--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰ্জেণ্টিনাৰ টুকুমান প্ৰদেশত ৰহস্যজনক নিউম'নিয়াৰ  প্ৰাদুৰ্ভাৱৰ ফলত এঘাৰজন লোক আক্ৰান্ত হৈছে, ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে। এই নিউম'নিয়াক লিজিয়'নাৰ বুলি ধাৰণা কৰা হৈছে যিটো এটা প্ৰকাৰৰ নিউম'নিয়া।

হয় ,কোৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱ কমি অহাৰ লগে লগে এক নতুন ধৰণৰ নিউম'নিয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। উত্তৰ-পশ্চিম আৰ্জেণ্টিনাৰ টুকুমান প্ৰদেশত ৰহস্যজনক নিউম'নিয়াৰ প্ৰাদুৰ্ভাৱৰ খবৰ আহিছে, য’ত এঘাৰজন লোক আক্ৰান্ত হৈছে, ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে।

স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, এই ৰহস্যজনক ৰোগৰ লক্ষণসমূহ প্ৰথমবাৰৰ বাবে ১৮ৰ পৰা ২২ আগষ্টৰ ভিতৰত দেখা দিছিল। কোৱা হৈছে যে ১১ জনৰ পৰা তেজ, শ্বাস-প্ৰশ্বাস আৰু কলাৰ নমুনা সংগ্ৰহ কৰা হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰথম অৱস্থাত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে একো জনা নাছিল যদিও এতিয়া ইয়াক লিজিয়'নাৰ ৰোগ বুলি ধৰা হৈছে, যিটো এক প্ৰকাৰৰ নিউম'নিয়া। এই ৰহস্যজনক ৰোগ কি আৰু ইয়াৰ লক্ষণসমূহ কি জানো আহক।

লিজিয়'নাৰ কি?

ক্লিভলেণ্ড ক্লিনিকে লিজিয়'নাৰ ৰোগক এক গুৰুতৰ ধৰণৰ নিউম'নিয়া বুলি সংজ্ঞায়িত কৰিছে যিটো লিজিঅ’নেলা বেক্টেৰিয়াই আপোনাৰ হাওঁফাওঁত সংক্ৰমিত কৰিলে হ’ব পাৰে। আলে।  ইয়াক সাধাৰণতে নদী, হ্ৰদ আৰু জলাশয়ত পোৱা যায়।

লিজিয়'নাৰৰ লক্ষণসমূহ

এই ৰোগৰ লক্ষণসমূহৰ ভিতৰত উচ্চ জ্বৰ, কাহ, ডায়েৰিয়া আৰু বিভ্ৰান্তিৰ দৰে লক্ষণ দেখা যায়। WHO ৰ মতে, এই ৰোগটো নিউম'নিয়া সদৃশ ৰোগ যিটো মৃদু জ্বৰৰ পৰা আৰম্ভ কৰি গুৰুতৰ আৰু কেতিয়াবা মাৰাত্মক ৰূপৰ নিউম'নিয়ালৈকে হ’ব পাৰে।

ৰহস্যজনক নিউম'নিয়াৰ এতিয়ালৈকে দেখা পোৱা লক্ষণসমূহ

ৰহস্যময় নিউম'নিয়াত আক্ৰান্ত লোকৰ ক্ষেত্ৰত জ্বৰ, মাংসপেশীৰ বিষ, পেটৰ বিষ আৰু উশাহ লোৱাত কষ্ট পোৱা দেখা গৈছে। কোৱা হৈছে যে সকলো ৰোগীৰে শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ অৱস্থা দেখা গৈছে। ৰহস্যজনক নিউম'নিয়াৰ লক্ষণসমূহ ক'ভিড ৰ লগত বহুত মিল থকা বুলিও বিশ্বাস কৰা হৈছে। ই ভাইৰাছ বা বেক্টেৰিয়া হ’ব পাৰে।

কোন সকল লোক বেছি বিপদত পৰিছে?

ধূমপান (ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ), শ্বাস-প্ৰশ্বাসজনিত লক্ষণৰ ইতিহাস, মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ থকা সকলো লোকৰ বাবে এই ৰোগ বিপদজনক। এতিয়ালৈকে ধৰা পৰা ৰোগীসকলৰ গড় বয়স ৪৫ বছৰ বুলি জানিব পৰা গৈছে, ইয়াৰে সাতজন পুৰুষ। এজন ৰোগীৰ বাহিৰে মৃত্যু হোৱা সকলো লোক গুৰুতৰ ৰোগত আক্ৰান্ত আছিল।

এই ৰোগ সংক্ৰামক নেকি?

WHO ৰ মতে, এই ৰোগৰ বিষয়ে এনে কোনো খবৰ পোৱা নাই, সাধাৰণতে লিজিয়'নাৰ ৰোগ সংক্ৰামক নহয় আৰু আপুনি ইয়াক আন এজনৰ পৰা লাভ কৰিব নোৱাৰে। কিন্তু এই ৰোগ মানুহৰ পৰা মানুহৰ পৰা হোৱা ৰোগ








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ