--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰৱৰ্তন সঞ্চালকালয় (Enforcement Directorate)এ শনিবাৰে ঋণ জালিয়াতিৰ গোচৰত মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (Prevention of Money Laundering Act)ৰ ধাৰাৰ অধীনত ওমকাৰ গোট আৰু অভিনেতা-প্ৰযোজক শচীন যোশীৰ ৪১০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে। সংস্থাটোৰ বিষয়াসকলে শনিবাৰে টাৱাৰ ‘চি অফ চেল’ বিল্ডিঙত থকা ‘ওমকাৰ ১৯৭৩’ নামৰ প্ৰায় ৩৩০ কোটি টকাৰ এটা ফ্লেট বাজেয়াপ্ত কৰিছে। ইয়াৰোপৰি মেচাৰ্ছ ওমকাৰ গ্ৰুপৰ ৱৰ্লি আৰু পুণেৰ ভিৰামত অৱস্থিত শচীন যোশী মালিকাধীন এটা কোম্পানীৰ প্ৰায় ৮০ কোটি টকা মূল্যৰ এটুকুৰা ভূমি বাজেয়াপ্ত কৰিছে। সংস্থাটোৱে লগতে ঔৰংগাবাদৰ মহানগৰ চক আৰক্ষী থানাৰ ২০২০ চনৰ ১০৯নং এজাহাৰৰ আধাৰত মানি লণ্ডাৰিঙৰ এটা গোচৰৰ তদন্তও আৰম্ভ কৰে। প্ৰৱৰ্তন সঞ্চালকালয়ে যোৱা বছৰ ২৫ জানুৱাৰীত তালাচী চলাই মেচাৰ্ছ ORDPLৰ পৰিচালন সঞ্চালক বাবুলাল বৰ্মা, মেচাৰ্ছ ORDPLৰ অধ্যক্ষ কমল কিশোৰ আৰু পিছলৈ শচীন যোশীক গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে পাছলৈ ২০২১ চনৰ ২৬ মাৰ্চত বোম্বাইৰ সত্ৰ ন্যায়ালয়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছিল। অনুসন্ধানৰ কালত প্ৰৱৰ্তন সঞ্চালকালয়ে জানিব পাৰিছিল যে ঋণৰ পৰিমাণ ৪১০ কোটি টকা মেচাৰ্ছ সুৰানা ডেভেলপাৰচ ৱাডালা, এলএলপিৰ দ্বাৰা প্ৰৱঞ্চনাৰে অধিগ্ৰহণ কৰা হৈছিল। ৪১০ কোটি টকাৰ ভিতৰত, ওমকাৰ গ্ৰুপে ৩৩০ কোটি টকাৰ আৰু প্ৰায় ৮০ কোটি টকা শচীন যোশী আৰু তেওঁৰ ভিকিং গ্ৰুপ অফ কোম্পানীৰ জৰিয়তে লণ্ডাৰ কৰা হৈছিল। সংস্থাটোৱে জাৰি কৰা এক বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক