিষেক বেনাৰ্জী৷ 

অনুষ্ঠান চলি থকাৰ মাজতে জ্যেষ্ঠ ভিডিঅ’ সাংবাদিকগৰাকীক অকথ্য গালি-গালাজ পাৰি গতিয়াই দিলে অনুষ্ঠানৰ পৰা৷ তাৰ পাছতে প্ৰতিবাদ স্বৰূপে সকলো সাংবাদিকে বন্ধ কৰিলে অনুষ্ঠানটোৰ ক’ভাৰেজ।
অনুষ্ঠানত মহিলা সাংবাদিককো অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে বংগ আৰক্ষীৰ বিৰুদ্ধে৷ 

ইপিনে এই ঘটনাৰ পাছতে বংগ আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি TMCক গণতান্ত্ৰিক প্ৰমূল্যহীন দল আখ্যা দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷  ‘অসমত নৱগঠিত দলটোৰ এনে কাৰ্য দুৰ্ভাগ্যজনক’ বুলি মত প্ৰকাশ বিধায়কগৰাকীৰ৷ সাংবাদিকক অপদস্থ কৰা এই ঘটনাক লৈ গুৱাহাটী প্ৰেছ ক্লাবেও তীব্ৰ গৰিহণা প্ৰকাশ কৰে৷ 

উল্লেখ্য যে অসমৰ সাংবাদিকক দুঃব্যৱহাৰ কৰাৰ পাছতো সাংবাদিকৰ ওপৰতহে খৰ্গহস্ত হৈ ওলোটাই দোষিলে TMC নেতা অভিষেক বেনাৰ্জীয়ে৷ ঘটনাক লৈ ক্ষমা বিচাৰিলে যদিও বেনাৰ্জীক সাংবাদিকৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা গ’ল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ