--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী কংগ্ৰেছ নেতাৰ পুত্ৰৰ বিয়া খাই অসুস্থ হ'ল ১২০০ ৰো অধিক লোক। বিয়া খাই অসুস্থ হৈ পৰা লোককেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ মেহছানা জিলাত। ভিচনগৰ গ্ৰাম্য আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা অনুসৰি, শুকুৰবাৰে নিশা মেহছানাৰ ভিচনগৰ তালুকাৰ চাভলা গাঁৱত এই ঘটনা সংঘটিত হয়। মেহছানাৰ আৰক্ষী অধীক্ষক পাৰ্থৰাজ সিংহ গোহিলে কয় যে বিবাহ অনুষ্ঠানত খাদ্য খোৱাৰ পিছত ১২০০ ৰো অধিক লোক অসুস্থ হৈ পৰিছিল আৰু চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল। খাদ্য খোৱাৰ পাছত লোকসকলে বমি আৰু ডায়েৰিয়াৰ অভিযোগ কৰিছিল, যাৰ পিছত তেওঁলোকক ভিচনগৰ, মেহছানা আৰু ভাদনগৰৰ বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি কংগ্ৰেছ নেতাৰ পুত্ৰৰ বিয়াত বহু সংখ্যক লোক উপস্থিত আছিল। আৰক্ষীয়ে ঘটনাটোৰ বিতং তদন্ত কৰি আছে। বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা খাদ্যৰ নমুনা ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ আৰু খাদ্য আৰু ঔষধ বিভাগৰ দ্বাৰা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে। প্ৰথমাৱস্থাত আৰক্ষীয়ে এয়া ফুড পইজনিং বুলিয়ে সন্দেহ কৰিছে যদিও তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি সদৰী কৰিছে। আৰু পঢ়কঃ আজিৰ দিনটোৱে কি কঢ়িয়াই আনিছে আপোনাৰ বাবে…চাওঁ আহক ৰাশিফল
FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি