--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা জয়ৰ পাছত কাইলৈৰ পৰা তিনিখনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ লগতে কেইবাগৰাকীও নিয়মীয়া খেলুৱৈৰ অনুপস্থিতিত যুৱ খেলুৱৈৰে পৰিপূৰ্ণ  ভাৰতীয় দলক এই শৃংখলাত নেতৃত্ব প্ৰদান কৰিব অপেনাৰ শিখৰ ধাৱানে। আঘাত আৰু ফৰ্মহীনতাৰ বাবে বিগত কিছুদিন ধৰি ভাৰতৰ মূল দলৰ পৰা বাহিৰত থাকিবলগীয়া জেষ্ঠ খেলুৱৈগৰাকীয়ে যুৱ দল এটাৰ সৈতে সীমিত অভাৰৰ কেইটামান শৃংখলাত ভাগ লৈছে। আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলতো স্থান লাভৰ পৰা বঞ্চিত হৈছে ধাৱান। 

এনে অৱস্থাত ভাৰতীয় দলত নিজৰ স্থান সুৰক্ষিত কৰাৰ বাবে কিছু চিন্তা কৰিবলগীয়া হৈছে তাৰকা বেটাৰগৰাকীয়ে। কিন্তু এনে পৰিস্থিতিৰ মাজতো ধাৱানে অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ আশা প্ৰকাশ কৰিছে আৰু বিশ্বকাপৰ বাবে নিজকে শাৰীৰিক আৰু মানসিকভাৱে ফিট কৰি ৰখাৰ চেষ্টা কৰিছে। 

আজি এক সংবাদ মেলত ধাৱানে নিজৰ কেৰিয়াৰক লৈ সুখ প্ৰকাশ কৰে। সংবাদ মেলত নিজ ভাষ্য ৰাখি ধাৱানে কয়, "মই যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ যে মোৰ এক সুন্দৰ কেৰিয়াৰ আছিল। সেয়ে, মই সঁচাকৈয়ে কৃতজ্ঞ। যেতিয়াই সম্ভৱ হয় মই উদীয়মান খেলুৱৈসকলক টিপচ্ দিওঁ। এতিয়া মোৰ ওপৰত নতুন দায়িত্ব আছে, কিন্তু মই প্ৰত্যাহ্বানৰ মাজতো সুযোগ দেখা পাইছো আৰু মই ইয়াক উপভোগ কৰোঁ।"

"বৰ্তমান মোৰ লক্ষ্য হৈছে ২০২৩ চনৰ বিশ্বকাপ। মই কেৱল নিজকে সুস্থ ৰাখিব বিচাৰো আৰু খেল অব্যাহত ৰাখিবল এক ভাল মানসিক অৱস্থাত থাকিব বিচাৰো।"— ধাৱানে লগতে কয়। অৱশ্যে ধাৱানৰ বাবে এই লক্ষ্য পূৰণত যথেষ্ট প্ৰত্যাহ্বান আছে। আৰু যদি ধাৱান এই ক্ষেত্ৰত সফল হয়, তেতিয়া অহা বৰ্ষৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ সৈতে পুনৰ দলৰ ইনিংছ মুকলিৰ দায়িত্ব বহন কৰিব।

উল্লেখ্য যে বৰ্তমানলৈকে ধাৱানে ১৫৮ খন এদিনীয়াত অৱতীৰ্ণ হৈ ৪৫.৯ গড়েৰে ৬,৬৪৭ ৰান সংগ্ৰহ কৰিছে। ধাৱানৰ এই অভিজ্ঞতা ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপৰ বাবে ভাৰতৰ গুৰুত্বপূৰ্ণ শক্তি হ’ব। শেহতীয়াকৈ মূল ছিনিয়ৰ দলত নাথাকিলেও ধাৱানে শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবোৱেত ভাৰতৰ এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাতো পুনৰ এবাৰ এই দায়িত্ব পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু