--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত প্ৰতিজন ভাৰতীয়ৰ বুকু দুৰু দুৰুকৈ কঁপি আছে, হৈ আছে চৰম উৎকণ্ঠিত। কিয়নো কাইলৈ অৰ্থাৎ ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেল মেচ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ৰ অন্তিমখন খেল। এই হাই ভল্টেজ মেচখনৰ আগতেই আৰম্ভ হৈছে বহুতো ভিন্ন আলোচনা। 

কোনো কোনোৱে টিম ইণ্ডিয়াৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰাৰ বিপৰীতে একাংশই আৰম্ভ কৰিছে প্ৰচাৰৰ ষ্টাণ্ট। ভাৰতে জয়ী হ’লে বিনামূলীয়াকৈ বিৰিয়ানী দিব বুলি খবৰ প্ৰচাৰ কৰিছিল এজন বিৰিয়ানী বিক্ৰেতাই, ইফালে এতিয়া ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে দক্ষিণৰ এগৰাকী অভিনেত্ৰী যিয়ে পুনম পাণ্ডেৰ দৰে প্ৰতিশ্ৰুতি দি প্ৰচাৰ লাভ কৰিবলৈ চেষ্টা কৰিছে।

উল্লেখ্য যে পুনম পাণ্ডেই ২০১১ চনত প্ৰতিশ্ৰুতি দিছিল যে যদি ভাৰতে বিশ্বকাপ জয় কৰে তেন্তে তেওঁ সম্পূৰ্ণ নগ্ন হৈ ফটোশ্বুট কৰিব। এতিয়া তেনে এক মুকলি প্ৰতিশ্ৰুতি দিছে তেলেগু অভিনেত্ৰী ৰেখা বোজে। তেওঁ কয় যে, ২০২৩ চনৰ বিশ্বকাপত যদি টিম ইণ্ডিয়া জয়ী হয় তেওঁ সম্পূৰ্ণ নগ্ন হ’ব, কেৱল সেয়াই নহয় তেওঁ নগ্ন হৈ বিশাখাপট্টনমৰ বীচ্চত দৌৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ছ’চিয়েল মিডিয়াত কৰা এই পোষ্টেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অভিনেত্ৰীগৰাকীয়ে। 

এই পোষ্টটোৰ পিছত তেলেগু অভিনেত্ৰীগৰাকীক ঠাট্টা-মস্কৰাও কৰা হৈছে। বহুতে স্পষ্টকৈ লিখিছিল যে এয়া কেৱল জনপ্ৰিয়তা লাভৰ বাবে কৰা নাটক। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে অভিনেত্ৰীগৰাকীয়ে কেৱল শিৰোনাম দখল কৰিবলৈ টিম ইণ্ডিয়াৰ নাম ব্যৱহাৰ কৰিছে, যিটো অতি লজ্জাজনক। এনে ঘোষণা সঘনাই ঘটে। শেহতীয়াকৈ এগৰাকী অভিনেত্ৰী মডেলে মহম্মদ শ্বামীক বিয়াৰ প্ৰস্তাৱ দিছিল। এগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে বিশ্বকাপৰ সময়ত বাংলাদেশ দলক প্ৰতিশ্ৰুতি দিছিল যে বাংলাদেশে ভাৰতক পৰাস্ত কৰিলে বাঙালী যুৱকৰ সৈতে ডিনাৰ ডেটত যাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক