--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত প্ৰতিজন ভাৰতীয়ৰ বুকু দুৰু দুৰুকৈ কঁপি আছে, হৈ আছে চৰম উৎকণ্ঠিত। কিয়নো কাইলৈ অৰ্থাৎ ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেল মেচ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ৰ অন্তিমখন খেল। এই হাই ভল্টেজ মেচখনৰ আগতেই আৰম্ভ হৈছে বহুতো ভিন্ন আলোচনা। 

কোনো কোনোৱে টিম ইণ্ডিয়াৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰাৰ বিপৰীতে একাংশই আৰম্ভ কৰিছে প্ৰচাৰৰ ষ্টাণ্ট। ভাৰতে জয়ী হ’লে বিনামূলীয়াকৈ বিৰিয়ানী দিব বুলি খবৰ প্ৰচাৰ কৰিছিল এজন বিৰিয়ানী বিক্ৰেতাই, ইফালে এতিয়া ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে দক্ষিণৰ এগৰাকী অভিনেত্ৰী যিয়ে পুনম পাণ্ডেৰ দৰে প্ৰতিশ্ৰুতি দি প্ৰচাৰ লাভ কৰিবলৈ চেষ্টা কৰিছে।

উল্লেখ্য যে পুনম পাণ্ডেই ২০১১ চনত প্ৰতিশ্ৰুতি দিছিল যে যদি ভাৰতে বিশ্বকাপ জয় কৰে তেন্তে তেওঁ সম্পূৰ্ণ নগ্ন হৈ ফটোশ্বুট কৰিব। এতিয়া তেনে এক মুকলি প্ৰতিশ্ৰুতি দিছে তেলেগু অভিনেত্ৰী ৰেখা বোজে। তেওঁ কয় যে, ২০২৩ চনৰ বিশ্বকাপত যদি টিম ইণ্ডিয়া জয়ী হয় তেওঁ সম্পূৰ্ণ নগ্ন হ’ব, কেৱল সেয়াই নহয় তেওঁ নগ্ন হৈ বিশাখাপট্টনমৰ বীচ্চত দৌৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ছ’চিয়েল মিডিয়াত কৰা এই পোষ্টেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অভিনেত্ৰীগৰাকীয়ে। 

এই পোষ্টটোৰ পিছত তেলেগু অভিনেত্ৰীগৰাকীক ঠাট্টা-মস্কৰাও কৰা হৈছে। বহুতে স্পষ্টকৈ লিখিছিল যে এয়া কেৱল জনপ্ৰিয়তা লাভৰ বাবে কৰা নাটক। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে অভিনেত্ৰীগৰাকীয়ে কেৱল শিৰোনাম দখল কৰিবলৈ টিম ইণ্ডিয়াৰ নাম ব্যৱহাৰ কৰিছে, যিটো অতি লজ্জাজনক। এনে ঘোষণা সঘনাই ঘটে। শেহতীয়াকৈ এগৰাকী অভিনেত্ৰী মডেলে মহম্মদ শ্বামীক বিয়াৰ প্ৰস্তাৱ দিছিল। এগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে বিশ্বকাপৰ সময়ত বাংলাদেশ দলক প্ৰতিশ্ৰুতি দিছিল যে বাংলাদেশে ভাৰতক পৰাস্ত কৰিলে বাঙালী যুৱকৰ সৈতে ডিনাৰ ডেটত যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক