--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate)এ শনিবাৰে ঋণ জালিয়াতিৰ গোচৰত মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (Prevention of Money Laundering Act)ৰ ধাৰাৰ অধীনত ওমকাৰ গোট আৰু অভিনেতা-প্ৰযোজক শচীন যোশীৰ ৪১০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে। সংস্থাটোৰ বিষয়াসকলে শনিবাৰে টাৱাৰ ‘চি অফ চেল’ বিল্ডিঙত থকা ‘ওমকাৰ ১৯৭৩’ নামৰ প্ৰায় ৩৩০ কোটি টকাৰ এটা ফ্লেট বাজেয়াপ্ত কৰিছে। ইয়াৰোপৰি মেচাৰ্ছ ওমকাৰ গ্ৰুপৰ ৱৰ্লি আৰু পুণেৰ ভিৰামত অৱস্থিত শচীন যোশী মালিকাধীন এটা কোম্পানীৰ প্ৰায় ৮০ কোটি টকা মূল্যৰ এটুকুৰা ভূমি বাজেয়াপ্ত কৰিছে। সংস্থাটোৱে লগতে ঔৰংগাবাদৰ মহানগৰ চক আৰক্ষী থানাৰ ২০২০ চনৰ ১০৯নং এজাহাৰৰ আধাৰত মানি লণ্ডাৰিঙৰ এটা গোচৰৰ তদন্তও আৰম্ভ কৰে। প্ৰৱৰ্তন সঞ্চালকালয়ে যোৱা বছৰ ২৫ জানুৱাৰীত তালাচী চলাই মেচাৰ্ছ ORDPLৰ পৰিচালন সঞ্চালক বাবুলাল বৰ্মা, মেচাৰ্ছ ORDPLৰ অধ্যক্ষ কমল কিশোৰ আৰু পিছলৈ শচীন যোশীক গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে পাছলৈ ২০২১ চনৰ ২৬ মাৰ্চত বোম্বাইৰ সত্ৰ ন্যায়ালয়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছিল। অনুসন্ধানৰ কালত প্ৰৱৰ্তন সঞ্চালকালয়ে জানিব পাৰিছিল যে ঋণৰ পৰিমাণ ৪১০ কোটি টকা মেচাৰ্ছ সুৰানা ডেভেলপাৰচ ৱাডালা, এলএলপিৰ দ্বাৰা প্ৰৱঞ্চনাৰে অধিগ্ৰহণ কৰা হৈছিল। ৪১০ কোটি টকাৰ ভিতৰত, ওমকাৰ গ্ৰুপে ৩৩০ কোটি টকাৰ আৰু প্ৰায় ৮০ কোটি টকা শচীন যোশী আৰু তেওঁৰ ভিকিং গ্ৰুপ অফ কোম্পানীৰ জৰিয়তে লণ্ডাৰ কৰা হৈছিল। সংস্থাটোৱে জাৰি কৰা এক বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি