--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ অনুষ্ঠান ‘কৌন বনেগা কোৰড়পতি’ কিমান জনপ্ৰিয় সেই কথা সকলোৱে জানে। সৰু পৰ্দাত এই ৰিয়েলিটি শ্ব’টো অতি জনপ্ৰিয়। শেহতীয়াকৈ এই অনুষ্ঠানৰ ১৪ নং ছিজনৰ প্ৰতিও দৰ্শকৰ উৎসাহ স্পষ্ট ৰূপত দেখা গৈছে। অমিতাভৰ এই অনুষ্ঠানটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাৰ অন্ত নাই। 

‘কেবিচি’ৰ হট ছীটত বহি প্ৰতিযোগীসকলৰ সৈতে আড্ডা মাৰি থকা দেখা যায় বিগ বিক। অমিতাভে নিজৰ জীৱনৰ বহু অজ্ঞাত তথ্যও ইয়াত প্ৰকাশ কৰে। শেহতীয়াকৈ ‘কেবিচি’ৰ হট ছীটত বহি আছিল মুম্বাইৰ সমীত শৰ্মা। অমিতাভে তেওঁৰ সৈতে হোৱা বাৰ্তালাপত কয়, তেওঁ কেনেকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আনকি ট্ৰ’ল হোৱাৰ ভয়ত তেওঁ নিজৰ পোষ্টবোৰৰ প্ৰতি কিমান সাৱধান সেই কথাও কয়।

প্ৰতিযোগীগৰাকীৰ সৈতে আড্ডা মাৰি থকাৰ সময়ত অমিতাভে এটা আমোদজনক ঘটনা স্মৰণ কৰে। অমিতাভ বচ্চনে কৈছিল- ''ভাৰত ভ্ৰমণত আহিছিল জাপানৰ প্ৰধানমন্ত্ৰী। জাপানৰ প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে খোৱা-বোৱাৰ বিশাল আয়োজন কৰা হৈছিল। খোৱাৰ পাছত আহিল এটা ডাঙৰ বাটিত গোলাপৰ পাহি থকা হাত ধোৱা বাটিটো। অতিথিয়ে ভাবিলে যে এয়া খাদ্যৰ ডিশ্ব। সেয়েহে তেওঁ সেয়া পান কৰিলে। যাতে অতিথিজনে লাজ অনুভৱ নকৰে বা বিব্ৰতবোধ নকৰে তাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইয়াক পান কৰে।''

অমিতাভ বচ্চনৰ মুখেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আমোদজনক ঘটনা শুনিবলৈ পায় দৰ্শকসকল সুখী হৈ পৰে। উল্লেখ্য যে অমিতাভ বচ্চনে ২০০০ চনৰ পৰা কেবিচিৰ আয়োজন কৰি আহিছে। ইফালে তৃতীয় ছিজনৰ পৰিচালনাৰ দায়িত্বত আছিল শ্বাহৰুখ খান। কেবিচিৰ চতুৰ্দশ ছিজন ৭ আগষ্টৰ পৰা চনী চেনেলত সম্প্ৰচাৰ আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
ইলন মাস্কে গঠন কৰিলে নতুন ৰাজনৈতিক দল 'আমেৰিকা পার্টি'
বিশ্বৰ 'আটাইতকৈ বৈষম্যহীন' চতুৰ্থ দেশ ভাৰত
‘হে ভগৱান! কি পৰীক্ষা লৈ আছা...’এখন ঘৰৰ ইটোৰ পিছত সিটোকৈ তৃতীয় সন্তানৰো পথ দুৰ্ঘটনাত মৃত্যু
উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণ ; আকস্মিক বানত ২জন শ্ৰমিকৰ মৃত্যু, ৭জন সন্ধানহীন
সাৱধান! ChatGPTক এইসমূহ প্ৰশ্ন কৰিলে বিপদত পৰিব আপুনি...
ফাষ্টটেগৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ
লেখক শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল 'লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
১৪ দালাই লামাৰ পৱিত্ৰ জন্ম দিৱসত কৈলাশ শৰ্মা সম্বৰ্ধিত
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস