--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে কোনো মন্দিৰৰ পুৰোহিতৰ কথা কওঁতে এজন শান্ত, তিলক লগোৱা, ধূতি পিন্ধা বয়স্ক ব্যক্তিৰ চেহেৰা দুচকুত ভাঁহি উঠে। কিন্তু কেৰেলাৰ এটা মন্দিৰৰ ৩৪ বছৰীয়া পুৰোহিত এগৰাকীয়ে যেন এই ভাবমূর্তি সলনি কৰিছে৷ কেৰেলাৰ কোট্টায়মৰ বাসিন্দা উন্নিকৃষ্ণন ভি এল মনজুৰৰ পুধুক্কুলামগৰা দেৱী মন্দিৰৰ পুৰোহিত। ৰাতিপুৱাৰ পূজা-পাঠ কৰাৰ অন্তত তেওঁ সন্ধিয়া বাইক ৰাইডাৰ হৈ পৰে।

পূজা-পাঠৰ পাছত হেলমেট, জেকেট আৰু জোতা পিন্ধি মন্দিৰৰ ওচৰতে বাইক ষ্টাণ্ট কৰে পুৰোহিতগৰাকীয়ে। আগতে তেওঁৰ এই পৰিৱৰ্তন দেখি আচৰিত হোৱা ভক্ত আৰু স্থানীয় ৰাইজ, এতিয়া অভ্যস্ত হৈ পৰিছে।

২০০৬- ২০০৭ চনৰ ভিতৰত উন্নিকৃষ্ণনে ষ্টাণ্ট ৰাইডিং আৰম্ভ কৰিছিল। ২০১০ চনত কম্পিউটাৰ বিজ্ঞানৰ বি এছ চিৰ পিছত তেওঁ কেম্পাছ নিযুক্তিৰ জৰিয়তে চাকৰি লাভ কৰে। তিনি বছৰৰ মূৰত চাকৰিটো তেওঁ বাদ দিয়ে কাৰণ তেওঁ অনুভৱ কৰিছিল যে সেইটো তেওঁৰ ধৰণৰ কাম নহয়। উন্নিকৃষ্ণনে কয়, "মই উপলব্ধি কৰিলোঁ যে মই কৰ্পৰেট চাকৰি কৰি সুখী হ'ব নোৱাৰো। চাকৰি এৰি উত্তৰাখণ্ড ভ্ৰমণলৈ গ'লোঁ। ৩০ দিনত উত্তৰাখণ্ডত থাকিলোঁ। সেয়া মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট আছিল।"

প্ৰথমতে তেওঁৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্তত তেওঁৰ পৰিয়াল ক্ষুব্ধ হৈছিল যদিও পিছলৈ তেওঁলোকে পুত্ৰৰ ইচ্ছাত সন্মতি প্ৰকাশ কৰে। পাছলৈ তেওঁ পুৰোহিত হৈছিল আৰু একে সময়তে বাইক ৰেচিঙৰ আৱেগ পূৰণ কৰিছিল। উন্নীকৃষ্ণনে বাইক ৰাইডিঙৰ অধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতৰ সকলো ৰেলীত অংশগ্ৰহণ কৰাৰ লক্ষ্য বান্ধি ৰাখিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস