--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত ৰঙালাও এবিধ জনপ্ৰিয় পাচলি। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু খাবলৈও সুস্বাদু। ইয়াক ৰান্ধিবলৈ অতি সহজ আৰু ইয়াৰ হজম কাৰ্য্যত কোনো সমস্যা নাই। ৰঙালাওৰ দৰে ৰঙালাওৰ গুটিৰো অনেক উপকাৰিতা আছে। কিছুমানে এই গুটি ভাজি খায় আৰু কিছুমানে ডাষ্টবিনত পেলাই দিয়ে। যদি আপুনিও ৰঙালাওৰ গুটি পেলাই দিয়ে তেন্তে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি হয়তো পুনৰ এই ভুল নকৰিব। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত ডায়েটিচিয়ান ডাঃ আয়ুষী যাদৱে কয় যে ৰঙালাও গুটি আমাৰ শৰীৰৰ বাবে অতি উপযোগী।

ৰঙালাওৰ গুটি খোৱাৰ উপকাৰিতা

১) টেনচন নোহোৱা হয়ঃ আজিকালি মানুহৰ মানসিক চাপ বহু পৰিমাণে বৃদ্ধি পাইছে, যাৰ বাবে মানুহে উত্তেজনা আৰু হতাশাৰ মাজেৰে দিন কটায়। ৰঙালাওৰ গুটি খালে মানসিক স্বাস্থ্য উন্নত কৰিব পাৰি, কিয়নো ইয়াত মেগনেছিয়াম থাকে যিয়ে মন শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ৰঙালাওৰ গুটিত থকা জিংক আৰু ভিটামিন বিৰ জৰিয়তেও টেনচন আঁতৰাব পাৰি।

২) শান্তিৰ টোপনি আহেঃ আজিকালি বহুতৰে টোপনি কম হোৱাৰ সমস্যা হৈছে।হাজাৰ চেষ্টা কৰিও বহুতে শুব নোৱাৰে। এনে অৱস্থাত ৰঙালাওৰ গুটিয়ে অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিব পাৰে। ৰঙালাওৰ গুটি খালেই অনিদ্ৰা দূৰ হয়।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়ঃ কৰ’না ভাইৰাছৰ মহামাৰীৰ পিছৰে পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট গুৰুত্ব দিয়া হৈছে যাতে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। ৰঙালাও গুটিত ভিটামিন ই পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪) ডায়েবেটিছত উপকাৰীঃ ডায়েবেটিছ ৰোগীয়ে ৰঙালাওৰ গুটি খাব লাগে কাৰণ ইয়াত আঁহ থাকে, যিয়ে টাইপ ২ ডায়েবেটিছত সকাহ দিয়াৰ কাম কৰে। এই বীজবোৰত ভিটামিন চি পোৱা যায়, যিটো ডায়েবেটিছৰ ঔষধৰ দৰে। ইয়াৰ ফলত তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু