--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা জয়ৰ পাছত কাইলৈৰ পৰা তিনিখনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত। নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ লগতে কেইবাগৰাকীও নিয়মীয়া খেলুৱৈৰ অনুপস্থিতিত যুৱ খেলুৱৈৰে পৰিপূৰ্ণ  ভাৰতীয় দলক এই শৃংখলাত নেতৃত্ব প্ৰদান কৰিব অপেনাৰ শিখৰ ধাৱানে। আঘাত আৰু ফৰ্মহীনতাৰ বাবে বিগত কিছুদিন ধৰি ভাৰতৰ মূল দলৰ পৰা বাহিৰত থাকিবলগীয়া জেষ্ঠ খেলুৱৈগৰাকীয়ে যুৱ দল এটাৰ সৈতে সীমিত অভাৰৰ কেইটামান শৃংখলাত ভাগ লৈছে। আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলতো স্থান লাভৰ পৰা বঞ্চিত হৈছে ধাৱান। 

এনে অৱস্থাত ভাৰতীয় দলত নিজৰ স্থান সুৰক্ষিত কৰাৰ বাবে কিছু চিন্তা কৰিবলগীয়া হৈছে তাৰকা বেটাৰগৰাকীয়ে। কিন্তু এনে পৰিস্থিতিৰ মাজতো ধাৱানে অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ আশা প্ৰকাশ কৰিছে আৰু বিশ্বকাপৰ বাবে নিজকে শাৰীৰিক আৰু মানসিকভাৱে ফিট কৰি ৰখাৰ চেষ্টা কৰিছে। 

আজি এক সংবাদ মেলত ধাৱানে নিজৰ কেৰিয়াৰক লৈ সুখ প্ৰকাশ কৰে। সংবাদ মেলত নিজ ভাষ্য ৰাখি ধাৱানে কয়, "মই যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ যে মোৰ এক সুন্দৰ কেৰিয়াৰ আছিল। সেয়ে, মই সঁচাকৈয়ে কৃতজ্ঞ। যেতিয়াই সম্ভৱ হয় মই উদীয়মান খেলুৱৈসকলক টিপচ্ দিওঁ। এতিয়া মোৰ ওপৰত নতুন দায়িত্ব আছে, কিন্তু মই প্ৰত্যাহ্বানৰ মাজতো সুযোগ দেখা পাইছো আৰু মই ইয়াক উপভোগ কৰোঁ।"

"বৰ্তমান মোৰ লক্ষ্য হৈছে ২০২৩ চনৰ বিশ্বকাপ। মই কেৱল নিজকে সুস্থ ৰাখিব বিচাৰো আৰু খেল অব্যাহত ৰাখিবল এক ভাল মানসিক অৱস্থাত থাকিব বিচাৰো।"— ধাৱানে লগতে কয়। অৱশ্যে ধাৱানৰ বাবে এই লক্ষ্য পূৰণত যথেষ্ট প্ৰত্যাহ্বান আছে। আৰু যদি ধাৱান এই ক্ষেত্ৰত সফল হয়, তেতিয়া অহা বৰ্ষৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ সৈতে পুনৰ দলৰ ইনিংছ মুকলিৰ দায়িত্ব বহন কৰিব।

উল্লেখ্য যে বৰ্তমানলৈকে ধাৱানে ১৫৮ খন এদিনীয়াত অৱতীৰ্ণ হৈ ৪৫.৯ গড়েৰে ৬,৬৪৭ ৰান সংগ্ৰহ কৰিছে। ধাৱানৰ এই অভিজ্ঞতা ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপৰ বাবে ভাৰতৰ গুৰুত্বপূৰ্ণ শক্তি হ’ব। শেহতীয়াকৈ মূল ছিনিয়ৰ দলত নাথাকিলেও ধাৱানে শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবোৱেত ভাৰতৰ এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাতো পুনৰ এবাৰ এই দায়িত্ব পালন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ