--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ইটোৰ পাছত সিটো জনবিৰোধী সিদ্ধান্তৰ বাবে জনতাই ত্ৰাহিমধূসূদন সুঁৱৰিবলগা হৈছে। শেহতীয়াকৈ ৰাজ্যজুৰি লাখ লাখ কৰ্মচাৰীৰ ধৰ্ণা-প্ৰতিবাদে পুনৰবাৰ সেই কথাকে প্ৰমাণ কৰিছে। নতুন পেন্সন নীতিৰ নামত কৰ্মচাৰীক বঞ্চিত কৰা চৰকাৰৰ নীতিৰ তীব্ৰ প্ৰতিবাদ জনাইছে অসম তৃণমূল কংগ্ৰেছ দলে।


'আজি নতুন পেন্সন নীতিৰ বাবে লাখ টকা দৰমহা পোৱা কৰ্মচাৰী এজনে পেন্সন পাইছে মাত্ৰ ২০০০ টকা । এই কথাটোৱে অৱধাৰিতভাৱে কৰ্মচাৰীসকলক হতাশ কৰিছে। পূৰ্বতে অৱসৰৰ সময়ত লাভ কৰা দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে লাভ কৰি এজন অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে কোনো দু:চিন্তা নোহোৱাকৈ পৰিয়ালটো চলাই নিব পাৰিছিল। কিন্তু তথাকথিত নতুন পেন্সন নীতিৰ আধাৰত এগৰাকী কৰ্মচাৰীৰ মাহেকীয়া দৰমহা আৰু ডিএৰ দহ শতাংশ কৰ্তন কৰি ব্যক্তিগৰাকীৰ PPAN একাউণ্টত জমা কৰা হয়। সেইদৰে অসম চৰকাৰৰ দ্বাৰাও মূল দৰমহা আৰু ডিএ-ৰ ১৪ শতাংশ কৰ্তন কৰি জমা কৰা হয়। 

অৱসৰৰ সময়ত উক্ত জমা হোৱা ধনৰ পৰা ব্যক্তিগৰাকীয়ে ৬০ শতাংশ ধন এককালীনভাৱে মোকলোৱাৰ পাছত অৱশিষ্ট ৪০ শতাংশৰ পৰা পেন্সন দিয়াৰ ব্যৱস্থা কৰিছে। ফলত অতি ন্যুনতম পেন্সন লাভ কৰিবলগা হৈছে।

অৱসৰৰ পাছৰ দৈনন্দিনৰ কথা ভাৱি শংকিত হৈ পৰা লাখ লাখ কৰ্মচাৰীয়ে আজি ৰাজ্যজুৰি প্ৰতিবাদত বহিছে। যদি এইদৰে তেওঁলোক দু:চিন্তাত ভুগি থাকিবলগীয়া হয়, কামত ভালকৈ কেনেকৈ মনোনিৱেশ কৰিব? যদি কৰ্মচাৰীয়ে কামত মনোনিৱেশ কৰাত বাধাৰ সৃষ্টি হয়, কামবোৰ সঠিককৈ কেনেকৈ সমাপণ কৰা হ’ব? কামবোৰ সঠিককৈ নহ'লে উন্নয়ন কেনেকৈ হ'ব?


গতিকে বিজেপি চৰকাৰৰ এনে কৰ্মকাণ্ডৰ পৰা আমি ক'বলৈ বাধ্য হৈছো যে তেওঁলোকে অসমৰ উন্নয়ন হোৱাতো নিবিচাৰে। মাত্ৰ দিল্লী লবীক সন্তুষ্ট কৰি নিজৰ গাদী ৰক্ষাৰ চিন্তাত ব্যস্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শাসক পক্ষৰ নেতাসকল।

আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে পুৰণি পেন্সন নীতিৰ আধাৰত পেন্সন প্ৰদান ব্যৱস্থা বাহাল ৰাখিবলৈ দাবী জনাইছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ