--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিভিন্ন সময়ত চিকিৎসালয়বোৰত ৰোগীৰ শৰীৰক লৈ খেলা কৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেনে সময়তে পোহৰলৈ আহিছে এখন ব্যক্তিগত চিকিৎসালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড। চিকিৎসালয়খনৰ পৰা উদ্ধাৰ কৰা হৈছে এটাৰ পাছত আনটো নৰ-কংকাল। কনমানি শিশুৰ লাওখোলাৰে উপচি আছে চিকিৎসালয়ৰ চৌহদ। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। মহাৰাষ্ট্ৰৰ ৱৰ্দ্ধা জিলাস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ৱৰ্দ্ধা জিলাৰ আৰ্বি নামৰ অঞ্চলৰ কদম নাৰ্চিং হোম নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ জৈৱ গেছ প্ৰকল্পস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে এই নক-কংকাল আৰু লাওখোলাবোৰ। এতিয়ালৈকে ঘটনাস্থলীৰ পৰা ১১ টা লাওখোলা আৰু ৫৪ টা নৰ-কংকাল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ অবৈধ গৰ্ভপাতৰ ঘটনা তদন্ত কৰিবলৈ যোৱা এটা আৰক্ষীৰ দলে ব্যক্তিগত চিকিত্সালয়খনৰ জৈৱ গেছ প্ৰকল্পস্থলীৰ পৰা উদ্ধাৰ কৰিছে এই লাওখোলা আৰু কংকাল। আৰক্ষীয়ে ইতিমধ্যে চিকিত্সালয়খনৰ পৰিচালক ৰেখা কদম আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ৪ জানুৱাৰীত এগৰাকী নাবালিকা ছোৱালীৰ গৰ্ভপাতৰ বিষয়ে জানিব পাৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ স্থানীয় সূত্ৰৰ সহায়ত জানিব পাৰিছিল যে ছোৱালীজনীৰ পৰিয়ালক নাবালক ল’ৰা পৰিয়ালৰ হৈ ঘটনা সম্পৰ্কে কাৰো আগত মুখ নুখুলিবলৈ ভাবুকি দিছিল। ছোৱালীজনীৰ অবৈধ গৰ্ভপাতৰ কেইদিনমান পিছত অৰ্থাত্ ৯ জানুৱাৰীত এটা গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৰ তদন্তৰ বাবে ছোৱালীজনীক গৰ্ভপাত কৰোৱা কদম চিকিৎসালয়তো আৰক্ষীয়ে অভিযান চলাইছিল। অভিযানকালত চিকিৎসালয়খনৰ জৈৱ গেছ প্ৰকল্পৰ পৰা ১১ টা লাওখোলা আৰু ৫৪ টা ভ্ৰূণৰ হাড় উদ্ধাৰ কৰা হৈছে। এই লাওখোলা আৰু কংকালবোৰ কোনো প্ৰাপ্তবয়স্ক ব্যক্তি বা পূৰ্ণাংগ মানুহৰ নহয়। এইবোৰ হৈছে প্ৰাক্ প্ৰসৱ কালৰ গৰ্ভজাত ভ্ৰূণ। বৰ্তমান আৰক্ষীয়ে চিকিত্সালয়খনৰ পৰিচালক ৰেখা নীৰজ কদম আৰু তেওঁৰ সহযোগী নাৰ্ছ সংগীত কালেক গ্ৰেপ্তাৰ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁলোকে এগৰাকী ১৩ বছৰীয়া কিশোৰীগৰাকীৰ গৰ্ভপাত কৰাবলৈ ল’ৰাৰ পৰিয়ালৰ জৰিয়তে ভাবুকি দিয়া কাৰ্যত সহযোগ কৰিছিল। গৰ্ভপাতৰ বাবদ চিকিৎসালয়ে ৩০ হাজাৰ টকাও লৈছিল। ইয়াৰ উপৰি আৰক্ষীয়ে অভিযুক্ত ল’ৰা আৰু অভিভাৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে নাবালক ছোৱালীজনীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰিছিল। লগতে ছোৱালীজনীৰ পৰিয়ালটোক এই বিষয়ে কাৰো আগত মুখ নুখুলিবলৈ হেঁচা দিছিল। ইয়াৰ অন্যথা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি দিছিল ল’ৰা পক্ষৰ লোকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি