--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীক পুনৰ কংগ্ৰেছৰ সভাপতি হিচাপে অধিষ্ঠিত কৰাবলৈ উঠিপৰি লাগিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট৷ কংগ্ৰেছৰ ৰাজস্থান গোটে কালি সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক দলৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ আহ্বান জনাই এক প্ৰস্তাৱ গৃহীত কৰে৷ জয়পুৰত প্ৰদেশ কংগ্ৰেছ কমিটিৰ (পিচিচি) বৈঠকত ৰাহুল গান্ধীক কংগ্ৰেছৰ মুৰব্বী কৰাৰ প্ৰস্তাৱ আগবঢ়াই গেহলটে৷ 

ৰাহুল গান্ধীক পুনৰ দলৰ শাসনভাৰ গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ গৃহীত কৰা প্ৰথমখন ৰাজ্য হিচাপে চিহ্নিত হৈছে ৰাজস্থান৷ 
বৈঠকখন কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হৈছে, এই নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ২৪ ছেপ্টেম্বৰত আৰম্ভ হ’ব।

বৈঠকৰ পাছত ৰাজস্থানৰ মন্ত্ৰী প্ৰতাপ সিং খাচাৰিয়াই কয় যে ৰাজস্থান কংগ্ৰেছৰ সভাপতি নিযুক্তিত আৰু ৰাজ্যখনৰ পৰা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ (এআইচিচি) সদস্যসকলক মনোনীত কৰাৰ বাবে আগন্তুক দলৰ মুৰব্বীক অনুমোদন জনোৱাৰ বাবেও এক প্ৰস্তাৱ গৃহীত কৰা হৈছে। 

সূত্ৰসমূহে কৈছে যে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে দিল্লীত থকাৰ বাবে সভাখনত উপস্থিত নাছিল। তেওঁৰ নামো এই পদৰ বাবে চৰ্চিত হৈ থকাৰ সময়তে গেহলটে কয়, ৰাহুল গান্ধী দলৰ মুৰব্বী নহ'লে সমগ্ৰ দেশৰ দলৰ সদস্যসকল হতাশ হ'ব। যদি তেওঁ সভাপতি হয়, দলটো ঐক্যবদ্ধ হৈ থাকিব৷

কংগ্ৰেছ দলৰ নেতৃত্বৰ সংকট কেইবাবছৰৰ পৰা বাঢ়ি আহিছে আৰু নিৰ্বাচনসমূহত পৰাজয় আৰু হাই-প্ৰ’ফাইল নেতাসকলৰ দ্বাৰা প্ৰস্থানৰ ধাৰাৰ সৈতে কেৱল অৱনতি ঘটিছে। কেইবাজনো কংগ্ৰেছ নেতাই কৈছে যে তেওঁলোকে ৰাহুল গান্ধীক দলৰ মুৰব্বী হিচাপে ঘূৰি অহাটো বিচাৰে। দলৰ ভিতৰুৱা সকলে অৱশ্যে কয় যে গান্ধীয়ে এই ভূমিকা গ্ৰহণ কৰিবলৈ সাজু নহয়। 
২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ পাছত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি গান্ধীয়ে কংগ্ৰেছ ৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল৷

তেতিয়াৰ পৰা তেওঁ তেওঁৰ দলৰ সদস্যসকলৰ দ্বাৰা কৰা প্ৰস্তাৱসমূহ প্ৰত্যাখ্যান কৰি আহিছে।
কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ অধিসূচনা ২২ ছেপ্টেম্বৰত প্ৰকাশ পাব আৰু মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৮ অক্টোবৰ আৰু প্ৰয়োজন হ'লে নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব। ফলাফল প্ৰকাশ পাব ১৯ অক্টোবৰত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement