--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে কোনো মন্দিৰৰ পুৰোহিতৰ কথা কওঁতে এজন শান্ত, তিলক লগোৱা, ধূতি পিন্ধা বয়স্ক ব্যক্তিৰ চেহেৰা দুচকুত ভাঁহি উঠে। কিন্তু কেৰেলাৰ এটা মন্দিৰৰ ৩৪ বছৰীয়া পুৰোহিত এগৰাকীয়ে যেন এই ভাবমূর্তি সলনি কৰিছে৷ কেৰেলাৰ কোট্টায়মৰ বাসিন্দা উন্নিকৃষ্ণন ভি এল মনজুৰৰ পুধুক্কুলামগৰা দেৱী মন্দিৰৰ পুৰোহিত। ৰাতিপুৱাৰ পূজা-পাঠ কৰাৰ অন্তত তেওঁ সন্ধিয়া বাইক ৰাইডাৰ হৈ পৰে।

পূজা-পাঠৰ পাছত হেলমেট, জেকেট আৰু জোতা পিন্ধি মন্দিৰৰ ওচৰতে বাইক ষ্টাণ্ট কৰে পুৰোহিতগৰাকীয়ে। আগতে তেওঁৰ এই পৰিৱৰ্তন দেখি আচৰিত হোৱা ভক্ত আৰু স্থানীয় ৰাইজ, এতিয়া অভ্যস্ত হৈ পৰিছে।

২০০৬- ২০০৭ চনৰ ভিতৰত উন্নিকৃষ্ণনে ষ্টাণ্ট ৰাইডিং আৰম্ভ কৰিছিল। ২০১০ চনত কম্পিউটাৰ বিজ্ঞানৰ বি এছ চিৰ পিছত তেওঁ কেম্পাছ নিযুক্তিৰ জৰিয়তে চাকৰি লাভ কৰে। তিনি বছৰৰ মূৰত চাকৰিটো তেওঁ বাদ দিয়ে কাৰণ তেওঁ অনুভৱ কৰিছিল যে সেইটো তেওঁৰ ধৰণৰ কাম নহয়। উন্নিকৃষ্ণনে কয়, "মই উপলব্ধি কৰিলোঁ যে মই কৰ্পৰেট চাকৰি কৰি সুখী হ'ব নোৱাৰো। চাকৰি এৰি উত্তৰাখণ্ড ভ্ৰমণলৈ গ'লোঁ। ৩০ দিনত উত্তৰাখণ্ডত থাকিলোঁ। সেয়া মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট আছিল।"

প্ৰথমতে তেওঁৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্তত তেওঁৰ পৰিয়াল ক্ষুব্ধ হৈছিল যদিও পিছলৈ তেওঁলোকে পুত্ৰৰ ইচ্ছাত সন্মতি প্ৰকাশ কৰে। পাছলৈ তেওঁ পুৰোহিত হৈছিল আৰু একে সময়তে বাইক ৰেচিঙৰ আৱেগ পূৰণ কৰিছিল। উন্নীকৃষ্ণনে বাইক ৰাইডিঙৰ অধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতৰ সকলো ৰেলীত অংশগ্ৰহণ কৰাৰ লক্ষ্য বান্ধি ৰাখিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ