ডিজিটেল ডেস্কঃ পাইলচ অতি যন্ত্ৰণাদায়ক ৰোগৰ ভিতৰত অন্যতম৷এই ৰোগ হ’লে মলদ্বাৰৰ সিৰা ফুলি উঠি মটৰমাহৰ আকৃতিৰ সৰু ফোঁহা হয়৷ প্ৰথম অৱস্থাত বিষ নহয় যদিও পাছলৈ এই বিষ বাঢ়ি গৈ অসহ্যকৰ হৈ উঠে৷ শৌচ টান হোৱাৰ লগতে শৌচৰ লগত তেজ পৰে৷ ইয়াক কেঁচুমুৰীয়া নামেৰেও জনা যায়৷ যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, বেছি মছলা দিয়া খাদ্য, গেছৰ সমস্যা,হজমৰ সমস্যা আৰু শৰীৰত পানীৰ পৰিমাণ কমি গ’লেও এই ৰোগ হ’ব পাৰে৷ যেতিয়া এই ৰোগ হয় শৌচ কৰিবলৈ আৰু বহি থাকিবলৈ যথেষ্ট সমস্যা হয়। সকলো বয়সৰ ব্যক্তিৰে এই ৰোগ হ’ব পাৰে৷ যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ পাইলচৰ সমস্যা হয়, তেন্তে এই ৰোগ হোৱাৰ আশংকা অধিক।
পাইলচ ৰোগীয়ে নাখাব এইবোৰ খাদ্য-
১)বেছি ভজা আৰু প্ৰচেচদ খাদ্য- প্ৰচেচদ খাদ্য খাদ্য যেনে ফ্ৰজেন মীট, ফাষ্ট ফুড আৰু বেছিকৈ ভজা খাদ্য হজম হ'বলৈ দীঘলীয়া সময় লাগে। এইবোৰত একেধৰণৰ পুষ্টি থাকে, আনহাতে নিমখ আৰু অস্বাস্থ্যকৰ চৰ্বিৰ পৰিমাণ যথেষ্ট বেছি থাকে। এই সকলোবোৰে হজমশক্তি দুৰ্বল হোৱা আৰু কোষ্ঠকাঠিন্যত অৰিহণা যোগায়।
২)মচলাযুক্ত খাদ্য- মচলাযুক্ত খাদ্য বহুলোকে খুব ভাল পায়। কিন্তু যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেন্তে মচলাযুক্ত খাদ্য আপোনাৰ বাবে যথেষ্ট বিপদজনক প্ৰমাণিত হ'ব পাৰে। এনে ধৰণৰ খাদ্য খায় পাইলচৰ ৰোগীসকলে শৌচ কৰোঁতে অসহনীয় বিষৰ সন্মুখীন হ'ব লগা হয়। আপোনাৰ ৰক্তক্ষৰণো হ'ব পাৰে।
৩)সুৰা- যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেনেহ'লে আপুনি একেবাৰে সুৰা সেৱন কৰা উচিত নহয়। সুৰাই পাচন তন্ত্ৰত ব্যাঘাত জন্মায়। লগতে অন্ত্ৰত ডিহাইড্ৰেচনৰ সমস্যা বৃদ্ধি কৰে।
৪)দুগ্ধজাত সামগ্ৰী- দুগ্ধজাত সামগ্ৰী খোৱাৰ ফলত বহুলোকে গেছ, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ সমস্যাৰ সন্মুখীন হয়। গাখীৰ, চীজ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীয়ে পাইলচৰ সমস্যা বৃদ্ধিৰ বাবে কাম কৰে।
৫)কেঁচা ফল- পাইলচৰ সমস্যাত ফল উপকাৰী বুলি প্ৰমাণিত হয়। কিন্তু মনত ৰাখিব যে সেই ফল সম্পূৰ্ণকৈ পকা ফল হব লাগিব। কেঁচা ফল খালে কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি হয়। ই পাইলচ ৰোগীৰ সমস্যা যথেষ্ট বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত ভালদৰে পকা ফলহে খাব।
৬)ৰিফাইনড খাদ্য- ৰিফাইনড শস্য যেনে বগা চাউল, বগা ব্ৰেড, কুকিজ আৰু কেক আদিত অতি কম আঁহ থাকে। এনে পৰিস্থিতিত ৰিফাইনড খাদ্য ত্যাগ কৰক।
৭)উচ্চ-নিমখযুক্ত খাদ্য- চিপচ বেছিভাগ লোকে খুব ভাল পায়। বজাৰত পোৱা বেছিভাগ বস্তুতে, নিমখৰ পৰিমাণ অতি বেছি হোৱা দেখা যায়।যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেনেহ'লে অধিক নিমখীয়া বস্তু খোৱাৰ ফলত আপোনাৰ শৰীৰত পানীৰ অভাৱ হয়, যি আপোনাৰ ৰক্তনলীবোৰো প্ৰভাৱিত কৰে। ই শৰীৰৰ বাকী অংশৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়।
৮)বেছি আঁহযুক্ত খাদ্য-পাইলচৰ সমস্যা হ'লে বহুলোকে কয় যে উচ্চ আঁহ সমৃদ্ধ বা ফাইভাৰযুক্ত খাদ্য খাব লাগে, কিন্তু এয়া সম্পূৰ্ণ ভুল কথা। যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা হয় তেন্তে আপুনি অধিক আঁহযুক্ত
খাদ্য গ্ৰহণ কৰা উচিত কিন্তু যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেনেহ'লে এই ভুল কৰা পৰিহাৰ কৰিব। পাইলচ থকা ৰোগীসকলে কেৱল সীমিত পৰিমাণৰ আঁহ গ্ৰহণ কৰিব লাগে।
পাইলচ ৰোগীসকলে আৰাম পোৱা কেইটামান পৰামৰ্শ
- পাতল গৰম পানীত বহিলে আপুনি যথেষ্ট সকাহ পাব।
- অধিক পানী খাওক আৰু নিজকে হাইড্ৰেটেড ৰাখক।
- শৌচ কৰোঁতে অত্যাধিক চাপ প্ৰয়োগ নকৰিব।
- দৈনিক ব্যায়াম কৰক।
-দুপৰ টেঙাৰ পাত খুন্দি শৌচদ্বাৰত প্ৰলেপ দিলেও সুফল পোৱা যায়৷
- যদি আপোনাৰ পাইলচ আছে, চিকিৎসকক ক'বলৈ লাজ নকৰিব।
আৰু পঢ়কঃ উন্নত চিকিৎসাৰ বাবে আজি মুম্বাইলৈ যাব কিশোৰ দাস; আশু আৰোগ্য কামনাৰে গুণমুগ্ধৰ প্ৰাৰ্থনা