--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাতিপুৱা চাহৰ চুমুকেৰে আৰম্ভ হয় দিনটো৷ একাপ চাহে মনৰ সকলো অৱসাদ দূৰকৰে৷চাহ সকলোৰে এবিধ প্ৰিয় পানীয়৷ হয়টো খুব কমসংখ্যকে ওলাব যি চাহ খাই ভাল নাপায়৷ এতিয়া পানীয় হিচাপে চাহ ভাল নে বেয়া সেয়া এটা শব্দত উত্তৰ দিয়াটো কঠিন। 

চাহত থকা টেনিনে শক্তি আৰু মাদকতা দুয়োটাই প্ৰদান কৰে। চাহ খালে শৰীৰৰ ক্ষতি হয় নে নহয়, এই লৈ আলোচনা চলি আহিছে। একাংশ লোকৰ মতে চাহত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে আৰু একাংশৰ মতে বেছি চাহ খালে একেবাৰেই ভাল নহয়। চাহৰ ওপৰত চলিথকা এই চৰ্চাৰ মাজতে আমেৰিকাৰ ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন’ চমুকৈ ‘এফ ডি এ’ই স্পষ্টকৈ উল্লেখ কৰিছে যে চাহ খোৱাৰ বাবে স্বাস্থ্যৰ কোনো ক্ষতি নহয়। চাহ অতি স্বাস্থ্যকৰ পানীয় হিচাপে ঘোষণা কৰিছে৷

এক কথাত চাহক এফ ডি এয়ে স্বাস্থ্যকৰ পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে। যি সমগ্ৰ বিশ্বৰ চাহপ্ৰেমীসকলৰ বাবে এক সুখবৰ। কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে চাহ ইয়াৰ উপকাৰিতাৰ বাবে প্ৰিয়। একাপ গৰম চাহ খালে মনৰ সকলো ভাগৰ নাইকিয়া হোৱাৰ লগতে শৰীৰটোও সতেজ হৈ পৰে সেয়ে চাহক কোনো ধৰণে বেয়া বুলি ক’ব নোৱাৰি।

এফ ডি এৰ অনুমোদন লাভ কৰাৰ পাছতে ‘নৰ্থ ইণ্ডিয়ান টি এছ’চিয়েচন’ আৰু ‘ইণ্ডিয়ান টি এছ’চিয়েশ্যনে এক বিবৃতি প্ৰকাশ কৰি কয় যে চাহ সকলোৰে বাবে নিৰাপদ৷ ইয়াত সন্দেহৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে।

চাহৰ ওপৰত কৰা কেইখনমান প্ৰতিবেদনক কেন্দ্ৰ কৰি চাহৰ প্ৰতি ইমান সন্দেহৰ সৃষ্টি হৈছিল।  চাহত এনে কিছুমান উপাদান থাকে যিয়ে কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে বুলি দাবী কৰা হৈছিল । লগতে বেছিকৈ চাহ খালে শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে বুলিও দাবী কৰা হৈছিল।

ভাৰতৰ চাহ ব’ৰ্ডে বহু চাহ উৎপাদক আৰু প্ৰস্তুতকাৰীয়ে নিয়ম মানি নচলাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ গৱেষণাত বেছিভাগ চাহতে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, নিষিদ্ধ কীটনাশকৰ অত্যধিক উপস্থিতি পোৱা গৈছে। প্রতিবেদনে বহু কোম্পানীয়ে গুণগত মান অনুযায়ী চাহ প্রস্তুত নকৰাৰ কথাও আঙুলিয়াই দিয়ে৷ দেশৰ খাদ্য সুৰক্ষা আৰু গুণগত নিয়ন্ত্ৰণ সংস্থা ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণকো এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছিল। তেওঁলোকৰ মতে বিপজ্জনক ৰাসায়নিক পদাৰ্থ থকা চাহ খালে শৰীৰত বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।কিন্তু  এফ ডি এৰ তথ্য অনুসৰি চাহ শৰীৰৰ বাবে ক্ষতিকাৰক নহয়। যদিহে ইয়াক গুণগত মান অনুযায়ী প্ৰস্তুত কৰিব পৰা যায়, তেন্তে চাহৰ পৰা শৰীৰ কোনো ক্ষতি নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক