--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰে সংবাদ শিৰোনাম দখল কৰটো শ্বেৰমান আলীৰ বাবে নতুন কথা নহয়। বিশেষকৈ নিৰ্বাচনক আগে-আগে বিতৰ্কিত শ্বেৰমানে তেওঁৰ চৰম বিভেদকামী মন্তব্যৰে সৃষ্টি কৰি আহিছে প্ৰৱল বিতৰ্কৰ। তেওঁৰ এনে কাৰ্যৰ বাৰম্বাৰ পুনৰাবৃত্তিয়ে এতিয়া এটা প্ৰশ্নৰ সৃষ্টি কৰিছে। শ্বেৰমান আলীয়ে কাৰ হৈ কাম কৰি আছে? কংগ্ৰেছৰ এইগৰাকী সংখ্যালঘু বিধায়কৰ উদ্দেশ্য কি? তেওঁ কাৰোবাৰ হাতৰ পুতলা হৈ কাম কৰি গৈছে নেকি? দেখা গৈছে যে, নিৰ্বাচনৰ আগে আগে শ্বেৰমান আলীয়ে এনে কিছুমান মন্তব্য কৰি আহিছে, যিয়ে শাসকীয় বিজেপিক দলক সহায় কৰি আহিছে। মিঞা মিউজিয়াম, কলাক্ষেত্ৰত নীলা লুঙী ৰখাৰ দৰে চৰম স্পৰ্শকাতকৰ মন্তব্য কৰা বিধায়কগৰাকীয়ে যে প্ৰকৃততে বিজেপিকেই পৰোক্ষভাৱে সহায় কৰিছে সেয়া স্পষ্ট হৈ পৰিছে। এইবাৰ উপ নিৰ্বাচৰ আগে আগে তেওঁ আৰম্ভ কৰিছে নতুন এটা বিতৰ্ক।

শ্বেৰমান আলী


এইবাৰ তেওঁ কৰিলে শ্বহীদক অপমান৷ লেকাম নোহোৱা মুখখনেৰে এইবাৰ বিধায়ক আলীয়ে শ্বহীদক কৰিলে অপমান৷ বিধায়ক আলীয়ে মন্তব্য কৰিছিল যে “১৯৮৩ চনত দয়ানাথ শৰ্মা আৰু আন আঠজন ব্যক্তিয়ে কেইবাজনো মিঞা মূলৰ মুছলমান লোকক নিৰ্মমভাৱে হত্যা কৰিছিল। দয়ানাথ শৰ্মা আৰু আন আঠজন শ্বহীদ নহয়, তেওঁলোক হত্যাকাৰীহে৷” এই মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্য আলীৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে।শ্বহীদৰ প্ৰতি অবাঞ্ছিত মন্তব্য কৰি কংগ্ৰেছ দলক বিপদত পেলাইছে কংগ্ৰেছী বিধায়ক আলীয়ে৷ বিভিন্ন দল সংগঠনে একমুখে ধিক্কাৰ দিছে শ্বেৰমান আলীক৷ বিধায়ক আলীয়ে অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দি কৰা মন্তব্যক লৈ অকল শাসকীয় পক্ষৰে যে কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে তেনে নহয়, নিজ দলৰ সভাপতিয়েও সমালোচনা কৰিছে বিধায়ক শ্বেৰমান আলীক৷ বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক একেমুখে গ্ৰহণযোগ্য নহয় বুলি ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও কঠোৰ সমালোচনা কৰিলে বিধায়ক শ্বেৰমান আলীক৷ ভৱিষ্যতলৈ শ্বহীদক অপমান নকৰিবলৈও সকীয়নি লুৰিণজ্যোতি গগৈৰ৷

বিতৰ্কিত মন্তব্যৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ


অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) সাধাৰণ সম্পাদক ববীতা শৰ্মাই বিধায়ক শ্বেৰমান আলী আহমেদলৈ অসম আন্দোলন আৰু দয়ানাথ শৰ্মা সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। জাননীত লিখা অনুসৰি-
দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বেও দুবাৰকৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা বুলি উল্লেখ জাননীত। বিধায়কগৰাকীৰ এনে মন্তব্যক বিজেপিকে প্ৰত্যক্ষভাৱে সহায় কৰা বুলি উল্লেখ। দলৰ ভিতৰত থাকি বিজেপিৰ এজেণ্টৰূপে কাম কৰিছে শ্বেৰমান আলীয়ে। মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবে কংগ্ৰেছৰ ভাৱমূৰ্তি ধ্বংস কৰিবলৈ এনে মন্তব্য প্ৰকাশ কৰা বুলিও উল্লেখ কৰা হৈছে। তাতপৰ্যপূৰ্ণ যে, দলৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত স্পষ্টকৈয়ে কৈছে যে, কংগ্ৰেছৰ প্ৰায় আঢ়ৈশ নেতা-কৰ্মীয়ে শ্বেৰমান আলী সন্দৰ্ভত তেওঁলৈ অভিযোগ দিছে। তেওঁলোকৰ মতে, শ্বেৰমান আলী হৈছে বিজেপিৰ এজেণ্ট। বিজেপিক সহায় কৰাৰ বাবেই তেওঁ এনেবোৰ বিতৰ্কৰ সূত্ৰপাত ঘটাই আহিছে। শ্বেৰমানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দি ভূপেন বৰাই কৰা মন্তব্যই বহু কথাৰে যেন উত্তৰ দিছে।


ইফালে, ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে তীৰ্যকভাৱে কৰা মন্তব্যও বিশেষভাৱে লক্ষ্যণীয়। ছ’চিয়েল মিডিয়াত কমল কুমাৰ মেধিয়ে লিখিছে, ‘উপ-নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে ইতিমধ্যেই কাম আৰম্ভ কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে৷ শেহতীয়াকৈ যি ভয়ংকৰ বাণী এৰিছে, ইয়ে চিধাচিধিকৈ বিজেপিক সহায় কৰিব৷ইয়াৰ আগতে 'মিঞা কবিতা’, 'মিঞা মিউজিয়াম’ৰ দৰে গৰম ইছ্যু বিজেপিক উপহাৰ দি এওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসমত গজগজীয়া কৰাত বিশেষ বৰঙনি আগবঢ়াই থৈছে৷’ মেধিৰ এই অভিযোগেও শ্বেৰমান আলী আদমেদৰ স্বৰূপ চিনাটো সহজ কৰি তোলে। মন কৰিবলগীয়া যে, নিৰ্বাচনৰ পূৰ্বেই এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলীক গ্ৰেপ্তাৰৰ হুংকাৰো দিছিল। পিছে তেওঁক ৰাজনীতিৰ এক পাশা হিচাপে গ্ৰহণ কৰাৰ বাহিৰে আন একো পদক্ষেপ গ্ৰহণ কৰাটোও তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement