--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বাধীনোত্তৰ ভাৰতত অধিক সময়ে শাসনত অধিষ্ঠিত থকা ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান ৰাজনৈতিক সংকটেৰে জৰ্জৰিত হৈ পৰিছে। সম্প্ৰতি দেশৰ প্ৰধান বিৰোধী দল হিচাপে থকা কংগ্ৰেছে লাহে লাহে সমগ্ৰ দেশতে হেৰুৱাই পেলাইছে গণভিত্তি তথা জনপ্ৰিয়তা। একালত সমগ্ৰ দেশৰ ৰাজনীতিত অপ্ৰতিৰোধ্য কংগ্ৰেছে এতিয়া মাত্ৰ দুখন ৰাজ্যতহে নিজাকৈ চৰকাৰ গঠন কৰি থকাৰ বিপৰীতে আন দুখন ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰৰ অংশ হৈ আছে। দলটোৰ এনে হতাশাজনক স্থিতিৰ বাবে সমালোচিত হৈ আহিছে শীৰ্ষ নেতৃত্ব। শেহতীয়া এই ব্যৰ্থতাৰ বাবে বিশেষকৈ গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক নেতৃত্বৰ বিৰোধৰ সৃষ্টি হৈছে কংগ্ৰেছত। 

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই কংগ্ৰেছে ক্ৰমান্বয়ে সমগ্ৰ দেশতে গণভিত্তি হেৰুৱাই পেলাইছে। ইয়াৰ পিছতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত চূড়ান্ত বিফলতাৰ সন্মুখীন হোৱাৰ ফলত ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল আৰু ছোনিয়া গান্ধীয়ে দলৰ অন্তৱৰ্তীকালীন নেতা হিচাপে এই পদ গ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছতে দলটোৱে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখঠেকেচা খায়।

ইফালে দলৰ এই ধাৰাবাহিক ব্যৰ্থতাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ২০২০ চনৰ আগষ্ট মাহত দলটোৰ ২৩ গৰাকী জেষ্ঠ নেতাই সভাপতি ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰৰ জৰিয়তে সক্ৰিয় নেতৃত্ব আৰু সাংগঠনিক পৰিৱৰ্তনৰ আহ্বান জনায়। G23 শীৰ্ষক এই গোটটোৰ নেতৃত্বত আছিল গুলাম নবী আজাদ আৰু কপিল ছিবালৰ দৰে জেষ্ঠ নেতা। এই ২৩ গৰাকী সদস্যই দলৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীলৈ এখন পত্ৰ প্ৰেৰণ কৰি নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰাৰ পাছতে দলত জোকাৰণি তোলে। এনে বিবাদৰ মাজতে ছিবালসহ কেইগৰাকীমান নেতাই কংগ্ৰেছ ত্যাগ কৰে।

দলীয় সংকটৰ এনে চৰম পৰ্যায়ৰ মাজতে অহা ২০ ছেপ্টেম্বৰৰ ভিতৰত দেশৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দলটোৰ নতুন সভাপতি নিৰ্বাচিত কৰা হ'ব। কংগ্ৰেছে ইতিপূৰ্বেই সভাপতি পদৰ বাবে ২১ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল। ইতিমধ্যে শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ পিছত দলটোৰ ভিতৰচৰাত এতিয়া আন এক প্ৰত্যাহ্বানৰ উদ্ভৱ হৈছে। 

গান্ধী পৰিয়ালৰ নেতৃত্বৰ অৱসান ঘটাবলৈয়ে ৰাহুল গান্ধীয়ে পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তিক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়েহে তেওঁ ভগ্নী প্ৰিয়ংকা গান্ধী ভদ্ৰাকো সভাপতি পদৰ বাবে মনোনয়ন দাখিলত বাধা দিছে বুলি জানিব পৰা গৈছে। একে সময়তে ছোনিয়া গান্ধীয়েও স্বাস্থ্যজনিত কাৰণত পুনৰ দলটোৰ সভাপতিৰ পদত অধিষ্ঠিত হ'ব নিবিচাৰে বুলিও কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

এনে আভ্যন্তৰীণ প্ৰত্যাহ্বানৰ মাজতে কংগ্ৰেছৰ দলীয় নিৰ্বাচনী কৰ্তৃপক্ষই সময়মতে কেন্দ্ৰীয় সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে। ৰাহুল গান্ধীৰ অস্বীকাৰৰ পিছত এতিয়া দলৰ পৰৱৰ্তী সভাপতি হিচাপে দলটোৰ জেষ্ঠ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘাল, মল্লিকাৰ্জুন খাৰ্গে, কেচি বেণুগোপাল, কুমাৰী শৈলাজা আৰু মুকুল ৱাছনিকৰ দৰে নেতাৰ নাম সমুখলৈ আহিছে।

অৱশ্যে গেহলটৰ নাম এই ক্ষেত্ৰত অধিক চৰ্চালৈ আহিছে যদিও তেওঁ এতিয়ালৈকে সন্মতি জনোৱা নাই এই প্ৰস্তাৱত। ইয়াৰ পৰিৱৰ্তে গেহলটে ৰাহুল গান্ধীকে দলৰ মুৰব্বী হিচাপে পুনৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। গেহলটৰ লগতে কংগ্ৰেছৰ এটা শিবিৰে ৰাহুল গান্ধীক এই সিদ্ধান্তত সৈমান কৰিবলৈ চেষ্টা কৰিছে। আনহাতে ৰাহুল গান্ধী এই প্ৰস্তাৱত শেষলৈকে অসন্মত হ’লে প্ৰিয়ংকা গান্ধীক দ্বিতীয় বিকল্প হিচাপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছৰ এই শিবিৰটোৱে। 

উল্লেখ্য যে স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতিত অপ্ৰতিৰোধ্য হৈ থকা কংগ্ৰেছৰ এনে অনাকাংক্ষিত ব্যৰ্থতাৰ মাজতে সম্প্ৰতি দলটোৱে দেশৰ প্ৰধান বিৰোধী দলৰ স্থিতি হেৰুওৱাৰো উপক্ৰম হৈছে। অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে ইতিমধ্যে কংগ্ৰেছৰ বিকল্প হিচাপে নিজকে সমুখলৈ আনিছে। দলটোৱে কংগ্ৰেছৰ দখলত থকা পঞ্জাৱো ইতিমধ্যে নিজৰ দখললৈ আনিছে। ইফালে আগন্তুক গুজৰাট নিৰ্বাচনতো আপে কংগ্ৰেছক পিছলৈ ঠেলি বিজেপিৰ প্ৰধান বিৰোধী হিচাপে পৰিগণিত হৈছে। এনে অৱস্থাত নিজৰ হেৰুওৱা ভিত্তি ঘূৰাই অনাৰ বাবে কংগ্ৰেছে কেনে ৰণনীতি গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ