--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ এটা শিশুৰ জীৱন ৰক্ষাৰ বাবে ভগৱানে যেন চকু মেলি চালে। ঘটনা অনুসৰি স্পাইনেল মাস্কুলাৰ এট্ৰপি ডিজিজ অৰ্থাৎ এছ এম এ টাইপ ৱান নামৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত এই শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন ১৬ কোটি টকা। যদি মাত্ৰ কেইমাহমানৰ ভিতৰতে এই ধন সংগ্ৰহ কৰা নহয় আৰু বেজী দিয়া নহয় তেন্তে শিশুটিৰ মৃত্যু হ’ব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত বিদেশৰ পৰা হোৱা লাকী ড্ৰ’ত শিশুটিয়ে এই বেজী বিনামূলীয়াকৈ লাভ কৰে। বিজেপিৰ সাংসদ ব্ৰজ ভূষণ সিঙে কয় যে তেওঁ মোদীৰ নাম স্মৰণ কৰিছিল আৰু এই চমৎকাৰ ঘটিছিল। শিশুটিয়ে ১৬ কোটি টকাৰ বেজী বিনামূলীয়াকৈ লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ এয়া আটাইতকৈ ডাঙৰ উপহাৰ।

চুলতানপুৰত বাস কৰা এক দম্পতীৰ সন্তান অনন্যৰ এটা গুৰুতৰ ৰোগ আছে, যাৰ চিকিৎসা অতি ব্যয়বহুল। এই ৰোগত এটা বেজীৰ খৰচ বেলেগ বেলেগ কোম্পানীত ১৬ৰ পৰা ২০ কোটি, যিটো কোনো স্বাভাৱিক পৰিয়ালৰ বাবে অসম্ভৱ। আৰ্থিক সাহায্য বিচাৰি শিশুটিৰ পৰিয়াল সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিষ্ণোহৰপুৰ বাসগৃহত উপস্থিত হয়।

শিশুটিৰ পৰিয়ালে সাংসদগৰাকীক সহায়ৰ বাবে আহ্বান জনায়। ইয়াৰ পিছত চিকিৎসাৰ খৰচৰ কথা শুনি সাংসদগৰাকীও বিবুধিত পৰে। অৱশ্যে তেওঁ শিশুটিক সহায় কৰাৰ সিদ্ধান্ত লয় আৰু সাংসদগৰাকীয়ে ছ’চিয়েল মিডিয়াত আবেদন কৰি ৰাইজক সহায় কৰিবলৈ অনুৰোধ জনায়। সাংসদগৰাকীয়ে দাবী কৰিছে যে ছ’চিয়েল মিডিয়াত আবেদন কৰাৰ কিছু সময়ৰ পাছতে এটা কোম্পানীয়ে লটাৰীৰ জৰিয়তে শিশুটিক বিনামূলীয়াকৈ বেজী দিয়াৰ কথা ঘোষণা কৰে। বেজীৰ মূল্য ১৬ কোটি টকা। এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু