--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত ৰঙালাও এবিধ জনপ্ৰিয় পাচলি। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু খাবলৈও সুস্বাদু। ইয়াক ৰান্ধিবলৈ অতি সহজ আৰু ইয়াৰ হজম কাৰ্য্যত কোনো সমস্যা নাই। ৰঙালাওৰ দৰে ৰঙালাওৰ গুটিৰো অনেক উপকাৰিতা আছে। কিছুমানে এই গুটি ভাজি খায় আৰু কিছুমানে ডাষ্টবিনত পেলাই দিয়ে। যদি আপুনিও ৰঙালাওৰ গুটি পেলাই দিয়ে তেন্তে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি হয়তো পুনৰ এই ভুল নকৰিব। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত ডায়েটিচিয়ান ডাঃ আয়ুষী যাদৱে কয় যে ৰঙালাও গুটি আমাৰ শৰীৰৰ বাবে অতি উপযোগী।

ৰঙালাওৰ গুটি খোৱাৰ উপকাৰিতা

১) টেনচন নোহোৱা হয়ঃ আজিকালি মানুহৰ মানসিক চাপ বহু পৰিমাণে বৃদ্ধি পাইছে, যাৰ বাবে মানুহে উত্তেজনা আৰু হতাশাৰ মাজেৰে দিন কটায়। ৰঙালাওৰ গুটি খালে মানসিক স্বাস্থ্য উন্নত কৰিব পাৰি, কিয়নো ইয়াত মেগনেছিয়াম থাকে যিয়ে মন শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ৰঙালাওৰ গুটিত থকা জিংক আৰু ভিটামিন বিৰ জৰিয়তেও টেনচন আঁতৰাব পাৰি।

২) শান্তিৰ টোপনি আহেঃ আজিকালি বহুতৰে টোপনি কম হোৱাৰ সমস্যা হৈছে।হাজাৰ চেষ্টা কৰিও বহুতে শুব নোৱাৰে। এনে অৱস্থাত ৰঙালাওৰ গুটিয়ে অনিদ্ৰাৰ সমস্যাৰ পৰা মুক্তি দিব পাৰে। ৰঙালাওৰ গুটি খালেই অনিদ্ৰা দূৰ হয়।

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়ঃ কৰ’না ভাইৰাছৰ মহামাৰীৰ পিছৰে পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট গুৰুত্ব দিয়া হৈছে যাতে সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। ৰঙালাও গুটিত ভিটামিন ই পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪) ডায়েবেটিছত উপকাৰীঃ ডায়েবেটিছ ৰোগীয়ে ৰঙালাওৰ গুটি খাব লাগে কাৰণ ইয়াত আঁহ থাকে, যিয়ে টাইপ ২ ডায়েবেটিছত সকাহ দিয়াৰ কাম কৰে। এই বীজবোৰত ভিটামিন চি পোৱা যায়, যিটো ডায়েবেটিছৰ ঔষধৰ দৰে। ইয়াৰ ফলত তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ