--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী কংগ্ৰেছ নেতাৰ পুত্ৰৰ বিয়া খাই অসুস্থ হ'ল ১২০০ ৰো অধিক লোক। বিয়া খাই অসুস্থ হৈ পৰা লোককেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ মেহছানা জিলাত। ভিচনগৰ গ্ৰাম্য আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা অনুসৰি, শুকুৰবাৰে নিশা মেহছানাৰ ভিচনগৰ তালুকাৰ চাভলা গাঁৱত এই ঘটনা সংঘটিত হয়। মেহছানাৰ আৰক্ষী অধীক্ষক পাৰ্থৰাজ সিংহ গোহিলে কয় যে বিবাহ অনুষ্ঠানত খাদ্য খোৱাৰ পিছত ১২০০ ৰো অধিক লোক অসুস্থ হৈ পৰিছিল আৰু চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল। খাদ্য খোৱাৰ পাছত লোকসকলে বমি আৰু ডায়েৰিয়াৰ অভিযোগ কৰিছিল, যাৰ পিছত তেওঁলোকক ভিচনগৰ, মেহছানা আৰু ভাদনগৰৰ বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি কংগ্ৰেছ নেতাৰ পুত্ৰৰ বিয়াত বহু সংখ্যক লোক উপস্থিত আছিল। আৰক্ষীয়ে ঘটনাটোৰ বিতং তদন্ত কৰি আছে। বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা খাদ্যৰ নমুনা ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ আৰু খাদ্য আৰু ঔষধ বিভাগৰ দ্বাৰা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে। প্ৰথমাৱস্থাত আৰক্ষীয়ে এয়া ফুড পইজনিং বুলিয়ে সন্দেহ কৰিছে যদিও তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি সদৰী কৰিছে। আৰু পঢ়কঃ আজিৰ দিনটোৱে কি কঢ়িয়াই আনিছে আপোনাৰ বাবে…চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন