--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাস্তুই মানুহৰ কল্যাণৰ বাবে বহু পৰামৰ্শ আগবঢ়াইছে। বাস্তুৰ মতে ঘৰ সঠিক ভাবে নিৰ্মাণ কৰাটো প্ৰয়োজনীয়। ঘৰ এটা সাজিব লাগে বুলিয়েই ঘৰ সজা বাবে যিকোনো মাহ এটা বাছি লোৱা উচিৎ নহয়। বাস্তুৰ বিধান অনুসৰি ঘৰ নিৰ্মাণ কৰিলেহে সুফল পাব। 

গৃহ নিৰ্মাণৰ বাবেসকলো  মাহেই উপযুক্ত মাহ নহয়। বছৰৰ বাৰ মাহৰেই নিজৰ প্ৰভাৱ মানুহৰ ওপৰত পৰি আহিছে। বিশেষকৈ মাহৰ পৰিবৰ্তনৰ লগে লগে পৃথিবীৰ পৰিবেশৰো পৰিৱৰ্তন ঘটে। কেবল সেয়াই নহয় মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন আৰু মানুহৰ মনোজগতৰো পৰিৱর্তন ঘটে। মাহৰ পৰিৱৰ্তনে প্রাকৃতিক পৰিৱেশৰ পৰিবৰ্তন ঘটোৱাৰ বাবেও গৃহ নিৰ্মাণৰ কামত তাৰ প্ৰভাৱ পৰিব পাৰে। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মাহৰ ফলাফল এনেদৰে বিচাৰ কৰিব পাৰি।

গৃহ নিৰ্মাণৰ বাবে উত্তম মাহ হৈছে ব'হাগ মাহ। ব'হাগ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ ধন-সম্পত্তি তথা সুখ-সমৃদ্ধি বৃদ্ধি হয়।

জেঠ মাহত গৃহ নিৰ্মাণ কৰাটো অশুভ। জেঠ মাহত গৃহ নিৰ্মাণ কৰিলে কাৰোৱাৰ অকাল মৃত্যু ঘটিব পাৰে।

আহাৰ মাহতো গৃহ নিৰ্মাণ কৰাটো শুভ নহয়। আহাৰ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন হানিৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু ঘটিব পাৰে।

শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু ঘটিব পাৰে।

ভাদ মাহটোও গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ নহয়। ভাদ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থ ঋণগ্রস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সম্মুখীন হ'ব পাৰে। আহিন মাহত গৃহ নিৰ্মাণ কৰাটো অনুচিত। আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নী বিয়োগৰ যোগ থাকে।

কাতি মাহত গৃহ নিৰ্মাণ কৰাটো শুভ ফলদায়ক। কাতি মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধিৰ লগতে ধন বৃদ্ধি পায়।

আঘোণ মাহটো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ। এই মাহত গৃহ নিৰ্মাণ কৰিলে
ধনপ্রাপ্তিৰ যোগ থাকে। লগতে যশ বৃদ্ধি পায়।

পুহ মাহত গৃহ নির্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে। 
মাঘ মাহত গৃহ নির্মাণ নকৰাই ভাল কিয়নো মাঘ মাহত গৃহ নিৰ্মাণ কৰিলে আগ্নি ভয় থাকে।

ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো উত্তম। এই মাহত গৃহ নির্মাণ কৰিলে পুত্র লাভ হয়।

চ'ত মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে চুৰিৰ ভয় থাকে।

যদি কোনো কাৰণত  বাবে অশুভ মাহতো ঘৰৰ কাম আৰম্ভ কৰিবলগীয়া হয়  তেন্তে সেই মাহক দোষমুক্ত কৰি ল'ব লাগিব। দোষমুক্ত মাহত যদি গৃহস্থৰ ৰাশিচক্ৰৰ অৱস্থান শুভ থাকে তেন্তে উপযুক্ত ভূমি পূজনৰ জৰিয়তে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি বুলি বাস্তুই বিধান দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ