--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ইটোৰ পাছত সিটো জনবিৰোধী সিদ্ধান্তৰ বাবে জনতাই ত্ৰাহিমধূসূদন সুঁৱৰিবলগা হৈছে। শেহতীয়াকৈ ৰাজ্যজুৰি লাখ লাখ কৰ্মচাৰীৰ ধৰ্ণা-প্ৰতিবাদে পুনৰবাৰ সেই কথাকে প্ৰমাণ কৰিছে। নতুন পেন্সন নীতিৰ নামত কৰ্মচাৰীক বঞ্চিত কৰা চৰকাৰৰ নীতিৰ তীব্ৰ প্ৰতিবাদ জনাইছে অসম তৃণমূল কংগ্ৰেছ দলে।


'আজি নতুন পেন্সন নীতিৰ বাবে লাখ টকা দৰমহা পোৱা কৰ্মচাৰী এজনে পেন্সন পাইছে মাত্ৰ ২০০০ টকা । এই কথাটোৱে অৱধাৰিতভাৱে কৰ্মচাৰীসকলক হতাশ কৰিছে। পূৰ্বতে অৱসৰৰ সময়ত লাভ কৰা দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে লাভ কৰি এজন অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে কোনো দু:চিন্তা নোহোৱাকৈ পৰিয়ালটো চলাই নিব পাৰিছিল। কিন্তু তথাকথিত নতুন পেন্সন নীতিৰ আধাৰত এগৰাকী কৰ্মচাৰীৰ মাহেকীয়া দৰমহা আৰু ডিএৰ দহ শতাংশ কৰ্তন কৰি ব্যক্তিগৰাকীৰ PPAN একাউণ্টত জমা কৰা হয়। সেইদৰে অসম চৰকাৰৰ দ্বাৰাও মূল দৰমহা আৰু ডিএ-ৰ ১৪ শতাংশ কৰ্তন কৰি জমা কৰা হয়। 

অৱসৰৰ সময়ত উক্ত জমা হোৱা ধনৰ পৰা ব্যক্তিগৰাকীয়ে ৬০ শতাংশ ধন এককালীনভাৱে মোকলোৱাৰ পাছত অৱশিষ্ট ৪০ শতাংশৰ পৰা পেন্সন দিয়াৰ ব্যৱস্থা কৰিছে। ফলত অতি ন্যুনতম পেন্সন লাভ কৰিবলগা হৈছে।

অৱসৰৰ পাছৰ দৈনন্দিনৰ কথা ভাৱি শংকিত হৈ পৰা লাখ লাখ কৰ্মচাৰীয়ে আজি ৰাজ্যজুৰি প্ৰতিবাদত বহিছে। যদি এইদৰে তেওঁলোক দু:চিন্তাত ভুগি থাকিবলগীয়া হয়, কামত ভালকৈ কেনেকৈ মনোনিৱেশ কৰিব? যদি কৰ্মচাৰীয়ে কামত মনোনিৱেশ কৰাত বাধাৰ সৃষ্টি হয়, কামবোৰ সঠিককৈ কেনেকৈ সমাপণ কৰা হ’ব? কামবোৰ সঠিককৈ নহ'লে উন্নয়ন কেনেকৈ হ'ব?


গতিকে বিজেপি চৰকাৰৰ এনে কৰ্মকাণ্ডৰ পৰা আমি ক'বলৈ বাধ্য হৈছো যে তেওঁলোকে অসমৰ উন্নয়ন হোৱাতো নিবিচাৰে। মাত্ৰ দিল্লী লবীক সন্তুষ্ট কৰি নিজৰ গাদী ৰক্ষাৰ চিন্তাত ব্যস্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শাসক পক্ষৰ নেতাসকল।

আমি তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে পুৰণি পেন্সন নীতিৰ আধাৰত পেন্সন প্ৰদান ব্যৱস্থা বাহাল ৰাখিবলৈ দাবী জনাইছো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু