--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাতিপুৱা চাহৰ চুমুকেৰে আৰম্ভ হয় দিনটো৷ একাপ চাহে মনৰ সকলো অৱসাদ দূৰকৰে৷চাহ সকলোৰে এবিধ প্ৰিয় পানীয়৷ হয়টো খুব কমসংখ্যকে ওলাব যি চাহ খাই ভাল নাপায়৷ এতিয়া পানীয় হিচাপে চাহ ভাল নে বেয়া সেয়া এটা শব্দত উত্তৰ দিয়াটো কঠিন। 

চাহত থকা টেনিনে শক্তি আৰু মাদকতা দুয়োটাই প্ৰদান কৰে। চাহ খালে শৰীৰৰ ক্ষতি হয় নে নহয়, এই লৈ আলোচনা চলি আহিছে। একাংশ লোকৰ মতে চাহত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে আৰু একাংশৰ মতে বেছি চাহ খালে একেবাৰেই ভাল নহয়। চাহৰ ওপৰত চলিথকা এই চৰ্চাৰ মাজতে আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন’ চমুকৈ ‘এফ ডি এ’ই স্পষ্টকৈ উল্লেখ কৰিছে যে চাহ খোৱাৰ বাবে স্বাস্থ্যৰ কোনো ক্ষতি নহয়। চাহ অতি স্বাস্থ্যকৰ পানীয় হিচাপে ঘোষণা কৰিছে৷

এক কথাত চাহক এফ ডি এয়ে স্বাস্থ্যকৰ পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে। যি সমগ্ৰ বিশ্বৰ চাহপ্ৰেমীসকলৰ বাবে এক সুখবৰ। কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে চাহ ইয়াৰ উপকাৰিতাৰ বাবে প্ৰিয়। একাপ গৰম চাহ খালে মনৰ সকলো ভাগৰ নাইকিয়া হোৱাৰ লগতে শৰীৰটোও সতেজ হৈ পৰে সেয়ে চাহক কোনো ধৰণে বেয়া বুলি ক’ব নোৱাৰি।

এফ ডি এৰ অনুমোদন লাভ কৰাৰ পাছতে ‘নৰ্থ ইণ্ডিয়ান টি এছ’চিয়েচন’ আৰু ‘ইণ্ডিয়ান টি এছ’চিয়েশ্যনে এক বিবৃতি প্ৰকাশ কৰি কয় যে চাহ সকলোৰে বাবে নিৰাপদ৷ ইয়াত সন্দেহৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে।

চাহৰ ওপৰত কৰা কেইখনমান প্ৰতিবেদনক কেন্দ্ৰ কৰি চাহৰ প্ৰতি ইমান সন্দেহৰ সৃষ্টি হৈছিল।  চাহত এনে কিছুমান উপাদান থাকে যিয়ে কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে বুলি দাবী কৰা হৈছিল । লগতে বেছিকৈ চাহ খালে শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে বুলিও দাবী কৰা হৈছিল।

ভাৰতৰ চাহ ব’ৰ্ডে বহু চাহ উৎপাদক আৰু প্ৰস্তুতকাৰীয়ে নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ গৱেষণাত বেছিভাগ চাহতে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, নিষিদ্ধ কীটনাশকৰ অত্যধিক উপস্থিতি পোৱা গৈছে। প্রতিবেদনে বহু কোম্পানীয়ে গুণগত মান অনুযায়ী চাহ প্রস্তুত নকৰাৰ কথাও আঙুলিয়াই দিয়ে৷ দেশৰ খাদ্য সুৰক্ষা আৰু গুণগত নিয়ন্ত্ৰণ সংস্থা ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণকো এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছিল। তেওঁলোকৰ মতে বিপজ্জনক ৰাসায়নিক পদাৰ্থ থকা চাহ খালে শৰীৰত বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।কিন্তু  এফ ডি এৰ তথ্য অনুসৰি চাহ শৰীৰৰ বাবে ক্ষতিকাৰক নহয়। যদিহে ইয়াক গুণগত মান অনুযায়ী প্ৰস্তুত কৰিব পৰা যায়, তেন্তে চাহৰ পৰা শৰীৰ কোনো ক্ষতি নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ