--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাল্টিভিটামিন এনে এবিধ পৰিপূৰক যিয়ে আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰদান কৰাত সহায় কৰে। সাধাৰণতে মাল্টিভিটামিন পৰিপূৰকত ভিটামিন এ, বি, চি, ডি, ই, কে আৰু কেলচিয়াম, আইৰণ, জিংক, চেলেনিয়াম আদি খনিজ পদাৰ্থ থাকে। এই ভিটামিনবিলাকে শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে শৰীৰত শক্তিও প্ৰদান কৰে।

দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ মুখ্য খাদ্য বিশেষজ্ঞ প্ৰিয়া পালিৱালে সদৰি কৰা অনুসৰি মাল্টিভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কেৱল ইয়াৰ পৰিপূৰক খাদ্যহে খাব লাগে। মাল্টিভিটামিনৰ অভাৱৰ পূৰণ কৰিবৰ বাবে কিছুমান খাদ্যখাব পাৰি। এই প্ৰাকৃতিকভাৱে আহৰণ  কৰা খাদ্যহে গ্ৰহণ কৰিব লাগে যাতে কোনো পাৰ্শ্বক্ৰিয়া নহয়।  

কোনবোৰ বস্তুৱে মাল্টিভিটামিনৰ দৰে কাম কৰে খাদ্য বিশেষজ্ঞসকলে কি কয় জানো আহক

শক্তি বৃদ্ধি: মাল্টিভিটামিনে আমাৰ শৰীৰৰ মেটাবলিজম উন্নত কৰে, যাৰ ফলত শৰীৰটোৱে অধিক শক্তি প্ৰদান কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা: ভিটামিন চি আৰু ভিটামিন ডিৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি তথা শক্তিশালী কৰে।

হাড়ৰ শক্তিশালী কৰা: ভিটামিন ডি আৰু কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰে।

ছাল আৰু চুলিৰ বাবে উপকাৰী: ভিটামিন ই আৰু বি ছাল আৰু চুলিৰ বাবে উপকাৰী।

খাদ্য বিশেষজ্ঞসকলৰ মতে কণীত ভিটামিন ডি, বি ১২, আৰু প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। প্ৰতিদিনে পোৱাৰ আহাৰৰ সময়ত কণী খাব লাগে। দৈ খোৱাটোও শৰীৰ বাবে অতি উপকাৰী। দৈত ভিটামিন ডি, কেলচিয়াম আৰু প্ৰ’বায়’টিক প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও কচু, ব্ৰকলি, বীন, সৰিয়হৰ সেউজীয়া আদি সেউজীয়া শাক-পাচলি খোৱাতো অতি উপকাৰী। এই খাদ্যসমূহে শৰীৰত প্ৰাকৃতিকভাৱে মাল্টিভিটামিনৰ অভাৱ দূৰ কৰে৷

ইয়াৰোপৰি খাদ্যত বাদাম, আলমণ্ড, আখৰোট আৰু চিয়া গুটি দৈনিক খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত ভিটামিন ই, মেগনেছিয়াম আৰু স্বাস্থ্যকৰ চৰ্বি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও ছালমন আৰু টুনা আদি চৰ্বিযুক্ত মাছ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ইয়ত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু ওমেগা-৩ ফেটি এচিড থাকে।

গোটা শস্যৰ ভিতৰত ব্ৰাউন ৰাইচ, মচুৰ দাইল, কুইনোয়া আৰু গোটা ঘেঁহু খাব পাৰে। এই সকলোবোৰ খাদ্যবস্তুতে ভিটামিন বি, মেগনেছিয়াম আৰু আঁহ আদিও প্ৰচুৰ পৰিমাণে থাকে। সতেজ ফলৰ ভিতৰত আপেল, কল, কমলা, ব্লুবেৰী আৰু ষ্ট্ৰবেৰী খাব লাগে। এই দৰে  প্ৰাকৃতিকভাৱে আহৰণ কৰা খাদ্যবস্তুৰ জৰিয়তে মাল্টিভিটামিনৰ অভাৱ দূৰ কৰিব পাৰি যি শৰীৰত কোনো পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক