--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজ্যৰ সমাগত উপ-নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ মাজত ততপৰতা ব্যাপকভাৱে বৃদ্ধি পাইছে৷ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'বলগা উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰদানক লৈ এতিয়া ব্যস্ত হৈ পৰিছৈ ৰাজনৈতিক দলসমূহ৷ বিৰোধী দল কংগ্ৰেছো সাজু হৈছে নিৰ্বাচনৰ বাবে৷ অৱশ্যে তেওঁলোকে আটাইকেইটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক নহয়। শুকুৰবাৰে নিশা সম্পন্ন হোৱা বৈঠকত দুটা সমষ্টি সহযোগী দলক এৰি দিয়াৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে কংগ্ৰেছে৷

ৰাইজৰ দল, জাতীয় পৰিষদকৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি আছে বুলি জনোৱাৰ লগতে এই আলোচনাৰ বাবে ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়াক দায়িত্ব প্ৰদান কৰিছে৷ কাইলৈ কংগ্ৰেছে ঘোষণা কৰিব উপ-নিৰ্বাচনৰ প্ৰথমখন কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা।

থাওৰা আৰু মৰিয়নি সমষ্টিত কংগ্ৰেছ দলে নিজে নিৰ্বাচন খেলিব। ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিয়াৰ কথা ভাবিছে দলটোৱে। যদিহে ৰাইজৰ দলে কংগ্ৰেছৰ দলৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেনেহ’লে ভৱানীপুৰত কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ