--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাল্টিভিটামিন এনে এবিধ পৰিপূৰক যিয়ে আমাৰ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰদান কৰাত সহায় কৰে। সাধাৰণতে মাল্টিভিটামিন পৰিপূৰকত ভিটামিন এ, বি, চি, ডি, ই, কে আৰু কেলচিয়াম, আইৰণ, জিংক, চেলেনিয়াম আদি খনিজ পদাৰ্থ থাকে। এই ভিটামিনবিলাকে শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে শৰীৰত শক্তিও প্ৰদান কৰে।

দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ মুখ্য খাদ্য বিশেষজ্ঞ প্ৰিয়া পালিৱালে সদৰি কৰা অনুসৰি মাল্টিভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কেৱল ইয়াৰ পৰিপূৰক খাদ্যহে খাব লাগে। মাল্টিভিটামিনৰ অভাৱৰ পূৰণ কৰিবৰ বাবে কিছুমান খাদ্যখাব পাৰি। এই প্ৰাকৃতিকভাৱে আহৰণ  কৰা খাদ্যহে গ্ৰহণ কৰিব লাগে যাতে কোনো পাৰ্শ্বক্ৰিয়া নহয়।  

কোনবোৰ বস্তুৱে মাল্টিভিটামিনৰ দৰে কাম কৰে খাদ্য বিশেষজ্ঞসকলে কি কয় জানো আহক

শক্তি বৃদ্ধি: মাল্টিভিটামিনে আমাৰ শৰীৰৰ মেটাবলিজম উন্নত কৰে, যাৰ ফলত শৰীৰটোৱে অধিক শক্তি প্ৰদান কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা: ভিটামিন চি আৰু ভিটামিন ডিৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি তথা শক্তিশালী কৰে।

হাড়ৰ শক্তিশালী কৰা: ভিটামিন ডি আৰু কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰে।

ছাল আৰু চুলিৰ বাবে উপকাৰী: ভিটামিন ই আৰু বি ছাল আৰু চুলিৰ বাবে উপকাৰী।

খাদ্য বিশেষজ্ঞসকলৰ মতে কণীত ভিটামিন ডি, বি ১২, আৰু প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। প্ৰতিদিনে পোৱাৰ আহাৰৰ সময়ত কণী খাব লাগে। দৈ খোৱাটোও শৰীৰ বাবে অতি উপকাৰী। দৈত ভিটামিন ডি, কেলচিয়াম আৰু প্ৰ’বায়’টিক প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও কচু, ব্ৰকলি, বীন, সৰিয়হৰ সেউজীয়া আদি সেউজীয়া শাক-পাচলি খোৱাতো অতি উপকাৰী। এই খাদ্যসমূহে শৰীৰত প্ৰাকৃতিকভাৱে মাল্টিভিটামিনৰ অভাৱ দূৰ কৰে৷

ইয়াৰোপৰি খাদ্যত বাদাম, আলমণ্ড, আখৰোট আৰু চিয়া গুটি দৈনিক খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত ভিটামিন ই, মেগনেছিয়াম আৰু স্বাস্থ্যকৰ চৰ্বি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও ছালমন আৰু টুনা আদি চৰ্বিযুক্ত মাছ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ইয়ত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু ওমেগা-৩ ফেটি এচিড থাকে।

গোটা শস্যৰ ভিতৰত ব্ৰাউন ৰাইচ, মচুৰ দাইল, কুইনোয়া আৰু গোটা ঘেঁহু খাব পাৰে। এই সকলোবোৰ খাদ্যবস্তুতে ভিটামিন বি, মেগনেছিয়াম আৰু আঁহ আদিও প্ৰচুৰ পৰিমাণে থাকে। সতেজ ফলৰ ভিতৰত আপেল, কল, কমলা, ব্লুবেৰী আৰু ষ্ট্ৰবেৰী খাব লাগে। এই দৰে  প্ৰাকৃতিকভাৱে আহৰণ কৰা খাদ্যবস্তুৰ জৰিয়তে মাল্টিভিটামিনৰ অভাৱ দূৰ কৰিব পাৰি যি শৰীৰত কোনো পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি নহয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ