--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৮ চনত মালাইকা আৰোৰা আৰু আৰবাজ খানৰ আনুষ্ঠানিক বিবাহ বিচ্ছেদ হয়। এতিয়ালৈকে দুয়োটা পক্ষৰ পৰা কোনো এজনেই তেওঁলোকৰ বিচ্ছেদৰ কাৰণ উত্থাপন কৰা নাই। ‘মুভিং ইন উইথ মালাইকা’ শ্ব’ত মালাইকাই প্ৰথমবাৰৰ বাবে মেলিলে মুখ।
Malaika and Arbaaz Khan heading towards separation? | Bollywood News –  India TV
অ’টিটিত আৰম্ভ হৈছে মালাইকা অৰোৰাৰ ৰিয়েলিটি শ্ব’ ‘মুভিং ইন উইথ মালাইকা’। এই শ্ব’ত মালাইকাৰ প্ৰথম অতিথি আছিল পৰিচালক ফাৰাহ খান। তাতে তেওঁ প্ৰাক্তন স্বামী আৰবাজৰ কথা কয়। ১৯৯৮ চনত মালাইকা আৰু আৰবাজ বিবাহপাশত আবদ্ধ হয়। ১৮ বছৰৰ পাছত দুয়োৰে মাজত বিচ্ছেদ ঘটে। বিচ্ছেদৰ পাছত তেওঁলোকে কেতিয়াও নিজৰ ব্যক্তিগত সম্পৰ্কৰ কথা কোৱা নাই। প্ৰথমবাৰৰ বাবে তেওঁৰ শ্ব’ত বিবাহ বিচ্ছেদৰ কাৰণ প্ৰকাশ কৰিছে মালাইকাই।
Photos From Malaika Arora And Arbaaz Khan Wedding | देखें Malaika Arora और Arbaaz  Khan की शादी की एलबम, फोटोज देखकर हो जाएंगे आप हैरान
ঘৰৰ পৰা ওলাই আহিবৰ বাবেই আৰবাজক বিয়া কৰাব বিচাৰিছিল বুলি মালাইকাই কয়। মালাইকাই নিজে আৰবাজ খানক বিয়াৰ প্ৰস্তাৱ দিছিল। মালাইকাই কয়- মই আৰবাজক প্ৰপ’জ কৰিছিলোঁ। কোনেও নাজানে যে আৰবাজে মোক প্ৰপ’জ কৰা নাছিল, মইহে কৰিছিলো। মই আৰবাজক কৈছিলো, মোৰ বিয়া হ’বলৈ মন যায়। আপুনি সাজু নেকি?’ আৰু অতি মিঠাকৈয়ে আৰবাজে উত্তৰ দিছিল, 'আপুনি দিনটো আৰু ঠাইখন ঠিক কৰক'।''
Break Up story: Malaika Arora and Arbaaz Khan
মালাইকাই কয় যে তেওঁলোকৰ বিয়াত কি ভুল হৈছিল। তেওঁ কয়, ‘বহুত কম বয়সতে বিয়া পাতিলোঁ৷ তাৰ পিছত মই সলনি হ’লোঁ। তেতিয়াৰ পৰা মোৰ জীৱন সলনি হৈছে। মই ভাবো আমি এতিয়া বহুত ভাল মানুহ। মালাইকাই প্ৰকাশ কৰে যে 'দাবাং'ৰ মুক্তি পৰ্যন্ত তেওঁলোকৰ মাজত সকলো ঠিকেই আছিল। কিন্তু তাৰ পিছত লাহে লাহে সম্পৰ্কটো বেয়াৰ ফালে ঢাল খায় আৰু শেষত পৃথক হয়।'
Arbaaz Khan Opens Up On Son Arhaan's Reaction To His Separation With Malaika  Arora
২০১৬ চনৰ ২৮ মাৰ্চত তেওঁলোকে বিচ্ছেদৰ কথা ঘোষণা কৰে। আৰু ২০১৭ চনৰ ১১ মে’ত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ আৰহান নামৰ এজন পুত্ৰ আছে। এই ২০ বছৰীয়া যুৱকজন বৰ্তমান উচ্চ শিক্ষাৰ বাবে বহিঃৰাজ্যত আছে। অৱশ্যে বিচ্ছেদ হোৱাৰ পাছতো পুত্ৰৰ সকলো দায়িত্ব একেলগে পালন কৰে আৰবাজ আৰু মালাইকাই। আনকি যোৱা বছৰ মালাইকাৰ গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ সময়তো আৰবাজ প্ৰথমে লৰালৰিকৈ চিকিৎসালয়লৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু