--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাইলচ অতি যন্ত্ৰণাদায়ক ৰোগৰ ভিতৰত অন্যতম৷এই ৰোগ হ’লে মলদ্বাৰৰ সিৰা ফুলি উঠি মটৰমাহৰ আকৃতিৰ সৰু ফোঁহা হয়৷ প্ৰথম অৱস্থাত বিষ নহয় যদিও পাছলৈ এই বিষ বাঢ়ি গৈ অসহ্যকৰ হৈ উঠে৷ শৌচ টান হোৱাৰ লগতে শৌচৰ লগত তেজ পৰে৷ ইয়াক কেঁচুমুৰীয়া নামেৰেও জনা যায়৷ যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, বেছি মছলা দিয়া খাদ্য, গেছৰ সমস্যা,হজমৰ সমস্যা আৰু শৰীৰত পানীৰ পৰিমাণ কমি গ’লেও এই ৰোগ হ’ব পাৰে৷ যেতিয়া এই ৰোগ হয় শৌচ কৰিবলৈ আৰু বহি থাকিবলৈ যথেষ্ট সমস্যা হয়। সকলো বয়সৰ ব্যক্তিৰে এই ৰোগ হ’ব পাৰে৷ যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ পাইলচৰ সমস্যা হয়, তেন্তে এই ৰোগ হোৱাৰ আশংকা অধিক।

পাইলচ ৰোগীয়ে নাখাব এইবোৰ খাদ্য-

১)বেছি ভজা আৰু প্ৰচেচদ খাদ্য- প্ৰচেচদ খাদ্য খাদ্য যেনে ফ্ৰজেন মীট, ফাষ্ট ফুড আৰু বেছিকৈ ভজা খাদ্য হজম হ'বলৈ দীঘলীয়া সময় লাগে। এইবোৰত একেধৰণৰ পুষ্টি থাকে, আনহাতে নিমখ আৰু অস্বাস্থ্যকৰ চৰ্বিৰ পৰিমাণ যথেষ্ট বেছি থাকে। এই সকলোবোৰে হজমশক্তি দুৰ্বল হোৱা আৰু কোষ্ঠকাঠিন্যত অৰিহণা যোগায়। ২)মচলাযুক্ত খাদ্য- মচলাযুক্ত খাদ্য বহুলোকে খুব ভাল পায়। কিন্তু যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেন্তে মচলাযুক্ত খাদ্য আপোনাৰ বাবে যথেষ্ট বিপদজনক প্ৰমাণিত হ'ব পাৰে। এনে ধৰণৰ খাদ্য খায় পাইলচৰ ৰোগীসকলে শৌচ কৰোঁতে অসহনীয় বিষৰ সন্মুখীন হ'ব লগা হয়। আপোনাৰ ৰক্তক্ষৰণো হ'ব পাৰে। ৩)সুৰা- যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেনেহ'লে আপুনি একেবাৰে সুৰা সেৱন কৰা উচিত নহয়। সুৰাই পাচন তন্ত্ৰত ব্যাঘাত জন্মায়। লগতে অন্ত্ৰত ডিহাইড্ৰেচনৰ সমস্যা বৃদ্ধি কৰে। ৪)দুগ্ধজাত সামগ্ৰী- দুগ্ধজাত সামগ্ৰী খোৱাৰ ফলত বহুলোকে গেছ, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ সমস্যাৰ সন্মুখীন হয়। গাখীৰ, চীজ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীয়ে পাইলচৰ সমস্যা বৃদ্ধিৰ বাবে কাম কৰে। ৫)কেঁচা ফল- পাইলচৰ সমস্যাত ফল উপকাৰী বুলি প্ৰমাণিত হয়। কিন্তু মনত ৰাখিব যে সেই ফল সম্পূৰ্ণকৈ পকা ফল হব লাগিব। কেঁচা ফল খালে কোষ্ঠকাঠিন্যৰ সমস্যা বৃদ্ধি হয়। ই পাইলচ ৰোগীৰ সমস্যা যথেষ্ট বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত ভালদৰে পকা ফলহে খাব। ৬)ৰিফাইনড খাদ্য- ৰিফাইনড শস্য যেনে বগা চাউল, বগা ব্ৰেড, কুকিজ আৰু কেক আদিত অতি কম আঁহ থাকে। এনে পৰিস্থিতিত ৰিফাইনড খাদ্য ত্যাগ কৰক। ৭)উচ্চ-নিমখযুক্ত খাদ্য- চিপচ বেছিভাগ লোকে খুব ভাল পায়। বজাৰত পোৱা বেছিভাগ বস্তুতে, নিমখৰ পৰিমাণ অতি বেছি হোৱা দেখা যায়।যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেনেহ'লে অধিক নিমখীয়া বস্তু খোৱাৰ ফলত আপোনাৰ শৰীৰত পানীৰ অভাৱ হয়, যি আপোনাৰ ৰক্তনলীবোৰো প্ৰভাৱিত কৰে। ই শৰীৰৰ বাকী অংশৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। ৮)বেছি আঁহযুক্ত খাদ্য-পাইলচৰ সমস্যা হ'লে বহুলোকে কয় যে উচ্চ আঁহ সমৃদ্ধ বা ফাইভাৰযুক্ত খাদ্য খাব লাগে, কিন্তু এয়া সম্পূৰ্ণ ভুল কথা। যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা হয় তেন্তে আপুনি অধিক আঁহযুক্ত খাদ্য গ্ৰহণ কৰা উচিত কিন্তু যদি আপোনাৰ পাইলচৰ সমস্যা আছে তেনেহ'লে এই ভুল কৰা পৰিহাৰ কৰিব। পাইলচ থকা ৰোগীসকলে কেৱল সীমিত পৰিমাণৰ আঁহ গ্ৰহণ কৰিব লাগে।

পাইলচ ৰোগীসকলে আৰাম পোৱা কেইটামান পৰামৰ্শ

- পাতল গৰম পানীত বহিলে আপুনি যথেষ্ট সকাহ পাব।  - অধিক পানী খাওক আৰু নিজকে হাইড্ৰেটেড ৰাখক। - শৌচ কৰোঁতে অত্যাধিক চাপ প্ৰয়োগ নকৰিব।  - দৈনিক ব্যায়াম কৰক।  -দুপৰ টেঙাৰ পাত খুন্দি শৌচদ্বাৰত প্ৰলেপ দিলেও সুফল পোৱা যায়৷ - যদি আপোনাৰ পাইলচ আছে, চিকিৎসকক ক'বলৈ লাজ নকৰিব। আৰু পঢ়কঃ উন্নত চিকিৎসাৰ বাবে আজি মুম্বাইলৈ যাব কিশোৰ দাস; আশু আৰোগ্য কামনাৰে গুণমুগ্ধৰ প্ৰাৰ্থনা  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ