--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছুপাৰষ্টাৰ ৰজনীকান্ত তেওঁৰ শক্তিশালী অভিনয় আৰু স্পষ্টবাদী বক্তব্যৰ বাবে প্ৰায়ে শিৰোনামৰ অংশ হৈ পৰে। এইবাৰ বিশ্বকাপ ক্ৰিকেট ২০২৩ক লৈ ভৱিষ্যদ্বাণী কৰাৰ বাবে লাইমলাইটলৈ আহিছে ৰজনীকান্ত। ছুপাৰষ্টাৰ ৰজনীকান্তই বিশ্বকাপ ২০২৩ৰ চূড়ান্ত খেলৰ পূৰ্বে কয় যে ১০০ শতাংশ নিশ্চিত যে বিশ্বকাপ আমাৰ হ’ব। ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰজনীকান্তৰ এই বক্তব্য।

ছুপাৰষ্টাৰ ৰজনীকান্ত ১৫ নৱেম্বৰত ৱাংখেড়ে ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেল খেলখন চাবলৈ উপস্থিত হৈছিল। য'ত ছুপাৰষ্টাৰগৰাকীয়েও ভাৰতৰ জয়ত সুখ প্ৰকাশ কৰে। ৰজনীকান্তই ক’লে- প্ৰথমতে মোৰ নাৰ্ভাছ লাগিছিল। পিছত যেতিয়া উইকেট কমি থাকিল, তেতিয়া সকলো ঠিক হৈ গ’ল। সেই ডেৰ ঘণ্টাত মই বৰ নাৰ্ভাছ হৈছিলো, কিন্তু কাপ যে আমাৰেই সেই কথা ১০০% নিশ্চিত।

আপোনালোকক কওঁ, ২০২৩ চনৰ ১৯ ​​নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ ভাৰত বনাম অষ্ট্ৰেলিয়াৰ অন্তিমখন খেল। ২০০৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ ফাইনেল সংঘৰ্ষ দেখা যাব। এই লৈ ক্ৰিকেট প্ৰেমীসকল অতিশয় উৎসাহিত। এফালে ফাইনেললৈ অপেক্ষা আৰু আনফালে ৰজনীকান্তৰ ভৱিষ্যদ্বাণী শুনি অনুৰাগীৰ উত্তেজনাৰ মাত্ৰা চাৰিগুণ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক