--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ অনুষ্ঠান ‘কৌন বনেগা কোৰড়পতি’ কিমান জনপ্ৰিয় সেই কথা সকলোৱে জানে। সৰু পৰ্দাত এই ৰিয়েলিটি শ্ব’টো অতি জনপ্ৰিয়। শেহতীয়াকৈ এই অনুষ্ঠানৰ ১৪ নং ছিজনৰ প্ৰতিও দৰ্শকৰ উৎসাহ স্পষ্ট ৰূপত দেখা গৈছে। অমিতাভৰ এই অনুষ্ঠানটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ অন্ত নাই। 

‘কেবিচি’ৰ হট ছীটত বহি প্ৰতিযোগীসকলৰ সৈতে আড্ডা মাৰি থকা দেখা যায় বিগ বিক। অমিতাভে নিজৰ জীৱনৰ বহু অজ্ঞাত তথ্যও ইয়াত প্ৰকাশ কৰে। শেহতীয়াকৈ ‘কেবিচি’ৰ হট ছীটত বহি আছিল মুম্বাইৰ সমীত শৰ্মা। অমিতাভে তেওঁৰ সৈতে হোৱা বাৰ্তালাপত কয়, তেওঁ কেনেকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আনকি ট্ৰ’ল হোৱাৰ ভয়ত তেওঁ নিজৰ পোষ্টবোৰৰ প্ৰতি কিমান সাৱধান সেই কথাও কয়।

প্ৰতিযোগীগৰাকীৰ সৈতে আড্ডা মাৰি থকাৰ সময়ত অমিতাভে এটা আমোদজনক ঘটনা স্মৰণ কৰে। অমিতাভ বচ্চনে কৈছিল- ''ভাৰত ভ্ৰমণত আহিছিল জাপানৰ প্ৰধানমন্ত্ৰী। জাপানৰ প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে খোৱা-বোৱাৰ বিশাল আয়োজন কৰা হৈছিল। খোৱাৰ পাছত আহিল এটা ডাঙৰ বাটিত গোলাপৰ পাহি থকা হাত ধোৱা বাটিটো। অতিথিয়ে ভাবিলে যে এয়া খাদ্যৰ ডিশ্ব। সেয়েহে তেওঁ সেয়া পান কৰিলে। যাতে অতিথিজনে লাজ অনুভৱ নকৰে বা বিব্ৰতবোধ নকৰে তাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইয়াক পান কৰে।''

অমিতাভ বচ্চনৰ মুখেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আমোদজনক ঘটনা শুনিবলৈ পায় দৰ্শকসকল সুখী হৈ পৰে। উল্লেখ্য যে অমিতাভ বচ্চনে ২০০০ চনৰ পৰা কেবিচিৰ আয়োজন কৰি আহিছে। ইফালে তৃতীয় ছিজনৰ পৰিচালনাৰ দায়িত্বত আছিল শ্বাহৰুখ খান। কেবিচিৰ চতুৰ্দশ ছিজন ৭ আগষ্টৰ পৰা চনী চেনেলত সম্প্ৰচাৰ আৰম্ভ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ