--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিভিন্ন সময়ত চিকিৎসালয়বোৰত ৰোগীৰ শৰীৰক লৈ খেলা কৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। তেনে সময়তে পোহৰলৈ আহিছে এখন ব্যক্তিগত চিকিৎসালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড। চিকিৎসালয়খনৰ পৰা উদ্ধাৰ কৰা হৈছে এটাৰ পাছত আনটো নৰ-কংকাল। কনমানি শিশুৰ লাওখোলাৰে উপচি আছে চিকিৎসালয়ৰ চৌহদ। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। মহাৰাষ্ট্ৰৰ ৱৰ্দ্ধা জিলাস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ৱৰ্দ্ধা জিলাৰ আৰ্বি নামৰ অঞ্চলৰ কদম নাৰ্চিং হোম নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ জৈৱ গেছ প্ৰকল্পস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে এই নক-কংকাল আৰু লাওখোলাবোৰ। এতিয়ালৈকে ঘটনাস্থলীৰ পৰা ১১ টা লাওখোলা আৰু ৫৪ টা নৰ-কংকাল উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ অবৈধ গৰ্ভপাতৰ ঘটনা তদন্ত কৰিবলৈ যোৱা এটা আৰক্ষীৰ দলে ব্যক্তিগত চিকিত্সালয়খনৰ জৈৱ গেছ প্ৰকল্পস্থলীৰ পৰা উদ্ধাৰ কৰিছে এই লাওখোলা আৰু কংকাল। আৰক্ষীয়ে ইতিমধ্যে চিকিত্সালয়খনৰ পৰিচালক ৰেখা কদম আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ৪ জানুৱাৰীত এগৰাকী নাবালিকা ছোৱালীৰ গৰ্ভপাতৰ বিষয়ে জানিব পাৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ স্থানীয় সূত্ৰৰ সহায়ত জানিব পাৰিছিল যে ছোৱালীজনীৰ পৰিয়ালক নাবালক ল’ৰা পৰিয়ালৰ হৈ ঘটনা সম্পৰ্কে কাৰো আগত মুখ নুখুলিবলৈ ভাবুকি দিছিল। ছোৱালীজনীৰ অবৈধ গৰ্ভপাতৰ কেইদিনমান পিছত অৰ্থাত্ ৯ জানুৱাৰীত এটা গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৰ তদন্তৰ বাবে ছোৱালীজনীক গৰ্ভপাত কৰোৱা কদম চিকিৎসালয়তো আৰক্ষীয়ে অভিযান চলাইছিল। অভিযানকালত চিকিৎসালয়খনৰ জৈৱ গেছ প্ৰকল্পৰ পৰা ১১ টা লাওখোলা আৰু ৫৪ টা ভ্ৰূণৰ হাড় উদ্ধাৰ কৰা হৈছে। এই লাওখোলা আৰু কংকালবোৰ কোনো প্ৰাপ্তবয়স্ক ব্যক্তি বা পূৰ্ণাংগ মানুহৰ নহয়। এইবোৰ হৈছে প্ৰাক্ প্ৰসৱ কালৰ গৰ্ভজাত ভ্ৰূণ। বৰ্তমান আৰক্ষীয়ে চিকিত্সালয়খনৰ পৰিচালক ৰেখা নীৰজ কদম আৰু তেওঁৰ সহযোগী নাৰ্ছ সংগীত কালেক গ্ৰেপ্তাৰ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তেওঁলোকে এগৰাকী ১৩ বছৰীয়া কিশোৰীগৰাকীৰ গৰ্ভপাত কৰাবলৈ ল’ৰাৰ পৰিয়ালৰ জৰিয়তে ভাবুকি দিয়া কাৰ্যত সহযোগ কৰিছিল। গৰ্ভপাতৰ বাবদ চিকিৎসালয়ে ৩০ হাজাৰ টকাও লৈছিল। ইয়াৰ উপৰি আৰক্ষীয়ে অভিযুক্ত ল’ৰা আৰু অভিভাৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে নাবালক ছোৱালীজনীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰিছিল। লগতে ছোৱালীজনীৰ পৰিয়ালটোক এই বিষয়ে কাৰো আগত মুখ নুখুলিবলৈ হেঁচা দিছিল। ইয়াৰ অন্যথা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি দিছিল ল’ৰা পক্ষৰ লোকসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক