--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাহৰ পৰিবৰ্তনৰ লগে লগে পৃথিবীৰ পৰিবেশৰো পৰিৱৰ্তন ঘটে। কেবল সেয়াই নহয় মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন আৰু মানুহৰ মনোজগতৰো পৰিৱর্তন ঘটে। মাহৰ পৰিৱৰ্তনে প্রাকৃতিক পৰিৱেশৰ পৰিবৰ্তন ঘটোৱাৰ বাবেও গৃহ নিৰ্মাণৰ কামত তাৰ প্ৰভাৱ পৰিব পাৰে। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মাহৰ ফলাফল এনেদৰে বিচাৰ কৰিব পাৰি।

গৃহ নিৰ্মাণৰ বাবে উত্তম মাহ হৈছে ব'হাগ মাহ। ব'হাগ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ ধন-সম্পত্তি তথা সুখ-সমৃদ্ধি বৃদ্ধি হয়।

জেঠ মাহত গৃহ নিৰ্মাণ কৰাটো অশুভ। জেঠ মাহত গৃহ নিৰ্মাণ কৰিলে কাৰোৱাৰ অকাল মৃত্যু ঘটিব পাৰে।

আহাৰ মাহতো গৃহ নিৰ্মাণ কৰাটো শুভ নহয়। আহাৰ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন হানিৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু ঘটিব পাৰে।

শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু ঘটিব পাৰে।

ভাদ মাহটোও গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ নহয়। ভাদ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থ ঋণগ্রস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সম্মুখীন হ'ব পাৰে। আহিন মাহত গৃহ নিৰ্মাণ কৰাটো অনুচিত। আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নী বিয়োগৰ যোগ থাকে।

কাতি মাহত গৃহ নিৰ্মাণ কৰাটো শুভ ফলদায়ক। কাতি মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধিৰ লগতে ধন বৃদ্ধি পায়।

আঘোণ মাহটো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ। এই মাহত গৃহ নিৰ্মাণ কৰিলে
ধনপ্রাপ্তিৰ যোগ থাকে। লগতে যশ বৃদ্ধি পায়।

পুহ মাহত গৃহ নির্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে। 
মাঘ মাহত গৃহ নির্মাণ নকৰাই ভাল কিয়নো মাঘ মাহত গৃহ নিৰ্মাণ কৰিলে আগ্নি ভয় থাকে।

ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো উত্তম। এই মাহত গৃহ নির্মাণ কৰিলে পুত্র লাভ হয়।

চ'ত মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে চুৰিৰ ভয় থাকে।

যদি কোনো কাৰণত  বাবে অশুভ মাহতো ঘৰৰ কাম আৰম্ভ কৰিবলগীয়া হয়  তেন্তে সেই মাহক দোষমুক্ত কৰি ল'ব লাগিব। দোষমুক্ত মাহত যদি গৃহস্থৰ ৰাশিচক্ৰৰ অৱস্থান শুভ থাকে তেন্তে উপযুক্ত ভূমি পূজনৰ জৰিয়তে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি বুলি বাস্তুই বিধান দিছে।এনে বিধানসমূহ মানি চলিলে নিশ্চয়কৈ সুফল পাব৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ