--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ এটা শিশুৰ জীৱন ৰক্ষাৰ বাবে ভগৱানে যেন চকু মেলি চালে। ঘটনা অনুসৰি স্পাইনেল মাস্কুলাৰ এট্ৰপি ডিজিজ অৰ্থাৎ এছ এম এ টাইপ ৱান নামৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত এই শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন ১৬ কোটি টকা। যদি মাত্ৰ কেইমাহমানৰ ভিতৰতে এই ধন সংগ্ৰহ কৰা নহয় আৰু বেজী দিয়া নহয় তেন্তে শিশুটিৰ মৃত্যু হ’ব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত বিদেশৰ পৰা হোৱা লাকী ড্ৰ’ত শিশুটিয়ে এই বেজী বিনামূলীয়াকৈ লাভ কৰে। বিজেপিৰ সাংসদ ব্ৰজ ভূষণ সিঙে কয় যে তেওঁ মোদীৰ নাম স্মৰণ কৰিছিল আৰু এই চমৎকাৰ ঘটিছিল। শিশুটিয়ে ১৬ কোটি টকাৰ বেজী বিনামূলীয়াকৈ লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ এয়া আটাইতকৈ ডাঙৰ উপহাৰ।

চুলতানপুৰত বাস কৰা এক দম্পতীৰ সন্তান অনন্যৰ এটা গুৰুতৰ ৰোগ আছে, যাৰ চিকিৎসা অতি ব্যয়বহুল। এই ৰোগত এটা বেজীৰ খৰচ বেলেগ বেলেগ কোম্পানীত ১৬ৰ পৰা ২০ কোটি, যিটো কোনো স্বাভাৱিক পৰিয়ালৰ বাবে অসম্ভৱ। আৰ্থিক সাহায্য বিচাৰি শিশুটিৰ পৰিয়াল সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিষ্ণোহৰপুৰ বাসগৃহত উপস্থিত হয়।

শিশুটিৰ পৰিয়ালে সাংসদগৰাকীক সহায়ৰ বাবে আহ্বান জনায়। ইয়াৰ পিছত চিকিৎসাৰ খৰচৰ কথা শুনি সাংসদগৰাকীও বিবুধিত পৰে। অৱশ্যে তেওঁ শিশুটিক সহায় কৰাৰ সিদ্ধান্ত লয় আৰু সাংসদগৰাকীয়ে ছ’চিয়েল মিডিয়াত আবেদন কৰি ৰাইজক সহায় কৰিবলৈ অনুৰোধ জনায়। সাংসদগৰাকীয়ে দাবী কৰিছে যে ছ’চিয়েল মিডিয়াত আবেদন কৰাৰ কিছু সময়ৰ পাছতে এটা কোম্পানীয়ে লটাৰীৰ জৰিয়তে শিশুটিক বিনামূলীয়াকৈ বেজী দিয়াৰ কথা ঘোষণা কৰে। বেজীৰ মূল্য ১৬ কোটি টকা। এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ